ঢকুৱাখনাত চোৰাং বনজ সম্পদৰ মুকলি বেহা...

মাতমৰা-ঢকুৱাখনা লোকনিৰ্মাণ পথেৰে এখন গাড়ীৰে সৰবৰাহ কৰি আনিছিল বৃহৎ পৰিমাণৰ চোৰাং বনজ সম্পদ। ঢকুৱাখনা অভিমুখে আনি থকা বৃহৎ পৰিমাণৰ চোৰাং কাঠ যুক্ত এই টাটা মেজিকখনৰ চালক গৰাকীক এই সন্দৰ্ভত প্ৰশ্ন কৰাত ঢকুৱাখনা বন বিভাগৰ সহযোগিতা থকাৰ কথা পোহৰলৈ আহে।

author-image
Asomiya Pratidin
New Update
hghghg

ডিজিটেল সংবাদ,ঢকুৱাখনা: এহাতে ৰাজ্যজুৰি গছপুলি ৰোপণৰ চৰকাৰী তৎপৰতা, অন্যহাতে একাংশ চৰকাৰী বেতনভোগীৰ পৃষ্ঠপোষকতাত সীমাহীন বনজ সম্পদৰ ধ্বংস যজ্ঞ। পৰিণতিত অশ্বডিম্বলৈ পতিত প্ৰকৃতি সুৰক্ষাগত ৰজাঘৰীয়া পদক্ষেপ। ঢকুৱাখনাৰ সমজিলাৰ অন্তৰ্গত বিভিন্ন অঞ্চলত এতিয়া বনজ সম্পদৰ মুকলি ধ্বংস যজ্ঞ চলিছে ।

Advertisment

হকে বিহকে বনজ সম্পদ চোৰাং ভাবে কাটি ফালি মুকলি ভাবেই সৰবৰাহ কিম্বা বিক্ৰী কৰা এটা অশুভ চক্ৰই বিগত কেইটামান দিনৰ পৰা ভয়াবহ ৰূপত গা কৰি উঠিছে। এনেবোৰ প্ৰকৃতিদ্ৰোহীয়ে হাতে হাতে অত্যাধুনিক গছ কটা মেচিন লৈ গ্ৰামাঞ্চল আৰু বন ভূমিত প্ৰৱেশ কৰি অবিৰত হাৰত পৈণত অপৈণত গছ কাটি বিক্ৰী কৰি  মুনাফা অর্জন কৰি আহিছে ।

শেহতীয়া ভাবে একাংশ পকী গৃহ নিৰ্মাতা আৰু অন্য গ্ৰাহকক এনে চোৰাং বনজ সম্পদৰ যোগান ধৰাৰ এক চক্ৰৰ দুষ্কাৰ্য  সাংবাদিকৰ অভিযানত পোহৰলৈ আহিছে । বৃহস্পতিবাৰে সন্ধিয়া মাতমৰা-ঢকুৱাখনা লোকনিৰ্মাণ পথেৰে এখন গাড়ীৰে সৰবৰাহ কৰি আনিছিল বৃহৎ পৰিমাণৰ চোৰাং বনজ সম্পদ। ঢকুৱাখনা অভিমুখে আনি থকা বৃহৎ পৰিমাণৰ চোৰাং কাঠ যুক্ত এই টাটা মেজিকখনৰ চালক গৰাকীক এই সন্দৰ্ভত প্ৰশ্ন কৰাত ঢকুৱাখনা বন বিভাগৰ সহযোগিতা থকাৰ কথা পোহৰলৈ আহে।

গ্ৰাহকৰ চাহিদা অনুসৰি এনেদৰে বনজ সম্পদ ঘৰত যোগান ধৰাৰ লগতে কাঠৰ মিলতো যোগান ধৰা বুলি কৈ বাহনৰ চালকে ইয়াৰ বিপৰীতে বন বিভাগৰ সৈতে বুজাপৰা থকা বুলি  প্ৰকাশ কৰে। উল্লেখযোগ্য যে চিচি টেকেলিফুটা মথাউৰী পথৰ লগতে সমজিলাখনৰ ভিন্ন প্ৰান্তত বন বিভাগৰ আশীৰ্বাদ লভি এনেদৰেই চোৰাং বনজ সম্পদৰ মুকলি সৰবৰাহ চলে।

 ৰহস্যজনক কাৰণত ঢকুৱাখনা বন বিভাগৰ বিষয়া কৰবী হাজৰিকা আৰু অন্যান্য বেতনভোগী সকলৰ মৰটোপনি নাভাগে। বিপৰীতে এনেবোৰ শীর্ষ বেতনভোগীয়ে সমজিলাখনৰ ভিন্ন প্ৰান্তত শিল বালি মজুত ৰাখি ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায় কৰি থকা থলুৱা নিবনুৱা সকলক কাৰ্য্যালয়লৈ মাতি বুজাবুজি কৰিবলৈ তৎপৰতা প্ৰদৰ্শন সঠিক ভাবেই কৰে।

ঢকুৱাখনা