ঢকুৱাখনাত ধনৰ বিনিময়ত জ্যেষ্ঠ বিজেপিক চেৰাই কনিষ্ঠ বিজেপিক প্ৰাৰ্থিত্ব প্ৰদানৰ অভিযোগ...

 ঢকুৱাখনা জিলা বিজেপিত জ্যেষ্ঠ নীতিনিষ্ঠ দলীয় কৰ্মীৰ গুৰুত্ব নাই। অগপ ত্যাগী গেৰুৱাবসন পিন্ধা নব দলেৰ  লগতে বিগত ১৫ বছৰ ধৰি নিৰবিছিন্ন ভাবে বিজেপি দলৰ গুৰি ধৰি অহা এগৰাকী  নিষ্ঠাবান গেৰুৱা নেত্ৰীযে শুক্ৰবাৰে দলীয়

author-image
Asomiya Pratidin
New Update
Untitled-2.psd

ডিজিটেল সংবাদ, ঢকুৱাখনা:  ঢকুৱাখনা জিলা বিজেপিত জ্যেষ্ঠ নীতি নিষ্ঠ দলীয় কৰ্মীৰ গুৰুত্ব নাই। অগপ ত্যাগী গেৰুৱাবসন পিন্ধা  নব দলেৰ লগতে বিগত ১৫ বছৰ ধৰি নিৰবিছিন্ন ভাবে বিজেপি দলৰ গুৰি ধৰি অহা এগৰাকী  নিষ্ঠাবান গেৰুৱা নেত্ৰীযে শুক্ৰবাৰে দলীয় প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হৈ এই অভিযোগ উত্থাপন কৰিছে।

Advertisment

ঢকুৱাখনা জিলা বিজেপিৰ উপ সভানেত্ৰী মমী  খনিকৰে শুক্ৰবাৰে সংবাদ মাধ্যমৰ আগত গুৰুতৰ অভিযোগ উত্থাপন কৰি কয় পঞ্চায়ত নিৰ্বাচনৰ দলীয় প্ৰাৰ্থীত্ব প্ৰদানৰ নামত  ব্যাপক হাৰত অৰ্থৰ লেনদেন হৈছে। ধনৰ বিনিময়ত দলীয় প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ মুকলি অভিযোগ উত্থাপন কৰি  জিলা বিজেপিৰ উপ সভানেত্ৰী গৰাকীয়ে কয় ধনৱন্ত হোৱাৰ বাবেই দলীয় মঞ্চত কোনোদিনে সক্ৰিয় সেৱা আগবঢ়াই নহা স্বত্তেও 
ছোনিয়া বৰগোঁহাইক পশ্চিম ঢকুৱাখনা জিলা পৰিষদ সমষ্টিত গেৰুৱা দলটোৱে দলীয় প্ৰাৰ্থীত্ব  প্ৰদান কৰি খনিকৰক বঞ্চিত কৰে।

একালত ঢকুৱাখনাৰ বিধায়ক নব দলেৰ অতি ঘনিষ্ঠ হিচাবে পৰিচিত অগপৰ ঢকুৱাখনা জিলা  সমিতিৰ মহিলা পৰিষদৰ যুটীয়া সম্পাদিকা ,পৰৱৰ্তী সময়ত  বিজেপিৰ ঘিলামৰা মণ্ডল মহিলা মৰ্চাৰ  সাধাৰণ সম্পাদিকা ,পশ্চিম ঢকুৱাখনা মণ্ডল মহিলা মৰ্চাৰ সভানেত্ৰী আৰু সম্প্ৰতি  বিজেপিৰ ঢকুৱাখনা জিলা সমিতিৰ উপ সভানেত্ৰী পদত অধিষ্ঠিত মমী খনিকৰে দলৰ প্ৰতি আগবঢ়াই অহা যুগজয়ী  নিঃস্বাৰ্থ সেৱাৰ অন্তত এইবাৰ পশ্চিম ঢকুৱাখনা জিলা পৰিষদ সমষ্টিৰ পৰা দলীয় প্ৰাৰ্থীত্ব বিচাৰিছিল ।

খনিকৰে জনোৱা মতে বিধায়ক নব দলেযে প্ৰাৰ্থীত্ব ঘোষণাৰ আগমুহূৰ্তলৈকে প্ৰাৰ্থীত্ব প্ৰদানৰ নিশ্চয়তা প্ৰদান কৰিছিল তেওঁক। কিন্তু বাস্তৱত সেয়া নহল । মোটা অংকৰ ধনৰ বিমিময়ত দলৰ প্ৰতি নিষ্ঠাবান সেৱা আগবঢ়াই অহা খনিকৰৰ পৰিবৰ্তে প্ৰাৰ্থীত্ব প্ৰদান কৰিলে  ছোনিয়া বৰগোঁহাইক। তাতেই ক্ষুণ্ণ হৈ খনিকৰে আজি বিধায়ক নৱ দলে আৰু জিলা বিজেপিৰ সভাপতি স্বৰূপ কোঁৱৰক প্ৰতাৰক আৰু অৰ্থলোভী আখ্যা দি দলত্যাগ কৰে আৰু   নিৰ্দলীয় ভাবে মনোনয়ন পত্ৰ দাখিল কৰে।

শতাধিক সমৰ্থকৰে পৰিবেষ্টিত হৈ খনিকৰে  জিলা পৰিষদ সমষ্টিটোৰ পৰা নিৰ্দলীয় ভাবে মনোনয়ন দাখিল কৰাত গেৰুৱা মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সূত্ৰপাত ঘটিছে।  লখিমপুৰ জিলা লেখিকা সমাৰোহ সমিতিৰ এগৰাকী সক্ৰিয় সদস্য, সোনাৰী চাপৰি লেখিকা সমাৰোহ সমিতিৰ সাধাৰণ সম্পাদিকা, ঢকুৱাখনা জিলা চুতীয়া জাতি মহিলা সন্মিলনীৰ সভানেত্রী সোনাৰী চাপৰি মহাবিদ্যালয়ৰ  অসমীয়া বিভাগৰ অংশকালীন শিক্ষক তথা এগৰাকী অগ্ৰণী মহিলা সংগঠক নেত্ৰী হিচাবে সৰ্বপৰিচিত খনিকৰৰ প্ৰতি বিধায়ক নব দলে আৰু স্বৰূপ কোঁৱৰ বাহিনীয়ে কৰা প্ৰতাৰণা প্ৰবঞ্চনাৰ প্ৰতিবাদত খনিকৰে দল পদ ত্যাগ কৰি এঘৰী যুঁজাৰ সংকল্প গ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে।  

দলৰ প্ৰতি নিঃস্বাৰ্থ সেৱা আগবঢ়াই অহাৰ পাছতো কেৱল ধনৰ লোভত পৰি নব  দলে বাহিনীযে পঞ্চায়ত প্ৰাৰ্থীত্ব দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে। অৰ্থলোভী নেতৃত্বৰ এনে প্ৰবঞ্চনাৰ প্ৰতিবাদ জনাই খনিকৰে  নিৰ্দলীয় ভাবেই নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ নিশ্চয়তা প্ৰদান কৰে ।উল্লেখযোগ্য যে  ভাৰতীয় জনতা পাৰ্টিৰ দলীয় প্ৰাৰ্থীত্ব পশ্চিম ঢকুৱাখনা জিলা পৰিষদ সমষ্টিৰ পৰা সোনাৰী চাপৰি নিবাসী ছোনিয়া বৰগোঁহাইক প্ৰদান কৰে । শুক্ৰবাৰে সমষ্টিটোৰ পৰা দুয়োগৰাকী প্ৰাৰ্থীযে গৰিষ্ঠ সংখ্যক সমৰ্থকক লগত লৈ মনোনয়ন পত্ৰ দাখিল কৰে ।তদ্ৰুপ ভাবে   ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থীত্ব ঢকুৱাখনা ব্লক মহিলা কংগ্ৰেছৰ সভানেত্ৰী মিনাক্ষী গগৈয়ে লাভ কৰি এই সমষ্টিটোৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰে । জনামতে তিনি গৰাকী প্ৰাৰ্থীয়ে সমষ্টিটোৰ  পৰা প্ৰতিদ্বন্দ্বিতাত নামিছে  ।

বিজেপি