ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত পুনৰ উজ্বলিল ঢকুৱাখনা মহাবিদ্যালয় (স্বায়ত্ব শাসিত)

উত্তৰ অসমৰ শৈক্ষিক জগতৰ এক সমুজ্জ্বল প্ৰতিষ্ঠান ঢকুৱাখনা মহাবিদ্যালয়। ঢকুৱাখনা সমজিলাৰ অন্তৰ্গত এইখন উচ্চ শিক্ষানুষ্ঠান ঢকুৱাখনা মহাবিদ্যালয়ে পুনৰবাৰ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত নক্ষত্ৰ হৈ স্বগৰিমাৰে উজ্বলি উঠিবলৈ সক্ষম হৈছে । 

author-image
Asomiya Pratidin
New Update
rere

ডিজিটেল সংবাদ, ঢকুৱাখনা: উত্তৰ অসমৰ শৈক্ষিক জগতৰ এক সমুজ্জ্বল প্ৰতিষ্ঠান ঢকুৱাখনা মহাবিদ্যালয়। ঢকুৱাখনা সমজিলাৰ অন্তৰ্গত এইখন উচ্চ শিক্ষানুষ্ঠান ঢকুৱাখনা মহাবিদ্যালয়ে পুনৰবাৰ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত এক নক্ষত্ৰ হৈ স্বগৰিমাৰে উজ্বলি উঠিবলৈ সক্ষম হৈছে । 

Advertisment

দেশৰ আগশাৰীৰ স্বকীয় সংস্থা 'ইণ্ডিয়া টুডে'য়ে  ভাৰতবর্ষৰ উচ্চ শিক্ষানুষ্ঠানসমূহৰ মাজত চলাইছিল শৈক্ষিক গুণ মানদণ্ডৰ সন্দৰ্ভত এক গৱেষণালব্ধ সমীক্ষা। ভাৰতবৰ্ষৰ আগশাৰীৰ মহাবিদ্যালয় সমূহৰ বিদ্যায়তনিক ক্ষেত্ৰৰ পৰা আৰম্ভ কৰি সকলো দিশক উপজীব্য কৰি চলোৱা দীৰ্ঘদিনীয়া নিখুঁত সমীক্ষাৰ ফলাফল শনিবাৰে ঘোষণা হৈছে। সেই অনুসৰি  ২০২৫ বৰ্ষত ঢকুৱাখনা মহাবিদ্যালয়ে (স্বায়ত্ব শাসিত) সমগ্ৰ ভাৰতবর্ষৰ মহাবিদ্যালয়খনৰ সমূহৰ ভিতৰত কলা শাখাত ১৩৯ সংখ্যক স্থান আৰু অসমৰ ভিতৰত চতুৰ্থ স্থান অধিকাৰ কৰি উদ্ভাসিত হবলৈ সক্ষম হৈছে। 

WhatsApp Image 2025-06-29 at 2.15.50 PM

সমান্তৰালকৈ মহাবিদ্যালয়খনে বিজ্ঞান শাখাত ৰাষ্ট্ৰীয় পর্যায়ত ১৭৯ সংখ্যক স্থান আৰু ৰাজ্যিক স্তৰত চতুর্থ স্থান দখল কৰি ইতিহাস ৰচনা কৰিবলৈ সমৰ্থ হৈছে। উল্লেখযোগ্য যে, মহাবিদ্যালয়খনে ইতিমধ্যে ২০২৩ বৰ্ষৰ 'NAAC'ৰ পৰিদৰ্শনত সন্মানীয় A গ্রে'ড লাভ কৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ লগতে উত্তৰ অসমৰ শৈক্ষিক ক্ষেত্ৰত উজ্বলি উঠিবলৈ সক্ষম হৈছে। ইতিমধ্যে স্বায়ত্ত্ব শাসনৰ মর্যাদাৰে বিভূষিত ঢকুৱাখনা মহাবিদ্যালযে চলিত শিক্ষাবৰ্ষৰ পৰা NCTEৰ অধীনত সংহত শিক্ষক শিক্ষণ পাঠ্যক্রম (ITEP) আৰু অসমীয়া, ৰাজনীতি বিজ্ঞান তথা গণিত বিষয়ত নিয়মীয়া স্নাতকোত্তৰ ডিগ্রীৰ পাঠ্যক্ৰমো আৰম্ভ কৰিছে। 

২

কেৱল শৈক্ষিক জগতৰে সম্পৃক্ত নহৈ বৌদ্ধিক, সামাজিক, সাংস্কৃতিক সকলো দিশতে অগ্রণী আৰু জনদায়বদ্ধ ভূমিকা গ্রহণ কৰি অহা ঢকুৱাখনা মহাবিদ্যালয় আৰু পৰিয়ালে বিদ্যাৰ্থী সকলক গুণগত আনুষ্ঠানিক শিক্ষা প্রদানৰ সমান্তৰালভাৱে কৌশলমুখী জ্ঞান প্ৰজ্ঞাৰ মাৰ্গ দর্শনেৰে শিক্ষাৰ্থী সকলক উদ্বুদ্ধ কৰাৰো নিৰলস প্রয়াস অব্যাহত ৰাখি আহিছে।

স্মৰ্তব্য যে, উচ্চশিক্ষানুষ্ঠানৰ শৈক্ষিক পাৰদৰ্শিতা, শিক্ষার্থীৰ সৰ্বোন্নত ফলাফল আৰু আত্মসংস্থাপন, আন্তঃগাঁথনিগত উন্নয়ন, গৱেষণাত্মক দক্ষতা ইত্যাদি কেইবাটাও দিশক আধাৰ কৰি সম্পন্ন হোৱা "ইণ্ডিয়া টুডে"ৰ সমীক্ষাত যোৱাটো বৰ্ষতো মহাবিদ্যালয়খনে ঈর্ষণীয় সাফল্য আজুৰি আনিবলৈ সক্ষম হৈছিল । ২০২৫ বর্ষত প্ৰাণ প্ৰতিষ্ঠাৰ  গৌৰৱোজ্জ্বল হীৰক জয়ন্তী বৰ্ষত পদাৰ্পন কৰা এই মহাবিদ্যালয়খনে শিক্ষক, শিক্ষাৰ্থী, কর্মচাৰী, অভিভাৱক আৰু শুভাকাংক্ষীৰ সহযোগত এক মজবুত পৰিয়ালৰ বুনিয়াদ গঢ়ি অনাগত সময়তো এনে উৎকৃষ্ট সন্মান অর্জনৰ ধাৰাবাহিকতা অব্যাহত ৰখাৰ বাবে যত্নপৰ হোৱাৰ আহ্বান জনাইছে ঢকুৱাখনাৰ শিক্ষাসদী সমাজে।

মহাবিদ্যালয়ৰ আৰ্জিত সাফল্যত অধ্যক্ষ ড° যোগানন্দ সূতে মহাবিদ্যালয়ৰ ইস্পিত গৰিমাৰে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত পুনৰবাৰ ভোটাতৰা হৈ জিলিকিবলৈ সমৰ্থ হোৱাৰ বাবে মহাবিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী, শিক্ষাৰ্থীকে ধৰি সমগ্ৰ পৰিয়াল, শুভানুধ্যায়ী সমাজৰ অৱদান অনস্বীকাৰ্য বুলি কৈ এনে অতুল্য ৰাষ্ট্ৰীয় স্বীকৃতিয়ে অধিক আত্মোস্বৰ্গী হৈ সেৱা আগবঢ়োৱাৰ বাবে অফুৰন্ত কৰ্ম প্ৰেৰণা যোগাই বুলি মন্তব্য কৰে। মহাবিদ্যালয়খনৰ এই স্বীকৃতিৰ সতে জড়িত প্ৰতিগৰাকী শিক্ষক, শিক্ষাৰ্থী, কৰ্মচাৰীৰ ত্যাগক কৃতজ্ঞতা জ্ঞাপন কৰি সমগ্ৰ মহাবিদ্যালয় পৰিয়াললৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক জ্ঞানদীপ বৰা আৰু ঢকুৱাখনা আঞ্চলিক ছাত্ৰ সন্থাই।

ঢকুৱাখনা ঢকুৱাখনা মহাবিদ্যালয়