ব্ৰহ্মপুত্ৰৰ খহনীয়াত উটিছে জলসম্পদৰ অস্তিত্ব! ঢকুৱাখনাত খহনীয়াৰ ভয়ংকৰ ৰূপ...

খৰালি শুই বাৰিষা সাৰ পোৱা ঢকুৱাখনা জলসম্পদ বিভাগৰ কুম্ভকৰ্ণ নিদ্ৰা অদ্যপি ভগা নাই । কেৱল বেতন লবলৈকে খাপ পিতি ৰোৱা ঢকুৱাখনা জলসম্পদ সংমণ্ডল আৰু উপ সংমণ্ডলৰ অকমন্য অভিযন্তা, সহকাৰী অভিযন্তাৰ কাণ্ডজ্ঞানহীন

author-image
Asomiya Pratidin
New Update
IKIK

ডিজিটেল সংবাদ, ঢকুৱাখনা: খৰালি শুই বাৰিষা সাৰ পোৱা ঢকুৱাখনা জলসম্পদ বিভাগৰ কুম্ভকৰ্ণ নিদ্ৰা অদ্যপি ভগা নাই । কেৱল বেতন লবলৈকে খাপ পিতি ৰোৱা ঢকুৱাখনা জলসম্পদ সংমণ্ডল আৰু উপ সংমণ্ডলৰ অকমন্য অভিযন্তা, সহকাৰী অভিযন্তাৰ কাণ্ডজ্ঞানহীন স্থিতিৰ বাবে এক ভয়াবহ সংকটৰ দিশত ধাৱমান হৈছে ঢকুৱাখনা ।

Advertisment

একাংশ অদক্ষ বিষয়াৰ ৰম্যভূমি হৈ পৰা ঢকুৱাখনা জলসম্পদ বিভাগৰ দায়িত্বহীনতাৰ সুযোগ লৈ ভয়াবহ গৰাখহনীয়া অব্যাহত ৰাখিছে ব্ৰহ্মপুত্ৰই । বিগত প্ৰায় এটা মাহ ধৰি ব্ৰহ্মপুত্ৰই অৱধাৰিত ভাবে চিচি-টেকেলিফুটা মথাউৰী আৰু পথৰ প্ৰায় সমীপৰ মিচিং বালি গাঁও , বালি গাঁও আদি অংশত চলাই গৈছে ভয়াবহ গৰা খহনীয়া ।

দিনে নিশাই  ব্ৰহ্মপুত্ৰই তাণ্ডৱ চলাই ইতিমধ্যে প্ৰায় ৮০ মিটাৰ মথাউৰীৰ দিশে সোমাই অহাত এক অনিশ্চিত বিপদৰ আশংকা কৰা হৈছে । নদীপৰিয়া ৰাইজৰ অভিযোগ ব্ৰহ্মপুত্ৰৰ এই নিয়মীয়া খহনীয়াই নিদ্ৰা হৰিছে যদিও প্ৰতিৰোধৰ বেলিকা জলসম্পদ বিভাগে  গ্ৰহণ কৰিছে মুক বধিৰৰ ভূমিকা ।

এদিনো এবাৰো খহনীয়াস্থলীত উপস্থিত হোৱা নাই এজনো জলসম্পদৰ অকমন্য বিষয়া । গ্ৰহণ কৰা নাই স্থায়ী কিম্বা অস্থায়ী প্ৰতিৰোধ  ব্যৱস্থা । পৰিণতিত এফালৰ পৰা নিঃশেষ হৈ গৈছে নদীৰ পাৰৰ বিশাল ভূখণ্ড । খহনীয়াত জাহ গৈছে বনানিকৰনেৰে খহনীয়া ৰোধৰ লক্ষ্যৰে মিচিং জাতীয় সংগঠনে ৰোপণ কৰা বৃহৎ এলেকাৰ স্থলপদ্ম গছৰ ।

থন ধৰি উঠা এনেবোৰ গছ ব্ৰহ্মপুত্ৰৰ গৰ্ভত জাহ যোৱাৰ পৰৱৰ্তী সময়ত এনে বিশাল এলেকাত থকা গছ সুৰক্ষাৰ ফেন্ছিংৰ উঠাই আনিব লগীয়া হৈছে সংগঠনে । ঢকুৱাখনা জলসম্পদ বিভাগৰ সক্ৰিয়তা আৰু অস্তিত্বৰ উলংগ স্বৰূপ দাঙি ধৰি ব্ৰহ্মপুত্ৰই চলাই অহা ভয়ংকৰ খহনীয়াৰ পাছতো অন্ধ মুনিৰ ভাও লোৱা জলসম্পদ বিভাগৰ গুৰুত্বহীনতাৰ বিপৰীতে বুধবাৰে খহনীয়াগ্ৰস্ত এলেকাত উপস্থিত হৈ ভয়ংকৰ তাণ্ডৱ প্ৰত্যক্ষ কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সভাপতি ৰাজু ৰাজ বৰপাত্ৰই ।

কেন্দ্ৰীয় সমিতিৰ বিষয় ববীয়া অজিত পেগু , ঢকুৱাখনা জিলা সমিতিৰ সভাপতি প্ৰহ্লাদ গগৈৰ সহযোগিতাত সমগ্ৰ খহনীয়াগ্ৰস্ত এলেকা পৰিদৰ্শন কৰি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি গৰাকীয়ে জলসম্পদ সংমণ্ডলৰ অভিযন্তা প্ৰতীম গগৈ, সহকাৰী কাৰ্যবাহী অভিযন্তা লক্ষী নাথ ফুকনৰ বেপৰোৱা নীতিৰ তীব্ৰ সমালোচনা কৰে ।

ব্ৰহ্মপুত্ৰৰ জলধাৰা হ্ৰাস পাই থাকোতেই কোনো ধৰণৰ প্ৰতিৰোধী ব্যৱস্থা হাতত নোলোৱা বাবেই দিনক দিনে এই সমস্যাই জটিল ৰূপ ধাৰণ কৰি অহা বুলি কৈ মথাউৰী আৰু ব্ৰহ্মপুত্ৰৰ ব্যৱধান ক্ৰমাৎ হ্ৰাস পাই অহাৰ পাছতো নিৰ্বিকাৰ হৈ নিদ্ৰাত মগ্ন হোৱা অকমন্য বিষয়া সকলৰ বিৰুদ্ধে জলসম্পদ মন্ত্ৰী পিযুছ হাজৰিকাই তাৎক্ষণিক অনুশাসন মূলক ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনায় ।

লখিমপুৰ জিলা আয়ুক্ত আৰু ঢকুৱাখনা সমজিলাৰ আয়ুক্ত ,সাংসদ প্ৰদান বৰুৱা,বিধায়ক নৱ দলে , ঢকুৱাখনা জলসম্পদৰ বেপৰোৱা অভিযন্তা, সহকাৰী কাৰ্যবাহী অভিযন্তাৰ এই স্পৰ্শকাতৰ সমস্যাৰ প্ৰতি প্ৰদৰ্শন কৰা ল'ৰা ধেমালিৰ বাবে গৰিহণা দি সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত বিভাগীয় মন্ত্ৰীৰ হস্তক্ষেপ দাবী জনাই ।

কেন্দ্ৰীয় সভাপতি গৰাকীয়ে অতি শীঘ্ৰে এই স্পৰ্শকাতৰ সমস্যাৰ প্ৰতি যদি এনেবোৰ ৰজাঘৰীয়া পক্ষই যথোচিত গুৰুত্ব আৰোপ নকৰে তেন্তে অনাগত সময়ত নদীপৰিয়া ৰাইজৰ সহযোগিতাত কৃষক মুক্তিৰ উদ্যোগত এক গণতান্ত্ৰিক প্ৰতিবাদী সংগ্ৰামৰ আৰম্ভ কৰিব বুলি সকীয়াই দিয়ে ।

ঢকুৱাখনা