/asomiyapratidin/media/media_files/2025/01/12/CoV9ZeuBQQUwwymIQgKG.jpg)
ডিজিটেল সংবাদ,ঢকুৱাখনা: ভোগৰ উৎসৱ ভোগালী অসমীয়াৰ পদূলি মুখত। ভোগালীৰ বতৰত ঘৰে ঘৰে ভিন্ন স্বাদৰ পিঠা পনা, জা জলপানৰ আয়োজন চলিছে। কিন্তু এনে সময়তে ঢকুৱাখনাৰ একাংশ মুনাফালোভী বেপাৰীয়ে গাঁৱে-ভূঞে নিষিদ্ধ চুলাই ব্যাপক হাৰত প্ৰস্তুত কৰাত নামি পৰিছে।
ঢকুৱাখনা আবকাৰী চক্ৰৰ নিৰন্তৰ চুলাই বিৰোধী অভিযান আৰু চুলাই ভাটী উচ্ছেদৰ পাছতো কেৰেপ নকৰা এনে একাংশ সমাজবিৰোধী চক্ৰৰ বিৰুদ্ধে সতৰ্ক হৈ উঠিছে। বিহুৰ বতৰত পুনৰ দেওবাৰে এসেকা দিলে ঢকুৱাখনা আবকাৰী বিভাগে। সামাজিক বিষবাষ্প স্বৰূপ এনেবোৰ নিষিদ্ধ আৰু অবৈধ চুলাই প্ৰস্তুত কৰা ব্যক্তিৰ ঘৰে ঘৰে সোমাই দেওবাৰে উচ্ছেদ অভিযান চলাই।
ঢকুৱাখনা আবকাৰী চক্ৰৰ চক্ৰ পৰিদৰ্শক পৰাগ চেতিয়াৰ নেতৃত্বত দেওবাৰে ঢকুৱাখনাৰ বিভিন্ন গ্ৰামাঞ্চলত চলোৱা হয় এই উচ্ছেদ অভিযান। ঢকুৱাখনা সদৰ থানাৰ আৰক্ষীৰ সহযোগত আবকাৰী বিভাগে জামুগুৰি,মাল'বাৰী, কুকুৰাযুঁজা, বাঘে ঢাপলিয়াল, কঢ়ানদী এলেকা,ছৈগুৰি, বৰটেঙানি আদি গাঁৱত অভিযান চলাই।
ঘৰে ঘৰে সোমাই দলটোৱে ঘৰ-বাৰীৰ গোপন এলেকাত মজুত ৰখা প্ৰায় ২৮০ লিটাৰ চুলাই প্ৰস্তুত কৰা পাচ আৰু ১৫ লিটাৰ চুলাই আৰু বহু সংখ্যক চুলাই প্ৰস্তুত কৰা সামগ্ৰী জব্দ কৰি বিনষ্ট কৰে। আবকাৰী বিভাগৰ দলটোৱে নাও লৈ,খোজেৰে গৈ এনেবোৰ অবৈধ ভাটী উচ্ছেদ কৰিবলৈ সক্ষম হয়। দলটোৱে অনাগত সময়ত এই অভিযান অব্যাহত ৰাখিব বুলি কৈ এই নিষিদ্ধ বেহা বন্ধ কৰিবলৈ সকীয়াই দিয়ে।