ডিজিটেল সংবাদ,ঢকুৱাখনা: সুদীর্ঘ দিন আঞ্চলিকতাবাদৰ ভেঁটি ৰখীয়া হৈ ঢকুৱাখনা অগপৰ বুনিয়াদ শক্তিশালী কৰি অহা এখন মাণ্ডলীক সমিতিয়ে শনিবাৰে আত্মসমৰ্পণ কৰিলে গেৰুৱা দলত। অসম গণ পৰিষদৰ দুৰ্গ হিচাবে পৰিচিত ঢকুৱাখনা সমষ্টিৰ পশ্চিম মাছখোৱাৰ এটা শক্তিশালী মণ্ডলে আকাংক্ষিত ভাবেই বিলীন হৈ গল গেৰুৱা দলত।
অগপৰ ঢকুৱাখনা বিধান পৰিষদৰ অন্তৰ্গত ধেনুষণা আঞ্চলিক সমিতিৰ সম্পাদক সুভন গগৈ , সভাপতি গজেন শইকীয়া ,প্ৰাক্তন পঞ্চায়ত সভানেত্ৰী হেপি কোঁৱৰ,পশ্চিম মাছখোৱা সমবায় সমিতিৰ সভাপতি, দলৰ নেতা মহেন্দ্ৰ ফুকনৰ নেতৃত্বত পঞ্চায়তখনৰ গৰিষ্ঠ সংখ্যক নেতা কৰ্মীযে শনিবাৰে অনুষ্ঠানিক ভাবে যোগদান কৰে ভাৰতীয় জনতা পাৰ্টিত।
পঞ্চায়তখনত আঞ্চলিকতাবাদৰ ভেঁটি উচন কৰি গেৰুৱা দললৈ ঢাপলি মেলা সকলক ফুলাম গামোচা, দলীয় অংগ বস্ত্ৰ টুপী পিন্ধাই উষ্ণ আদৰণি জনাই ঢকুৱাখনাৰ বিধায়ক নৱ দলেৰ লগতে দলীয় নেতৃত্বই। এই সন্দৰ্ভত শনিবাৰে বিয়লি ঘিলামৰা মণ্ডল বিজেপিৰ কাৰ্য্যালয়ত এই যোগদান সভাখন অনুষ্ঠিত হয়।ঘিলামৰা মণ্ডল সভাপতি সুভন দত্তৰ সভাপতিত্বত অনুষ্ঠিত সভাত ঢকুৱাখনা জিলা সভাপতি স্বৰূপ কোঁৱৰ ,জিলা বিষয় বিষয়ববিয়া প্ৰণৱজিৎ গগৈ,ছন্দেশ্বৰ গগৈ আদি বহু সংখ্যক গেৰুৱা নেতা উপস্থিত থাকে ।
যোগদান সভাত উপস্থিত থাকি নবাগত সকলক উদ্দেশ্যি বিধায়ক নৱ দলে , ঘিলামৰা মণ্ডলৰ সভাপতি সুভন দত্তই শুভেচ্ছামূলক বক্তব্য আগবঢ়াই। আঞ্চলিকতাবাদৰ মজিয়া ত্যাগী গেৰুৱা বসন পিন্ধা নবাগত সুভন গগৈ, হেপি কোঁৱৰ আদিয়েও সভাত বক্তব্য আগবঢ়ায়। উল্লেখযোগ্য যে অগপ দলৰ নীতি নিৰ্দেশনা উলংঘা কৰি দল আৰু পদ ত্যাগ নকৰাকৈ দলটোৰ বুনিয়াদ শূণ্য কৰি গেৰুৱা দলত যোগদান কৰা কাৰ্যই ঢকুৱাখনা অগপত তুমুল জোকাৰণিৰ সূত্ৰপাত ঘটাইছে।
কেৱল এয়াই নহয় অনাগত সময়ত আঞ্চলিক দলটোৰ শীৰ্ষ নেতা আৰু তৃণমূলৰ কৰ্মীয়ে গেৰুৱা দলত যোগদান কৰাৰো ইংগিত পোৱা গৈছে। উল্লেখযোগ্য যে অগপ দলৰ বিধান পৰিষদৰ একাংশ নেতৃত্বৰ দলীয় কৰ্মী নেতাৰে সমন্বয়হীনতা , আভ্যন্তৰীণ খাম খেয়ালী আৰু অৰ্থসৰ্বস্ব কাণ্ডত অতিষ্ঠ হৈ পৰিছে বিধান পৰিষদৰ অন্তৰ্গত একাংশ আঞ্চলিক নেতা কৰ্মী।
তাৰেই পৰিণতি হিচাবে মিত্ৰগোষ্ঠীৰ হোৱাৰ পাছতো আঞ্চলিক দলটোৰ মজিয়াত সুৰক্ষিত অনুভৱ নকৰি এখন আঞ্চলিক সমিতিৰ সমূহীয়া বিজেপি গমন পথ প্ৰশস্ত হোৱা বুলি চর্চা চলিছে। পঞ্চায়ত নিৰ্বাচনৰ প্ৰাকক্ষণত এনে সমূহীয়া বিজেপি গমনৰ বাতৰিয়ে আঞ্চলিক দলটো তৃণমুলত গভীৰ ৰেখাপাত কৰাৰ পূৰ্ণ সম্ভাৱনা দেখা গৈছে ।