ডিজিটেল সংবাদ,ঢকুৱাখনা: ৰাজ্যখনৰ সমাগত পঞ্চায়ত নিৰ্বাচন। একক ভাবে অকলে খেলাৰ সপক্ষে মত পোষণ কৰিছে আঞ্চলিক দল অগপৰ একাংশ নেতৃত্বই। অসম গণ পৰিষদৰ ঢকুৱাখনা বিধানসভা সমষ্টিৰ সমিতিৰ এখন গুৰুত্বপূৰ্ণ বৈঠকত এই দাবী উত্থাপন কৰা হয়। সমষ্টি সমিতিৰ প্ৰায় ১৮ খন আঞ্চলিক সমিতিৰ প্ৰতিনিধিবৰ্গই প্ৰাথমিক ভাবে এই মতামত পোষণ কৰি দলীয় সাংগঠনিক শক্তি প্ৰদৰ্শনত মনোনিবেশ কৰে।
বুধবাৰে বিধানসভা সমষ্টি সমিতিৰ কাৰ্য্যালয় সমন্বয় ভৱন প্ৰাঙ্গনত এখন প্ৰতিনিধিত্বমূলক বৈঠক অনুষ্ঠিত হয়। আঞ্চলিক দলটোৰ নিজস্ব সাংগঠনিক ভেঁটি আৰু সংগঠনৰ সক্ৰিয়তা সন্দৰ্ভত বিশ্লেষণ কৰাৰ বাবে অনুষ্ঠিত কৰা হয় এই বৈঠক। সমষ্টি সমিতিৰ সভাপতি মহেশ দলেৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকত সাধাৰণ সম্পাদক সমুজ্জল চেতিয়াই উদ্দেশ্য ব্যাখ্যা কৰে।
মুঠ ২০খন আঞ্চলিক সমিতিৰ সভাপতি,সম্পাদকৰ লগতে যুৱ পৰিষদ,মহিলা পৰিষদ আদি ভাতৃ ভগ্নী সংগঠনৰ নেতৃত্ব উপস্থিত থকা বৈঠকত সমাগত পঞ্চায়ত নিৰ্বাচনকলৈ মুকলি আলোচনা কৰা হয়। দলৰ কেন্দ্ৰীয় সমিতিয়ে স্পষ্ট নিৰ্দেশনা দলৰ সাংগঠনিক বুনিয়াদ সবল বুলি পতিয়নযোগ্য পঞ্চায়তত অকলে একক ভাবে প্ৰাৰ্থীত্ব আগবঢ়োৱা সন্দৰ্ভত বিশদ মতামত আগবঢ়াই গৰিষ্ঠ সংখ্যক আঞ্চলিক নেতৃত্বই।
দলৰ সাংগঠনিক ভেঁটি দুৰ্বল সমষ্টিত মিত্ৰ জোঁটৰ বিজেপিৰ প্ৰাৰ্থীক সমৰ্থন দি নিৰ্বাচন খেলিবলৈ দিয়া বিষয়টো দলৰ নেতা কৰ্মী সকলে বিশ্লেষণ কৰে। বৈঠকত বিগত সময় চোৱাত ঢকুৱাখনা বিজেপি আৰু গেৰুৱা বিধায়ক নৱ দলেয়ে মিত্ৰজোঁটৰ সংগী ঢকুৱাখনা অগপ ৰ প্ৰতি প্ৰদৰ্শন কৰি অহা উদাসীন, বেপৰোৱা ভূমিকা,ৰাজনৈতিক মিত্ৰতাৰ প্ৰাথমিক চৰ্ত উলংঘা, আঞ্চলিক দলটোৰ ভেঁটি উচন কৰা ৰাজনৈতিক চক্ৰান্তত লিপ্ত হোৱা আদি বিভিন্ন দিশ সমূহ উনুকীয়াই বিভিন্নজনে মতামত ব্যক্ত কৰে।
পঞ্চায়ত সমষ্টি সমূহৰ অক্ষত আঞ্চলিকতাবাদৰ দুৰ্গ আৰু আঞ্চলিকতাবাদত বিশ্বাসী নাগৰিকৰ স্বাভিমানক সন্মান জনাই সবল ৰাজনৈতিক ভেঁটি যুক্ত সমষ্টিত একক ভাবে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সপক্ষে একাংশই মত ব্যক্ত কৰে। আঞ্চলিক দলটোৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য হৰিচন্দ্ৰ বৰুৱা, সাধাৰণ পৰিষদৰ সদস্য দুলাল দত্ত, প্ৰাঞ্জল দিহিঙীয়া, জিলা উপ সভাপতি মিনাৰাম পেগু, বিধান পৰিষদৰ উপ সভাপতি লগতে কেবাগৰাকী উপস্থিত থকা বৈঠকত একাংশ নিষ্ঠাবান নেতাই বিধায়ক নৱ দলেক লৈ অতিষ্ঠ হৈ সমষ্টি সমিতিৰ পৰা এখন পত্ৰ প্ৰেৰণ কৰি সমাগত পঞ্চায়ত নিৰ্বাচন একক ভাবে খেলাৰ সিদ্ধান্ত লৈ বিধায়ক আৰু ঢকুৱাখনা গেৰুৱা দলক অৱগত কৰাৰ মত ব্যক্ত কৰে।
কিন্তু বৈঠকে বিধান পৰিষদৰ সভাপতি,সম্পাদকৰ নেতৃত্বত এটা সঁজাতি দলে বিধায়ক নব দলেক সাক্ষাৎ কৰি এই স্পৰ্শকাতৰ ৰাজনৈতিক চর্চা আৰু দলীয় মতামত সন্দৰ্ভত আলোচনা কৰিহে একক ভাবে নে মিত্ৰ শক্তিৰে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হব তাৰ সিদ্ধান্ত গ্ৰহণ কৰিব বুলি চূড়ান্ত সিদ্ধান্ত লয়। দলটোৰ ২২খন আঞ্চলিক সমিতিৰ দুখন আঞ্চলিক অনুপস্থিত থকা বৈঠকত ১৮খনেই অকলে নিৰ্বাচন খেলা সন্দৰ্ভত নিজস্ব মতামত ব্যক্ত কৰে।
ইপিনে একাংশ নীতিনিষ্ঠ দলীয় নেতৃত্বই সংবাদ মাধ্যমক আক্ষেপেৰে জনোৱা মতে ঢকুৱাখনা বিজেপি আৰু বিধায়ক নৱ দলেয়ে অগপৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশলৈ সামান্য গুৰুত্ব নিদি আঞ্চলিক দলটোৰ মৰ্য্যদা ভূ লুণ্ঠিত কৰি আহিছে। শেহতীয়া ভাবে আঞ্চলিক দলটোৰ বিধান পৰিষদৰ জৰিয়তে কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশনা অনুসৰি কেন্দ্ৰীয় সমিতিলৈ প্ৰেৰণ কৰা অৰুণোদই আঁচনি হিতাধিকাৰী নিৰ্বাচক সদস্যৰ তালিকাখন পদপিষ্ট কৰিলে গেৰুৱা দল আৰু বিধায়ক দলেয়ে।
দলৰ কেন্দ্ৰীয় সভাপতি আৰু কাৰ্যকৰী সভাপতিৰ অনুমোদন প্ৰাপ্ত আৰু স্বাক্ষৰ সম্বলিত সদস্য তালিকাখন কেন্দ্ৰীয় সমিতিয়ে বিধায়ক নব দলেলৈ প্ৰেৰণ কৰিছিল। কিন্তু বিধায়কে তালৈ গুৰুত্ব নিদি মিত্ৰ দলটোৰ সদস্য তালিকা প্ৰত্যাখ্যান কৰি আংগুষ্ঠ দেখুৱালে । বাৰে বাৰে আঞ্চলিক দলটোৰ সৈতে মিত্ৰতা ভংগ কৰি প্ৰকাশ্য শত্ৰুতা কৰি অহা ঢকুৱাখনা বিজেপি, বিধায়কৰ শৰণাপন্ন হোৱা দলৰ সিদ্ধান্তকলৈ অসন্তুষ্ট গৰিষ্ঠ সংখ্যক নীতিনিষ্ঠ নেতা কৰ্মী।
তাৰোপৰি হাৰ্হি জিলা পৰিষদ সমষ্টিটো অগপৰ দুৰ্গ বুলি জানি হাৰ্হি জিলা পৰিষদ সমষ্টিটো ভাঙি থান বান কৰি বিজেপি বিধায়ক দলেয়ে অগপক নিশ্চিহ্ন কৰাৰ চক্ৰান্তত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন কৰিছে। ক্ষুণ্ণ দলীয় নেতা কৰ্মীয়ে ইমান মুকলি শত্ৰুতা কৰাৰ পাছতো বিধান পৰিষদৰ একাংশ মতলবী নেতৃত্বই গেৰুৱা দলটোৰ লগতে বিধায়কৰ শৰণাপন্ন হৈ আঞ্চলিক দলটোৰ বিপর্যয় মাতি আনিলে প্ৰয়োজনৰ স্বাৰ্থত কংগ্ৰেছ দলৰ সতে কৌশলগত বুজাবুজি কৰি হলেও তৃণমূলৰ নেতা কৰ্মীয়ে গেৰুৱা দলৰ ৰাজনৈতিক প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিব বুলি সকীয়াই দিয়ে।
এই ক্ষেত্ৰত বিধান পৰিষদৰ দুজনমান মুষ্টিমেয় নেতাৰ ৰহস্যজনক দুৰ্বলতা, বিজেপি প্ৰীতি আৰু সুবিধাভোগী স্থিতিক দলৰ ভেঁটি ৰক্ষা কৰি থকা নিষ্ঠাবান কৰ্মকর্তা সকলে কটু সমালোচনা কৰি ক্ষোভ উজাৰে সংবাদ মাধ্যমৰ আগত। উল্লেখযোগ্য যে বুধবাৰৰ বৈঠকত পূব ঢকুৱাখনাৰ প্ৰবীণ নাগৰিক,ভোমা জাৰণি হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক মুহিৰাম পেগুৱে আনুষ্ঠানিক ভাৱে অগপ দলত যোগদান কৰে ।