/asomiyapratidin/media/media_files/2025/02/18/5guURiDIpNq7Mq7qoK1D.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা: অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ উদ্যোগত ঢকুৱাখনাত বুধবাৰে অনুষ্ঠিত হ'ব কেন্দ্ৰীয় ভাবে আলি আয়ে লৃগাং। ঢকুৱাখনা ব্লক কংগ্ৰেছৰ অন্তৰ্গত খেৰকটা মণ্ডলৰ গিটুং বগৰী গাঁওত অনুষ্ঠিত হ'ব লগা এই কেন্দ্ৰীয় লৃগাং উৎসৱৰ প্ৰস্তুতি তুংগত ।
অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ উদ্যোগত দুদিনীয়াকৈ অনুষ্ঠিত হ'ব লগা এই সমন্বয়ৰ প্ৰতীক লৃগাং অনুষ্ঠিত কৰাক লৈ এতিয়া বিতৰ্কৰ সূত্ৰপাত ঘটিছে যুৱ কংগ্ৰেছৰ মাজত। দীৰ্ঘদিন ধৰি ভিতৰি উমি উমি জ্বলি থকা এই আভ্যন্তৰীণ সংঘাতৰ মঙলবাৰে বৰ্হি প্ৰকাশ ঘটে ।
লৃগাংৰ সফল কাৰ্যকৰী কৰাৰ বাবে সদাব্যস্ত দলীয় কৰ্মী সকলৰ লগতে ব্লক যুৱ কংগ্ৰেছৰ সাংগঠনিক সম্পাদক তথা খাদ্য পৰিচালনা সমিতিৰ আহ্বায়ক ছানি পেগুৱে কৰ্তব্য পালনৰ সময়তে মঙলবাৰে সূত্ৰপাত ঘটে সমষ্টি সমিতিৰ নেতৃত্বৰে মুকলি সংঘাত।
সমষ্টি সমিতিৰ উপ সভাপতি জেইল সিং দলেয়ে খাদ্য সমিতিৰ আহ্বায়ক ছানি পেগুক সেৱা আগবঢ়াই থকাৰ সময়তে নানা কটু কথাৰে অশ্ৰাব্য গালি গালাজ কৰি অসৌজন্যমূলক আচৰণ কৰে। শাৰীৰিক ভাবে আক্ৰমণ কৰিবলৈকো উদ্যত হয় জেইল সিং দলেয়ে । আকস্মিক ভাবে উন্মত্ত আচৰণ কৰি দলেয়ে কেৱল পেগুকে নহয় ঢকুৱাখনা ব্লক যুৱ কংগ্ৰেছৰ সভাপতি অনুপ বৰুৱাকো উদ্দেশ্যি নানা অশ্ৰাব্য আৰু পদ মৰ্যাদা সন্মানহানিকৰ মন্তব্য কৰে ৰাজহুৱাকৈ।
তদ্রুপ ভাবে প্ৰদেশ কংগ্ৰেছৰ শিক্ষক কোষৰ নেতা ডঃ সুৰজিত দলেক উদ্দেশ্যিও কটু মন্তব্য কৰি জেইল সিং দলেয়ে দলৰ সহকৰ্মী নেতাক শ্ৰদ্ধা জনাবলৈ নিশিকা উদণ্ড যুৱকজনৰ এনে আচৰণত ক্ষুব্ধ হৈ যুৱ নেতা কৰ্মী সকল লৃগাং থলী ত্যাগ কৰে বুলি কয়। মঙলবাৰে বিয়লি ঢকুৱাখনা প্ৰেছ গীল্ডত ঢকুৱাখনা ব্লক যুৱ কংগ্ৰেছৰ একাংশ নেতৃত্বই এক সংবাদমেল অনুষ্ঠিত কৰি এই গুৰুতৰ অভিযোগ উত্থাপন কৰে।
ব্লক যুৱ কংগ্ৰেছৰ সম্পাদক পৰাগ কুমাৰ দাস, উপ সভাপতি নব কুমাৰ দাস, মাতমৰা মণ্ডল সভাপতি ভৰত বৰা , শিঙিয়া মণ্ডলৰ সভাপতি কেশৱ বৰপাত্ৰ ,টাউন মণ্ডলৰ সভাপতি দেৱজিৎ বৰা, ডাংধৰা মণ্ডল সভাপতি জ্যোতি প্ৰসাদ পাতিৰ ,ৰঞ্জিত দাস আদি উপস্থিত থাকে সংবাদমেলত।
ক্ষুব্ধ যুৱ কংগ্ৰেছী সকলে প্ৰদেশ যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক দীপাংকৰ দাস, সাংগঠনিক সম্পাদক অৰবিন্দ সূত,লৃগাংৰ উদ্যোগক্তা মূল সমিতিৰ সভাপতি কুশ ৰাম দলে আদি উপস্থিত থকা অৱস্থাতে উন্মত্ত সমষ্টি সমিতিৰ নেতা জেইল সিং দলেয়ে ছানি পেগুক শাৰীৰিক ভাবে আক্ৰমণ কৰিবলৈ খেদি যোৱা বুলি কৈ লৃগাংৰ থলীত সূত্ৰপাত ঘটোৱা এনে উদণ্ড আচৰণৰ একেমুখে প্ৰতিবাদ জনায়।
মঙলবাৰে সংঘটিত হোৱা এই উদণ্ড আচৰণৰ বাবে সামাজিক ভাৱে ব্লক যুৱ কংগ্ৰেছৰ নেতৃবৰ্গ লজ্জিত হোৱা বুলি কয় । তাৰোপৰি ব্লক যুৱ কংগ্ৰেছৰ নেতৃত্বক এই কেন্দ্ৰীয় লৃগাং অনুষ্ঠানত সমষ্টি সমিতিয়ে অগ্ৰাধিকাৰ দিব বিচৰা নাই বুলি আক্ষেপ প্ৰকাশ কৰি ঢকুৱাখনা ব্লক যুৱ কংগ্ৰেছ আৰু ১৩খন মণ্ডল যুৱ কংগ্ৰেছ সমিতিক উদ্দেশ্য কৰি তাচ্ছিল্যসূচক মন্তব্য দিয়া উদণ্ড নেতা জেইল সিং দলেৰ ওপৰত অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে জিলা যুৱ কংগ্ৰেছ , সমষ্টি সমিতি যুৱ কংগ্ৰেছ আৰু জিলা কংগ্ৰেছৰ জৰুৰী হস্তক্ষেপ দাবী জনায় ।
যুৱ কংগ্ৰেছৰ মাজত সংঘাত আৰু বিভাজন আনিবলৈ অপচেষ্টা কৰা সমষ্টি সমিতিৰ এইগৰাকী নেতাৰ দৌৰাত্ম্য জিলা কংগ্ৰেছে নিয়ন্ত্ৰণ নকৰিলে যুৱ কংগ্ৰেছৰ সমিতিৰ লগতে মণ্ডল সমিতিয়ে অনাগত সময়ত সহযোগিতা নকৰাৰো সকীয়নি দিছে।