/asomiyapratidin/media/media_files/2025/05/14/UVmcoHJOkND1x4iTLSkg.jpg)
ডিজিটেল সংবাদ,ঢকুৱাখনা: ঢকুৱাখনাত গেৰুৱা দলেৰে মিত্ৰতা ভংগ হ'ল আঞ্চলিক দল ৰ। সৰ্বসন্মত ভাবে বুধবাৰে আঞ্চলিক দলটোৰ ঢকুৱাখনা বিধান পৰিষদ সমিতিৰ এখন গুৰুত্বপূৰ্ণ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰে। ঢকুৱাখনা অগপৰ কাৰ্য্যালয় সমন্বয় ভৱন প্ৰাঙ্গনত দুপৰীয়া অনুষ্ঠিত হোৱা বৈঠকত সভাপতিত্ব কৰে বিধান পৰিষদৰ উপ সভাপতি ৰাজেন্দ্ৰ প্ৰসাদ গগৈয়ে ।
বিধান পৰিষদৰ সম্পাদক সমুজ্জল চেতিয়া, সুৰেন চাংমাই, ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য হৰিচন্দ্ৰ বৰুৱা, দুলাল দত্ত , প্ৰাঞ্জল দিহিঙীয়া, লখিমপুৰ জিলা অগপৰ উপ সভাপতি মিনাৰাম পেগু, মহিলা পৰিষদৰ সভানেত্ৰী ৰূপাঞ্জলি চুতীয়া ,সম্পাদিকা নিতুমনি গগৈ ,যুৱ পৰিষদৰ সম্পাদক অন্দু চুতীয়াকে প্ৰমুখ্য কৰি বহু সংখ্যক দলীয় নেতা বিষয়ববীয়া বৈঠকত উপস্থিত থাকে ।
সদ্য সমাপ্তি ঘটা পঞ্চায়ত নিৰ্বাচনৰ কালত বিধান পৰিষদৰ নীতিনিষ্ঠ কৰ্মী নেতা সকলৰ সূক্ষ্ম পৰ্যবেক্ষণত উন্মোচিত হোৱা একাংশ দলীয় নেতাৰ অতি বিজেপি প্ৰীতি আৰু বিধায়ক নৱ দলেৰ পদলেহনকাৰী ভূমিকাৰ বিৰুদ্ধে পঞ্জীভূত ক্ষোভ উজাৰি প্ৰায় ২২জন দলীয় কৰ্মীয়ে ৰাজ্যিক কাৰ্যনিৰ্বাহকলৈ পত্ৰ প্ৰেৰণ কৰিছিল। তিনি ৰাজ্যিক কাৰ্যনিৰ্বাহক ক্ৰমে দুলাল দত্ত, হৰিচন্দ্ৰ বৰুৱা আৰু প্ৰাঞ্জল দিহিংগীয়াই এই স্পৰ্শকাতৰ অভিযোগৰ ভিত্তিত আজি বৈঠক আহ্বান কৰে।
প্ৰধানকৈ বিধান পৰিষদৰ সভাপতি মহেশ দলেৰ অতি বিধায়ক প্ৰীতি আৰু গেৰুৱা দল প্ৰেমী ভূমিকাৰ বিৰুদ্ধে সোচ্চাৰ হোৱা দলীয় কৰ্মী সকলৰ এই গুৰুতৰ অভিযোগৰ বাবে ৰাজ্যিক কাৰ্যনিৰ্বাহকত্ৰয়ে উপ সভাপতি ৰাজেন্দ্ৰ প্ৰসাদ গগৈক সভাপতিত্ব কৰাৰ আহ্বান জনায়।
সেই অনুসৰি অনুষ্ঠিত সভাত সভাপতি মহেশ দলেৰ দলৰ প্ৰতি দায়বদ্ধহীনতা আৰু উদাসীনতাৰ বাবে আঞ্চলিক দলটো গেৰুৱা দলৰ গ্ৰাসত নিমৰ্জিত হোৱাৰ পথত বুলি সভাত উপস্থিত বহু কেইগৰাকী নেতা কৰ্মীয়ে মুকলি মন্তব্য কৰে।
বিজেপিৰে মিত্ৰতাৰ যোগ্যতাৰে আঞ্চলিক দলটোৱে স্থানীয় দলীয় অধিকাৰ আজুৰি অনাত নির্লজ ব্যৰ্থতা প্ৰদৰ্শন কৰা, মিত্ৰতাৰ ধৰ্ম বাৰে বাৰে গেৰুৱা দলৰ বিধায়ক নৱ দলেয়ে উলঙ্ঘন কৰাৰ স্বত্বেও ভিজা মেকুৰীৰ ভাও লৈ অহা সভাপতিৰ সীমাহীন ইচ্ছাকৃত অপাৰগতাত ক্ষুণ্ণ দলীয় নেতা কৰ্মী সকলে মুকলি ভাবে ক্ষোভ প্ৰকাশ কৰে।
কাৰ্যতঃ সভাপতি মহেশ দলেৰ সাংগঠনিক নেতৃত্বৰ প্ৰতি প্ৰচণ্ড অনীহা আৰু অনাস্থা প্ৰদৰ্শন কৰাত সভাপতি দলেয়ে অৱশেষত নৈতিক দায়িত্ব স্বীকাৰ কৰি সভাপতি পদৰ পৰা অব্যাহতি লয়। বৈঠকত সৰ্বসন্মত ভাবে আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ ঢকুৱাখনাত গেৰুৱা দলটোৰে আঞ্চলিক দলটোৰ মিত্ৰতা স্থানীয় ভাবে ভংগ কৰাৰ সৰ্বসন্মত সিদ্ধান্ত গ্ৰহণ কৰে।
আজিৰে পৰা গেৰুৱা দলটোৰ কোনো কাৰ্যসূচীত আঞ্চলিক দলটোৰ কোনো সহযোগিতা নাথাকিব বুলি সিদ্ধান্ত লৈ মিত্ৰতাৰ নামত বৈৰীতা চলাই অহা বিধায়ক নৱ দলে আৰু গেৰুৱা দলৰ চক্ৰান্তৰ বাবেই আঞ্চলিক দলটোৰ ভৱিষ্যত ঢকুৱাখনাত বিপদাপন্ন বুলি বৈঠকত মত পোষণ কৰে।
উল্লেখযোগ্য যে, সভাপতিৰ অব্যাহতিৰ বিষয়টো ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য সকলে প্ৰস্তাৱ ৰূপে লখিমপুৰ জিলা অগপৰ জৰিয়তে কেন্দ্ৰীয় সমিতিলৈ প্ৰেৰণ কৰিব বুলি জানিব পৰা গৈছে। বিগত পৌৰ সভাৰ নিৰ্বাচনৰ লগতে পঞ্চায়ত নিৰ্বাচনৰ সময়তো আসন বিতৰণৰ ক্ষেত্ৰত শাসক দলটোৱে চূড়ান্ত ভাবে প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে অগপ দলৰ মজিয়াত।
তাৰোপৰি মিত্ৰতাৰ ধৰ্ম পালনৰ বেলিকা বিধায়ক দলেয়ে অগপ দলৰ প্ৰতি প্ৰদৰ্শন কৰি অহা বেপৰোৱা দৃষ্টিয়েও দলীয় নেতা কৰ্মী সকলক বিতশ্ৰদ্ধ কৰি আহিছিল। শেহতীয়াকৈ স্থানীয় ভাবে ঢকুৱাখনাত গেৰুৱা দলৰ সৈতে অগপৰ মিত্ৰতা ভংগৰ সৰ্বসন্মত সিদ্ধান্ত লোৱা, বিধায়ক নৱ দলেৰ ঘনিষ্ঠ অগপ সভাপতিক অব্যাহতি লবলৈ বাধ্য কৰোৱাৰ পাছত অনাগত সময়ত আঞ্চলিক দলটোৱে যে নৱ দলে আৰু গেৰুৱা দলৰ বিৰুদ্ধে মুকলি বিদ্ৰোহ আৰম্ভ কৰিব সেয়া নিশ্চিত।