Advertisment

ভোগালীৰ চাহিদা পূৰাবলৈ থলুৱা পদ্ধতিৰে খাটি গুৰ উৎপাদন ঢকুৱাখনাৰ দম্পত্তিৰ

প্ৰায় ১১ বিঘা মাটি কালিত ঢকুৱাখনাৰ এই বৰুৱা দম্পতিয়ে বিগত ৭দশক ধৰি কৰি অহা বিভিন্ন থলুৱা প্ৰজাতিৰ কুঁহিয়াৰ ৰুই আলপৈচান ধৰি প্ৰতিটো জাতীয় উৎসৱৰ প্ৰাকক্ষণত গ্ৰাহকৰ বাবে উৎপাদন কৰি উলিয়াই খাটি গুৰ।

author-image
Asomiya Pratidin
New Update
mj,

ডিজিটেল সংবাদ,ঢকুৱাখনা: বাৰ্ধক্য কিম্বা ৰোগ পীড়ালৈ কেৰেপ নকৰা এক চহা দম্পত্তি। কৰ্ম সংস্কৃতিৰে শত সহস্ৰজনৰ মাজত স্বকীয় পৰম্পৰা অৰ্ধ শতিকাৰো অধিক কাল জিলিকি আহিছে এই কষ্ট সহিষ্ণু দম্পত্তি। দুখ-ভাগৰ অথবা শাৰীৰিক জঠৰতাৰ ওচৰত হাৰ নমনা এই চহা দম্পতিযে যুগ যুগ ধৰি অব্যাহত ৰাখি আহিছে থলুৱা পদ্ধতিৰে খাটি গুৰ উৎপাদনৰ পৰম্পৰা।

Advertisment

ঢকুৱাখনা সমজিলাৰ অন্তৰ্গত হাৰ্হি গাঁও পঞ্চায়তৰ হাৰ্হি চাপৰিৰ ৭০ উৰ্ধ ভোলা বৰুৱা আৰু পত্নী লীলামাই বৰুৱাই বিগত ৭০ বছৰ ধৰি কুঁহিয়াৰ খেতিৰে স্বাৱলম্বনৰ এক সেন্দুৰীয়া পথৰ সন্ধান দিবলৈ সক্ষম হৈছে। নিজৰ প্ৰায় ১১ বিঘা মাটি কালিত এই বৰুৱা দম্পতিয়ে বিগত ৭দশক ধৰি কৰি অহা বিভিন্ন থলুৱা প্ৰজাতিৰ কুঁহিয়াৰ ৰুই আলপৈচান ধৰি প্ৰতিটো জাতীয় উৎসৱৰ প্ৰাকক্ষণত গ্ৰাহকৰ বাবে উৎপাদন কৰি উলিয়াই খাটি গুৰ।

থলুৱা জৈৱিক পদ্ধতিৰে কুঁহিয়াৰ খেতি কৰি এখন সুকীয়া গুৰৰ বজাৰ সৃষ্টি কৰিবলৈ সক্ষম হোৱা বৃদ্ধ চহা দম্পতিয়ে সম্প্ৰতি ভোগালী বিহুৰ প্ৰাকক্ষণত ব্যস্ত হৈ পৰিছে নিজস্ব পদ্ধতিৰে নিভাঁজ সুস্বাদু গুৰ উৎপাদনত। গ্ৰাম্য সমাজৰ লগতে নব্য আধুনিকতাবাদী সমাজতো সম্প্ৰতি গুৰক চেনীৰ বিকল্প স্বাস্থ্যসন্মত খাদ্য হিচাবে সৰ্বজন গ্ৰাহ্য হোৱাত বৰুৱা দম্পত্তিৰ জৈৱিক গুড়ৰ চাহিদা দুগুণ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ।

সমাগত ভোগালী বিহুৰ প্ৰাকক্ষণত ভিন্ন প্ৰকাৰৰ সুমিষ্ঠ পিঠা পনা প্ৰস্তুতৰ বাবে এইবাৰো এই কৰ্মঠ চহা দম্পতিয়ে বজাৰলৈ উলিয়াই দিছে জৈৱিক গুড় ।ইতিমধ্যে বিভিন্ন জিলাৰ গ্ৰাহকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱা এই জৈৱিক গুড় উৎপাদন আৰু বিপননৰ জৰিয়তে আৰ্থিক ভাৱে ঈর্ষণীয় সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে চহা দম্পত্তি।

থলুৱা পদ্ধতিৰে নিজে কুঁহিয়াৰ পেৰি,উতলাই  দৈনিক প্ৰায় ৩৫ কেজি গুড় প্ৰস্তুত কৰিবলৈ সমৰ্থ হয় দম্পত্তি। আজু ককাৰ দিনৰ পৰাই চলি অহা এই সুকীয়া পৰম্পৰাগত খেতিৰ ধাৰাবাহিকতা ৰক্ষা কৰি কৃষক ভোলা বৰুৱাই ঢকুৱাখনা মহকুমা কৃষি বিভাগৰ পৰা ২০০৮ চনত লাভ কৰিছিল শ্ৰেষ্ঠ কৃষকৰ সন্মান।

যি সময়ত একাংশ অসাধু ব্যৱসায়ীয়ে বজাৰত মুনাফা অর্জনৰ বাবে ভেজাল গুড় বিক্ৰী কৰি আহিছে, তেনে সময়তে ঢকুৱাখনাৰ চহা ভোলা বৰুৱাৰ পৰিয়ালে থলুৱা পদ্ধতিৰে বিশুদ্ধ গুড় প্ৰস্তুত কৰি গ্ৰাম্য অৰ্থনীতিৰ ভেঁটি মজবুত কৰি আহিছে ৷ কৃষি বিভাগ কিম্বা কৃষকৰ বাবে প্ৰণিত কোনো আঁচনিয়ে ঢুকি নোপোৱা এই নীৰৱ কৃষক দম্পত্তিৰ একক আৰু নিজস্ব প্ৰচেষ্টাক উদগনি যোগাবলৈ আহৰি নাই বিয়াগোম কৃষি বিভাগৰ লগতে ঢকুৱাখনা সমজিলা আয়ুক্তৰ।

ঘৰে ঘৰে কৃষি আঁচনি, কৃষকৰ সঁজুলি বিতৰণ কৰি ফুৰা সুবিধাবাদী ৰাজনৈতিক বিধায়ক নৱ দলে,সাংসদ প্ৰদান বৰুৱাৰ মৰ টোপনী নাভাগে। অথচ গ্ৰাম্য অৰ্থনীতি সবলীকৰণৰ দম্ভালি মাৰিবলৈ নেৰে এনেবোৰ চৰকাৰী আমোলা, বিষয়া আৰু বিধায়ক,সাংসদে। এনে বিভিন্ন প্ৰত্যাহ্বান আৰু চৰকাৰী উদাসীন নীতিকো উপেক্ষা কৰি পৰম্পৰাগতভাৱে অৰ্ধশতিকাৰো অধিক কাল এই খেতিৰে অভূতপূৰ্ব সফলতা অৰ্জন কৰি অহা ভোলা বৰুৱা যুৱপ্ৰজন্মৰ বাবে আদৰ্শনীয় আৰু চহা সমাজৰ বাবে নিশ্চিত ভাবে প্ৰশংসনীয় ।

ঢকুৱাখনা