ঢকুৱাখনা কেন্দ্ৰীয় বিহুৰ কাৰ্য্যালয়ৰ দ্বাৰ উন্মোচন

লোক সংস্কৃতিৰ গুণগত আৰু বৰ্ণিল উপস্থাপনেৰে ঢকুৱাখনাবাসীক সুকীয়া স্বাদ প্ৰদান কৰি অহা ২৩ সংখ্যক ঢকুৱাখনা কেন্দ্ৰীয় টাউন ৰঙালী বিহু সন্মিলন ২০২৫ অহা ৬ আৰু ৭মে'ত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব ।

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনা কেন্দ্ৰীয় বিহুৰ কাৰ্য্যালয়ৰ দ্বাৰ উন্মোচন

ডিজিটেল সংবাদ, ঢকুৱাখনা : ঢকুৱাখনাৰ সাংস্কৃতিক ধাৰাবাহিকতা অক্ষুন্ন ৰাখি বিগত ২২ বছৰে জাতীয় উৎসৱ ৰঙালী বিহু উদযাপন কৰি আহিছে ঢকুৱাখনা কেন্দ্ৰীয় টাউন ৰঙালী বিহু সন্মিলনে । লোক সংস্কৃতিৰ গুণগত আৰু বৰ্ণিল উপস্থাপনেৰে ঢকুৱাখনাবাসীক সুকীয়া স্বাদ প্ৰদান কৰি অহা ২৩ সংখ্যক ঢকুৱাখনা কেন্দ্ৰীয় টাউন ৰঙালী বিহু সন্মিলন ২০২৫ অহা ৬ আৰু ৭মে'ত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব ।

Advertisment

ঢকুৱাখনা নগৰত বিহুৰ বিভিন্ন প্ৰতিযোগিতাৰে অনুষ্ঠিত হ'ব লগা এই ২৩ সংখ্যক ৰঙালী বিহু সন্মিলনৰ অস্থায়ী কাৰ্য্যালয়ৰ দ্বাৰ উন্মোচন বুধবাৰে সম্পন্ন কৰা হয় । ঢকুৱাখনাৰ বিশিষ্ট নাট্য সাধক, সুনিপুন অভিনেতা নন্দ চুতীয়াই সন্ধিয়া বিহু নামৰ অমিয়া ধ্বনিৰ মাজত কাৰ্য্যালয়ৰ ফিটা কাটি শুভ উদ্বোধন কৰি অতীতৰ বিহুনাম আৰু পৰিৱৰ্তিত সময়ৰ ৰূপান্তৰিত বিহুনামৰ তুলনামূলক বিচাৰ কৰি এফাকি পুৰণি বিহু নামেৰে কাৰ্য্যালয় শুভ উদ্বোধন কৰা বুলি ঘোষণা কৰে ।

অনুষ্ঠানত সন্মিলনৰ সভাপতি টিলেন দাস, কাৰ্যকৰী সভাপতি পংকজ হাজৰিকা, যুটীয়া সম্পাদক ৰঞ্জিত বৰুৱা আৰু প্ৰসন্ন বৰুৱাৰ লগতে সকলো বিষয়ববীয়া,স্থায়ী সমিতিৰ বিষয়ববিয়া আৰু সংস্কৃতিপ্ৰেমী ৰাইজ উপস্থিত থাকে। সন্মিলনৰ যুটীয়া সম্পাদক প্ৰসন্ন বৰুৱা আৰু ৰঞ্জিত বৰুৱাই জনোৱা মতে অহা ৬ মে'ৰ নিশা বিহুৱতী ,বৰবিহুৱতীকে প্ৰমুখ্য কৰি বিভিন্ন বিহু প্ৰতিযোগিতা অনুষ্ঠিত হ'ব ।

একেদৰে দ্বিতীয় দিনা ৭ মে'ৰ নিশা কণ্ঠশিল্পী প্ৰাণদীপৰ লগতে অন্যান্য কণ্ঠশিল্পীৰ বৰ্ণিল সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হ'ব । উদযাপন সমিতিয়ে দুয়োটা দিনৰ সকলো কাৰ্যসূচীত সংস্কৃতিপ্ৰেমীৰ উপস্থিতি আৰু সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে ।

dhakuakhana