ঢকুৱাখনাত অগ্নিকাণ্ডঃ ভস্মীভূত হ'ল জাতিষ্কাৰ ষ্টৰ

গঞাই ওচৰতে মজুত থকা বালি পানী মাৰি নিৰন্তৰ চেষ্টা চলোৱাৰ সমান্তৰাল ভাৱে অগ্নি নিৰ্বাপক বাহিনীৰ ঢকুৱাখনা কাৰ্যালয়ত যোগাযোগ কৰে। কিন্তু বিভাগে ফোন নধৰাত গঞা আহি কাৰ্য্যালয়ত উপস্থিত হৈ ঘটনা সন্দৰ্ভত অভিযোগ দিয়ে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ, ঢকুৱাখনা:   ঢকুৱাখনাৰ এখন প্ৰতিষ্ঠিত ব্যৱসায়িক প্ৰতিষ্ঠান নিশ্চিহ্ন হ'ল অগ্নিকাণ্ডত। বুধবাৰে পুৱতি নিশা ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত ১নং বানতৌ গাঁওৰ জাতিষ্কাৰ ষ্টৰত সংঘটিত অগ্নিকাণ্ডত ভস্মীভূত হ'ল সমস্ত গৃহ আৰু সামগ্ৰী ।

Advertisment

ঘটনাৰ বিবৰণী মতে, পুৱতি নিশা প্ৰায় ৩ বজাত বানতৌ গাঁওৰ এইখন প্ৰতিষ্ঠিত ব্যৱসায়িক প্ৰতিষ্ঠান জুইৰ লেলিহান শিখাই আৱৰি ধৰা দৃষ্টিগোচৰ হয় গঞাৰ। তৎক্ষণাত নাতি দূৰৈত থকা স্বত্বাধিকাৰী আৰু ৰাইজক অৱগত কৰাত ৰাইজ আহি অগ্নি নিৰ্বাপনৰ চেষ্টা চলায়।

ন্তু বিভাগে ফোন নধৰাত গঞা আহি কাৰ্য্যালয়ত উপস্থিত হৈ ঘটনা সন্দৰ্ভত অভিযোগ দিয়ে।

কাণ্ডজ্ঞানহীন বিভাগটোৰ দায়িত্ব প্ৰাপ্ত অকমন্য ভাৰপ্ৰাপ্ত বিষয়া গৰাকীৰ লগতে নিয়োজিত কৰ্মী সকলে ঘটনাস্থলীলৈ যোৱাৰ পৰিবৰ্তে অন্য স্থানলৈ গৈ চৰম বেপৰোৱামী প্ৰদৰ্শন কৰে। বিভাগটোৰ এনে লৰা ধেমালি প্ৰত্যক্ষ কৰি ৰাইজে নিজাববীয়া প্ৰচেষ্টা চলাই জুই নিৰ্বাপন কৰাৰ পাছত বিভাগতো ঘটনাস্থলীত বহু পলমকৈ উপস্থিত হয় বুলি স্থানীয় ৰাইজে সংবাদ মাধ্যমৰ আগত অভিযোগ তোলে ।

ৰাইজে এনে এটা জৰুৰীকালীন সমস্যাৰ সৈতে নির্লজ খেলা কৰা বিভাগটোৰ মুৰব্বী আৰু কৰ্মচাৰী সকলক ককৰ্থনা কৰে। এনে নিষ্কর্মা, দায়িত্বহীন বিভাগৰ প্ৰয়োজনীয়তা নাই বুলিও দোহাৰে ৰাইজে । তাৰোপৰি এই সন্দৰ্ভত লখিমপুৰ জিলা জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ এক নিৰপেক্ষ তদন্তৰ দাবী জনায়।

ইপিনে বিভাগৰ এনে কাণ্ডজ্ঞানহীনতাৰ বাবেই নিত্য ব্যৱহার্য সামগ্ৰীৰ উপৰিও অন্যান্য সামগ্ৰীৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান জাতিষ্কাৰ ষ্টৰৰ প্ৰায় ৩৫ লক্ষাধিক মূল্যৰ সম্পত্তি জুইত জাহ যায়। ৰাইজে জনোৱা মতে প্ৰায় ২ কিলোমিটাৰ নিলগতে থকা অগ্নিনিৰ্বাপক বাহিনী ক্ষীপ্ৰতাৰে অহা হলে বিস্তৰ ক্ষয় ক্ষতিৰ পৰা পৰিত্ৰাণ পালেহেতেন দুৰ্ভগীয়া স্বত্বাধিকাৰী ৰাতুল গগৈয়ে।

উল্লেখযোগ্য যে, ৰাইজৰ ঐক্যবদ্ধ  প্ৰচেষ্টাৰে জুই নিৰ্বাপন নকৰা হ'লে ঘন জনবসতিপূৰ্ণ এলেকাটোৰ বিস্তৰ ক্ষয় ক্ষতি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছিল। অগ্নিকাণ্ডৰ কাৰণ অদ্যপি পোহৰলৈ অহা নাই। ৰাইজে কষ্ট সহিষ্ণু স্বত্বাধিকাৰী ৰাতুল গগৈক চৰকাৰ প্ৰশাসনৰ তৰফৰ পৰা এক কালীন অৰ্থ সাহাৰ্য্য প্ৰদানৰ দাবী জনাইছে।

ঢকুৱাখনা