/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/68962a70-6770-45ad-a325-bf322fd0fa13/nm.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা: ঢকুৱাখনা বিদ্যায়তনিক ক্ষেত্ৰখনৰ এগৰাকী একনিষ্ঠ শিক্ষাব্রতী ব্যক্তি , ঢকুৱাখনা চৰকাৰী মজলীয়া বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত সহকাৰী শিক্ষক ,ধৰ্মপ্ৰাণ ব্যক্তি দেৱ গগৈৰ সোমবাৰে পৰলোক প্ৰাপ্তি ঘটে । ঢকুৱাখনা নগৰৰ বৰপাত্ৰ গাঁৱৰ বাসিন্দা প্ৰায় ৭২ বছৰীয়া গগৈ কিছুদিন ধৰি ৰোগাক্ৰান্ত হৈ স্বগৃহত চিকিৎসাধীন হৈ আছিল ।
সোমবাৰে দুপৰীয়া শয্যাশায়ী গগৈৰ স্বাস্থ্যৰ অৱনতি ঘটি বিয়লি ৩ বজাত শেষ নিশ্বাস ত্যাগ কৰে। ঢকুৱাখনা চৰকাৰী মজলীয়া বিদ্যালয়ত সহকাৰী শিক্ষক হিচাবে যোগদান কৰি গুণগত শিক্ষা প্ৰসাৰণত আত্মনিয়োগেৰে অৱসৰ গ্ৰহণ কৰা মিষ্টভাষী গগৈয়ে অঞ্চলটোৰ বিভিন্ন সামাজিক অনুষ্ঠানৰ সতে আমৃত্যু জড়িত আছিল।
পত্নী মঞ্জু গগৈ ৩ গৰাকী কন্যা আৰু অজস্ৰ গুণ মুগ্ধ আৰু ইষ্ট কুটুম্বক ইস সংসাৰত এৰি যোৱা গুৰু গম্ভীৰ ব্যক্তিত্বৰ অধিকাৰী গগৈৰ বিয়োগত শোকৰ ছাঁ পৰিছে ঢকুৱাখনা নগৰত।
প্ৰবীণ শিক্ষাবিদ গৰাকীৰ বিয়োগত ঢকুৱাখনা চৰকাৰী মজলীয়া বিদ্যালয় পৰিয়াল , ঢকুৱাখনা জ্যেষ্ঠ নাগৰিক সন্মিলন , ঢকুৱাখনা জিলা কৰ্মচাৰী পৰিষদকে ধৰি বিভিন্ন সামাজিক সংগঠনে শোক প্ৰকাশ কৰিছে আৰু বিদেহ আত্মাৰ স্বৰ্গ সুখ প্ৰাপ্তি কামনা কৰি শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us