ঢকুৱাখনাত নিৰ্বাচনী আচৰণ বিধি ভংগৰ অভিযোগ: গামোচা বিতৰণ শিক্ষা বিভাগৰ

পঞ্চায়ত নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ ৰাজ্যৰ লগতে সমজিলাখনতো নিৰ্বাচনী আচৰণ বিধি বলবৎ হৈ থকাৰ সময়তে দেওবাৰে নিৰ্বাচনী আচৰণ বিধি উলংঘাৰ এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ।

author-image
Asomiya Pratidin
New Update
as

ডিজিটেল সংবাদ,ঢকুৱাখনা: ৰাজ্যত অব্যাহত পঞ্চায়ত নিৰ্বাচন কেন্দ্ৰীক ব্যাপক তৎপৰতা। লখিমপুৰ জিলাৰ ঢকুৱাখনা সমজিলাতো পঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন সংগ্ৰহৰ পাছত সমজিলা প্ৰশাসন ব্যস্ত আছে নিৰ্বাচনী আয়োগৰ নীতি নিৰ্দেশনা অনুসৰি বিধিগত প্ৰক্ৰিয়া সম্পন্ন কৰাত। পঞ্চায়ত নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ ৰাজ্যৰ লগতে সমজিলাখনতো নিৰ্বাচনী আচৰণ বিধি বলবৎ হৈ থকাৰ সময়তে দেওবাৰে নিৰ্বাচনী আচৰণ বিধি উলংঘাৰ এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ।

Advertisment

সমজিলাখনৰ ঢকুৱাখনা আৰু সোৱণশিৰী ৰাজহ চক্ৰৰ অন্তৰ্গত একাংশ সচেতন ৰাইজ আৰু সংগঠনে অভিযোগ কৰা মতে ঢকুৱাখনা আৰু ঘিলামৰাৰ বৰদলনী শিক্ষা খণ্ডৰ অন্তৰ্গত বিদ্যালয় সমূহৰ মধ্যাহ্ন ভোজনৰ কৰ্মী সকলক ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ৰাজহুৱা ভাবে প্ৰদান কৰা হৈছে ৰঙালী বিহুৰ উপহাৰ গামোচা।

খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্য্যালয় দুটাৰ জৰিয়তে খণ্ড দুটাৰ মধ্যাহ্ন ভোজন কৰ্মী সকলক নিৰ্দিষ্ট স্থানলৈ মাতি আনি মুকলিকৈ গাইপতি প্ৰদান কৰা হয় মুখ্যমন্ত্ৰী প্ৰেৰিত গামোচা যুক্ত উপহাৰ টোপোলা। সংগৃহীত তথ্য মতে শিক্ষা খণ্ড দুটাৰ সংশ্লিষ্ট চি আৰ চি চি আৰু বিদ্যালয় সমূহৰ প্ৰধান শিক্ষক সকলৰ জৰিয়তে ৰন্ধন কৰ্মী সকলক মাতি হাতত গুজি দিয়া হৈছে উপহাৰ টোপোলা ।

খণ্ডদুটাৰ গৰিষ্ঠ সংখ্যক ৰন্ধন কৰ্মীক নীতি বৰ্হিভূত ভাবে এনেদৰে নিৰ্বাচনৰ পূৰ্বে উপহাৰ দিয়া কাৰ্যই নিৰ্বাচনী আচৰণ বিধি ভংগ কৰাৰো গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। প্ৰাপ্ত খবৰ অনুসৰি লখিমপুৰ জিলা শিক্ষা বিভাগলৈ শনিবাৰে অহা বৃহৎ পৰিমাণৰ উপহাৰৰ গামোচা নিশাই সংশ্লিষ্ট শিক্ষা খণ্ড সমূহলৈ প্ৰেৰণ কৰা হয় ।

পৰৱৰ্তী সময়ত ঢকুৱাখনা সমজিলাৰ শিক্ষা খণ্ড দুটাই গুগল মিট কৰি সংশ্লিষ্ট চি আৰ চি চি সকলক নিজ নিজ ক্লাষ্টাৰৰ বিদ্যালয় সমূহৰ প্ৰধান সকলক উক্ত গামোচা হস্তান্তৰ কৰি দেওবাৰৰ ভিতৰত ৰন্ধন কৰ্মী সকলক প্ৰদানৰ নিৰ্দেশ দিয়ে। সেই অনুসৰি দেওবাৰে শিক্ষা খণ্ড দুটাৰ সংশ্লিষ্ট শিক্ষা কৰ্মচাৰী সকলে মুকলিকৈ এই সমূহ উপহাৰ ঢকুৱাখনা আৰু ঘিলামৰাত প্ৰদান কৰে।

ঢকুৱাখনা শিক্ষা খণ্ডৰ অন্তৰ্গত অন্যান্য স্থানৰ লগতে ৩১ নং কপহুৱা প্ৰাথমিক বিদ্যালয়তো দেওবাৰে বহু সংখ্যক মধ্যাহ্ন ভোজন কৰ্মীক মাতি নি এই উপহাৰ টোপোলা বিতৰণ কৰা হয়। নিৰ্বাচনী আয়োগৰ কঠোৰ নিৰ্বাচনী আচৰণ বিধি কাৰ্যকৰী হৈ থকা অৱস্থাত এনেদৰে চৰকাৰী পক্ষই উপহাৰ সামগ্রী বিতৰণ কৰি মধ্যাহ্ন ভোজন কৰ্মী সকলক প্ৰলোভিত কৰাৰ চেষ্টা চলোৱা বুলিও ৰাজনৈতিক মহলত চর্চা চলিছে।

এইক্ষেত্ৰত ঢকুৱাখনা সমজিলা প্ৰশাসন আৰু ৰাজ্যিক নিৰ্বাচনী আয়োগ প্ৰেৰিত নিৰ্বাচনী পৰ্যবেক্ষকৰ হস্তক্ষেপ আৰু পৰ্যবেক্ষণ দাবী কৰিছে দল সংগঠনে। বিৰোধী ৰাজনৈতিক দল সমূহেও এনে নিৰ্বাচনী আচৰণ বিধি ভংগ কৰি সামগ্ৰী বিতৰণ কৰা কাৰ্যৰ বিৰুদ্ধে সোচ্চাৰ হৈ ৰাজ্যিক নিৰ্বাচনী আয়ুক্তলৈ অভিযোগ প্ৰেৰণ কৰাৰ সিদ্ধান্ত ব্যক্ত কৰিছে।

ঢকুৱাখনা সমজিলা প্ৰশাসন আৰু পৰ্যবেক্ষকৰ নিৰপেক্ষ ভূমিকাকলৈ সন্দেহ ব্যক্ত কৰি দল সংগঠনসমূহে তৎকালীনভাবে এনে বিতৰণ কাৰ্য বন্ধ কৰাৰ দাবী জনাইছে। ইপিনে তদানীন্তন মহকুমাধিপতি হিচাবে কাৰ্যনিৰ্বাহ কৰি থকা অৱস্থাত ঘিলামৰাৰ এজন বিজেপি নেতাৰ প্ৰিন্টিং প্ৰেছত বেলট পেপাৰ ছপা কৰি তুমুল বিতৰ্কৰ সূত্ৰপাত ঘটোৱা অৰিন্দম বৰুৱাক পুনৰ সমজিলাখনৰ পৰ্যবেক্ষক নিযুক্তি দিয়াত সমাগত নিৰ্বাচন নির্ভুল,নিৰপেক্ষ আৰু ক্ৰুটি মুক্ত স্বচ্ছ হবনে নাই সন্দেহ প্ৰকাশ কৰিছে ঢকুৱাখনা আৰু ঘিলামৰা ব্লক কংগ্ৰেছ সমিতি আৰু সাধাৰণ ৰাইজে।

পূৰ্বৰ নিৰ্বাচন কালৰ তিক্ত অভিজ্ঞতা যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে সতৰ্ক হবলৈ কংগ্ৰেছ দলৰ মুখপাত্ৰ ড০ সুৰজিত দলেয়ে সকীয়াই দি এই নিযুক্তিৰ অন্তৰালত ৰাজনৈতিক চক্ৰান্ত নিৰ্হিত থকা বুলি কৈ আগত নিৰ্বাচনৰ কালত সতৰ্ক দৃষ্টি ৰাখিব বুলি দলেযে মন্তব্য কৰিছে।

লখিমপুৰ