৩ কোটি ৪৪ লাখ ব্যয় সাপেক্ষে ঢকুৱাখনাত পকীনলা নিৰ্মাণ আঁচনিৰ আধাৰশিলা

এক মাংগলিক কাৰ্যসূচীৰে শুভাৰম্ভ কৰা হয় এই সময়োপযোগী আঁচনি।  ঢকুৱাখনাৰ বিধায়ক নৱ দলেয়ে ঢকুৱাখনা সদৰত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই আঁচনিৰ আধাৰশিলা স্থাপন কৰে।

author-image
Asomiya Pratidin
New Update
1dhakuakhana

ডিজিটেল সংবাদ,ঢকুৱাখনা: ঢকুৱাখনা পৌৰ সভাৰ বৃহত্তৰ এলেকা এক অভিলাসী আঁচনিৰে আৱৰি ল'ব। পৌৰ সভাৰ এলেকাত উদ্ভৱ হোৱা কৃত্ৰিম বান আৰু আৱৰ্জনা নিষ্কাশনৰ লক্ষ্যৰে এই আঁচনি গ্ৰহণ কৰিছে ঢকুৱাখনা পৌৰ সভাই। সোমবাৰে দুপৰীয়া এক মাংগলিক কাৰ্যসূচীৰে শুভাৰম্ভ কৰা হয় এই সময়োপযোগী আঁচনি। 

ঢকুৱাখনাৰ বিধায়ক নৱ দলেয়ে ঢকুৱাখনা সদৰত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই আঁচনিৰ আধাৰশিলা স্থাপন কৰে। পৌৰ উন্নয়ন দপ্তৰৰ আন্তঃগাঁঠনি উন্নয়ন শিতানৰ প্ৰায় ৩ কোটি ৪৪ লাখ টকা ব্যয় সাপেক্ষে এই নলা নিৰ্মান আঁচনিৰ আধাৰশিলা স্থাপন অনুষ্ঠানত উপস্থিত থাকে পৌৰ সভাৰ পৌৰপতি ৰাজীৱ দাস , মুখ্য কাৰ্যবাহী বিষয়া প্ৰয়াগ বৈশ্য , বিশিষ্ট নাগৰিক চিত্ৰ ৰঞ্জন দাস।

লগতে উপস্থিত থাকে পৌৰ সভাৰ ৱাৰ্ড কমিচনৰ ক্ৰমে টিলেন দাস ,মাণিক বৰুৱা ,উপ পৌৰপতি চন্দ্ৰমা গগৈৰ লগতে গৰিষ্ঠ সংখ্যক নাগৰিক আৰু দলীয় নেতৃত্ব ক্ৰমে স্বৰূপ কোঁৱৰ, সুনীল দলে, পশ্চিম ঢকুৱাখনা জিলা পৰিষদৰ নব নিৰ্বাচিত সদস্য ছোনিয়া বৰগোঁহাই, ৰাজ্যিক বিজেপিৰ সদস্য বসন্ত শইকীয়া, মুকুল গগৈ,মণিকা পাতিৰ আদি।

শান্তনু গগৈয়ে  আঁত ধৰা আধাৰশিলা অনুষ্ঠানত এই আঁচনিয়ে পৌৰসভাৰ অন্তৰ্গত ১০, ৫ ,৪ আৰু ৬ নং ৱাৰ্ড সামৰি ল'ব বুলি ভাষণ প্ৰসংগত উল্লেখ কৰে বিধায়ক নৱ দলেয়ে। সভাত পৌৰ সভাৰ কাৰ্যবাহী সদস্য বৈশ্য ,পৌৰপতি দাসেও বক্তব্য আগবঢ়াই আঁচনিখনৰ সফল ৰূপায়নত নাগৰিকৰ সহযোগিতা কামনা কৰে ।

ঢকুৱাখনা