শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ত নাক নতুন মূল্যায়ন আৰু স্বীকৃতি প্ৰক্ৰিয়া সন্দৰ্ভত কৰ্মশালা

ধবাৰে  শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত  মহাবিদ্যালয়খনৰ আই কিউ এ চি (IQAC), বিভাগৰ সহযোগত নতুন মূল্যায়ন আৰু স্বীকৃতি প্ৰক্ৰিয়াৰ সন্দৰ্ভত এখনি  গুৰুত্বপূৰ্ণ কৰ্মশালা অনুষ্ঠিত হয় ৷

author-image
Asomiya Pratidin
New Update
ddadee

ডিজিটেল সংবাদ,ঢকুৱাখনা:  ঢকুৱাখনা শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়খনে ১৯৯৮ চনতে প্রতিষ্ঠা লাভৰ পাছত গৌৰৱ উজ্জ্বল ৰূপালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰি গুণগত মানৱ সম্পদ সৃষ্টি কৰিবলৈ সক্ষম হৈ আহিছে। বিগত সুদীর্ঘ কালীন সফল বিদ্যায়তনিক যাত্ৰা পথৰ পৰৱৰ্তী সময়ত  মহাবিদ্যালয়খন সম্প্ৰতি "নাক" (NAAC)ৰ মূল্যায়নৰ  বাবে সাজু হৈছে ৷

Advertisment

ৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্ৰত্যায়ন পৰিষদ চমুকৈ "নাক" (NAAC)ৰ মূল্যায়নৰ  এই প্ৰস্তুতি পৰ্বৰ সৈতে সংগতি ৰাখি বুধবাৰে  শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত  মহাবিদ্যালয়খনৰ আই কিউ এ চি (IQAC), বিভাগৰ সহযোগত নতুন মূল্যায়ন আৰু স্বীকৃতি প্ৰক্ৰিয়াৰ সন্দৰ্ভত এখনি  গুৰুত্বপূৰ্ণ কৰ্মশালা অনুষ্ঠিত হয় ৷

শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয় অধ্যক্ষ ড° প্ৰদীপ চন্দ্ৰ বৰাই আঁত ধৰা কৰ্মশালাখনিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ অধ্যাপক ড° যোগেন চন্দ্ৰ কলিতাই "নাক"ৰ সংশোধিত, নতুন মূল্যায়ন পদ্ধতি আৰু স্বীকৃতি প্ৰক্ৰিয়াৰ সন্দৰ্ভত মেটমৰা তথ্য সন্নিবিষ্ট মননশীল ভাষণেৰে কৰ্মশালাখন শুভাৰম্ভ কৰে৷

কৰ্মশালাখনত অসম চৰকাৰৰ "নাক"ৰ মেণ্টৰিং সমিতিৰ সদস্য ড° যোগেন চন্দ্ৰ কলিতাই "নাক"ৰ নতুন মূল্যায়ন আৰু স্বীকৃতি প্ৰক্ৰিয়াৰ সন্দৰ্ভত বিস্তৃত ভাবে অবলোকণ কৰাৰ লগতে পৰৱৰ্তী পৰ্যায়ত মহাবিদ্যালয়ৰ শৈক্ষিক ব্যৱস্থাত নতুন পাঠ্যক্ৰম প্ৰৱৰ্তন, গৱেষণা, সম্প্ৰসাৰণ কাৰ্যসূচীৰ চকুত লগা বিৱৰ্তন ঘটাই  আহিবলগীয়া দিনত মহাবিদ্যালয়খনে "নাক"ৰ মূল্যায়নৰ ক্ষেত্ৰত যাতে সৰ্বতোপ্ৰকাৰে সফল হব পাৰে তাৰবাবে মহাবিদ্যালয়ৰ সকলো প্ৰশিক্ষক, কৰ্মচাৰী-প্ৰশিক্ষাৰ্থীক উৎস্বৰ্গিত মনোভাবাপন্ন সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়।

ইপিনে উক্ত কৰ্মশালাত "চচাইটি ফৰ টিচাৰ এডুকেছন"ৰ সভাপতি ভোলানাথ গগৈ, মহাবিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি পূৰ্ণানন্দ গগৈৰ লগতে মহাবিদ্যালয়ৰ সমূহ প্ৰশিক্ষক, প্রশিক্ষাৰ্থী, কৰ্মচাৰী, প্ৰাক্তন প্ৰশিক্ষাৰ্থীৰ অংশগ্ৰহণেৰে মনোজ্ঞ কৰ্মশালাখন সাফল্যমণ্ডিত কৰি তোলে ৷ 

ঢকুৱাখনা