ঢকুৱাখনাত টাইপাৰ নেতৃত্বৰ বিৰুদ্ধে গোচৰ ৰুজু

ঢকুৱাখনা জিলা শাখাৰ অন্তৰ্গত  ৮ খন আঞ্চলিক ,১০৬ খন প্ৰাথমিকৰ লগতে সেৱা বাহিনীৰ ঢকুৱাখনা জিলা শাখা, শিশু আই মাতৃ কল্যান সমিতিৰ জিলা শাখাই মঙলবাৰে একত্ৰিত হৈ এনে নিকৃষ্ট কাণ্ড সংঘটিত কৰা বিপথগামী সকলৰ বিৰুদ্ধে ঢকুৱাখনা সদৰ থানাত গোচৰ তৰে।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
cghnh

ডিজিটেল সংবাদ,ঢকুৱাখনা:  উত্তৰ পূৱ ভাৰতৰ একক আৰু অন্যতম আধ্যাত্মিক সামাজিক অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘ। জগত গুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আদৰ্শ আৰু ভক্তি মাৰ্গৰ প্ৰচাৰ প্ৰসাৰত যুগজয়ী আত্মনিয়োগ কৰি আহিছে এই শংকৰদেৱৰ সংঘই।

Advertisment

 সংঘৰ লক্ষ্য লক্ষ্য ভকত বৈষ্ণবৰ পবিত্ৰ আধ্যাত্মিক ক্ষেত্ৰখন শিৰত লৈ ভক্তিমাৰ্গৰে দীক্ষিত হৈ অহা সময়তে ভকত বৈষ্ণবৰ শিৰৰ মুকুট স্বৰূপ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংবিধান দাহ কৰি চূড়ান্ত অসহিষ্ণু মনোভাব প্ৰদৰ্শন কৰিছে টাইপাৰ সোনাৰীৰ কেইজনমান উন্নাসিক ব্যক্তিয়ে।

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ স্বাভিমান তথা মূল উপজীৱ্য স্বৰূপ সংঘৰ সংবিধানখনৰ প্ৰতীকী দাহ কৰিছিল টাইপাৰ সোনাৰীৰ কৰ্মকর্তা উদীপ্ত গগৈৰ নেতৃত্বত একাংশ অবিবেচকী ব্যক্তিয়ে। সংঘৰ স্বাভিমানত চৰম আঘাত সনা এই কাণ্ডৰ বিৰুদ্ধে ৰাজ্যজুৰি সংঘৰ উদ্যোগত আৰম্ভ হৈছে ক্ষোভ অসন্তুষ্টি ।

সংঘৰ ঢকুৱাখনা জিলা শাখাৰ অন্তৰ্গত  ৮ খন আঞ্চলিক ,১০৬ খন প্ৰাথমিকৰ লগতে সেৱা বাহিনীৰ ঢকুৱাখনা জিলা শাখা, শিশু আই মাতৃ কল্যান সমিতিৰ জিলা শাখাই মঙলবাৰে একত্ৰিত হৈ এনে নিকৃষ্ট কাণ্ড সংঘটিত কৰা বিপথগামী সকলৰ বিৰুদ্ধে ঢকুৱাখনা সদৰ থানাত গোচৰ তৰে।

সংঘৰ জিলা শাখাৰ গৰিষ্ঠ সংখ্যক আই বাপ সমস্ত মঙলবাৰে ঢকুৱাখনা সদৰ থানাত উপস্থিত হৈ  উক্ত  উদণ্ড দুৰ্বৃত্তৰ বিৰুদ্ধে গোচৰ তৰে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ঢকুৱাখনা জিলা সভাপতি পূৰ্ণানন্দ গগৈ, সম্পাদক হেমন্ত ভৰালী, সেৱা বাহিনীৰ জিলা অধিনায়ক প্ৰণৱ দত্তকে প্ৰমুখ্য কৰি সকলো বিষয়ববিয়াই পৃথকে পৃথকে এজাহাৰ দাখিল কৰে।

সদৰ থানাত এজাহাৰ দাখিল কৰি ভকত বৈষ্ণৱ সকলে এনে উদণ্ড আৰু উন্নাসিক মানসিকতাৰ সমস্বৰে ধিক্কাৰ দি প্ৰভু ভগৱন্তই এনে অধৰ্মী কাণ্ডৰ নায়ক সকলৰ সুমতি প্ৰদানৰ বাবে প্ৰাৰ্থনা জনায় সন্ধিয়া ঘৰে ঘৰে বন্তি প্ৰজ্বলন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। তাৰোপৰি জিলা সংঘই ন্যায় বিচাৰৰ বাবে আহ্বান জনাই প্ৰশাসনক উপযুক্ত ব্যৱস্থা কৰিবলৈও দাবী জনায়।

ঢকুৱাখনা