/asomiyapratidin/media/media_files/2025/03/30/SRWZdtG4rtMDEIyJk7i3.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা : ঢকুৱাখনা ব্লক কংগ্ৰেছৰ ভাতৃ সংগঠন ঢকুৱাখনা ব্লক যুৱ কংগ্ৰেছৰ এখন গুৰুত্বপূৰ্ণ কাৰ্যভাৰ গ্ৰহণ সভা দেওবাৰে অনুষ্ঠিত হয় । ঢকুৱাখনা ৰাজীৱ ভৱন প্ৰাঙ্গনত ব্লক কংগ্ৰেছৰ সভাপতি তৰুণ চেতিয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে প্ৰশাসনিক সাধাৰণ সম্পাদক শৰৎ পাতিৰে ।
উল্লেখযোগ্য যে উক্ত সভাত প্ৰদেশ কংগ্ৰেছৰ সদস্য কেশেন চেতিয়া, অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ উপ সভাপতি আনন্দ নৰহ ,সাধাৰণ সম্পাদক দীপাংকৰ দাস ,লখিমপুৰ জিলা কংগ্ৰেছৰ সম্পাদক নীল কান্ত পেগু , ঢকুৱাখনা বিধানসভা সমষ্টি যুৱ কংগ্ৰেছৰ সভাপতি লক্ষ্য নাথ নাটে ,ঘিলামৰা ব্লক যুৱ কংগ্ৰেছৰ সভাপতি দেৱজিৎ হাজৰিকা, ঢকুৱাখনা ব্লক মহিলা কংগ্ৰেছৰ সভানেত্রী ইনামণি বৰুৱাকে প্ৰমুখ্য কৰি বহু সংখ্যক দলীয় নেতা কৰ্মকর্তা উপস্থিত থাকে।
সভাত দলৰ প্ৰতি নিঃস্বাৰ্থ সেৱা আগবঢ়াই অহা জ্যেষ্ঠ যুৱ কংগ্ৰেছী জাইল সিং দলেক ঢকুৱাখনা ব্লক যুৱ কংগ্ৰেছৰ সভাপতি নিযুক্তি দিয়াত সকলো দলীয় নেতা কৰ্মীয়ে সন্তোষ প্ৰকাশ কৰে । নৱনিযুক্ত যুৱ কংগ্ৰেছৰ সভাপতিগৰাকীক যুৱ কংগ্ৰেছীসকলে ৰাজীৱ ভৱনৰ সন্মুখৰ পৰা গামোচা পিন্ধাই দলীয় শ্লোগানেৰে আদৰি আনে ।
/asomiyapratidin/media/media_files/2025/03/30/92fgmTlIstJ2WENy1ZZY.jpg)
পৰৱৰ্তী সময়ত ৰাজীৱ ভৱনত অনুষ্ঠিত হোৱা গাম্ভীৰ্যপূৰ্ণ সভাত তৰুণ চেতিয়া, আনন্দ নৰহ লক্ষ্য নাথ নাটে , ইনামণি বৰুৱা, নীল পেগু আদিয়ে কৰ্মপটু সৰবৰহী যুৱ নেতা দলেৰ নেতৃত্বত যুৱ কংগ্ৰেছ সমিতিখনে অধিক উদ্যমেৰে আৰু শৃংখলাবদ্ধভাৱে দলৰ সাংগঠনিক ভেঁটি মজবুত কৰাত সক্ষম হ'ব বুলি আশা প্ৰকাশ কৰি শুভেচ্ছামূলক বক্তব্য আগবঢ়ায়। উপস্থিত দলৰ নেতৃবৰ্গই যুৱ নেতাগৰাকীক জাপি ফুলাম গামোচাৰে শুভেচ্ছা জনায় ।
জনাকীৰ্ণ সভাতেই প্ৰদেশ যুৱ কংগ্ৰেছৰ উপ সভাপতি আনন্দ নৰহে কাৰ্যভাৰ অৰ্পণ কৰাৰ পাছত নৱনিযুক্ত ব্লক সভাপতি জাইল সিং দলেয়েও বক্তব্য আগবঢ়াই দলৰ অন্যতম প্ৰধান চালিকা শক্তি যুৱ কংগ্ৰেছৰ সমূহ আত্মোৎস্বৰ্গী কৰ্মীৰ সহযোগিতা আৰু দলৰ পিতৃ সংগঠন ব্লক কংগ্ৰেছৰ পৰামৰ্শ আন্তৰিকতাৰে কামনা কৰে । উক্ত সভাতেই ঢকুৱাখনাৰ উদ্যোগী যুৱ ব্যৱসায়ী মানস প্ৰতীম হাজৰিকা আৰু অভিজিত সূতে দলীয় নীতি-আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ ভাৰতীয় জাতীয় কংগ্ৰেছ দলত যোগদান কৰে ।
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us