/asomiyapratidin/media/media_files/2025/05/11/wT1NIDDbYHouWdCOHpzs.jpg)
পাকিস্তানৰ ড্ৰ'ন, মিছাইল ধ্বংসৰ প্ৰমাণ দিলে ৰাজীৱ ঘাইয়ে
ডিজিটেল ডেস্ক: পাকিস্তানৰ যুদ্ধবিৰতি উলংঘাৰ পাছত প্ৰথমবাৰলৈ সংবাদমেল সম্বোধন কৰিলে ডিজিএমঅ’ লেফটেনেণ্ট জেনেৰেল ৰাজীৱ ঘাইয়ে। বিয়লি ৬:৩০ বজাত সম্বোধন কৰা সংবাদমেল খনত কেইবাটাও গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ কৰে।
/asomiyapratidin/media/media_files/2025/05/11/iACtyKmjidVCU4wNrPUc.webp)
অপাৰেচন সিন্দুৰৰ সন্দৰ্ভত অনুষ্ঠিত সংবাদমেলখনত ৰাজীৱ ঘাইয়ে সদৰি কৰে যে, "২২ এপ্ৰিলত পহলগামত ২৬ জন নিৰীহ লোকক অতি নিষ্ঠুৰতাৰে হত্যা কৰিছিল। এই সংবাদমেলতে সন্ত্ৰাসবাদীৰ ঘাটিৰ ছবি প্ৰকাশ কৰাৰ লগতে সন্ত্রাসবাদীৰ ৯টা ঘাটি আৰু শতাধিক সন্ত্রাসবাদীক নিধন কৰাৰ কথা উল্লেখ কৰে। সংবাদমেলত পাকিস্তানৰ ড্ৰ'ন, মিছাইল ধ্বংসৰ প্ৰমাণ দিলে ৰাজীৱ ঘায়ে।
ষ্ট্রাইকত ভাৰতীয় বায়ু সেনাৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা সদৰি কৰি পেহেলগামৰ প্রতিশোধ নিখুঁতভাৱে দিয়া হৈছে বুলি জানিবলৈ দিয়ে। লগতে "ইয়াৰ বাহিৰে কোনো বিকল্প নাছিল" বুলিও উল্লেখ কৰে। মুৰিদকেত ভাৰতীয় সেনাই ৪টাকৈ মিছাইলেৰে আক্রমণ কৰিছিল আৰু বহাৱলপুৰতো নিখুঁটভাৱে নিৰ্দিষ্ট স্থানত আঘাত সনা হৈছিল। "আমাৰ লক্ষ্য আছিল সন্ত্রাসবাদীৰ ঘাটি আৰু সন্ত্রাসবাদী" বুলি সংবাদমেলত সদৰি কৰে।
👇
ইফালে, ভাৰতীয় সেনাৰ ঘাটিত আক্রমণৰ লক্ষ্য কৰি লৈছিল পাকিস্তানে। পাকিস্তানৰ প্রতিটো আক্রমণ ব্যৰ্থ কৰিছিল ভাৰতীয় সেনাই। আনহাতে, অসামৰিক বিমানকো ঢাল হিচাপে ব্যৱহাৰৰ চেষ্টা চলাইছিল পাকিস্তানী সেনাই। ৭-১০মে’লৈ ভাৰতৰ আক্ৰমণত ৩৫-৪০জন পাকিস্তানী সেনা বিষয়া, জোৱান নিহত হৈছিল। বাৰম্বাৰ ভাৰতৰ বিমানঘাটিত আক্রমণৰ বাবে কঠোৰ সিদ্ধান্ত লৈছিল ভাৰতীয় সেনাই।
ইছলামাবাদৰ গুৰুত্বপূৰ্ণ বিমানঘাটিত আক্রমণ কৰিছিল ভাৰতে। ভাৰতীয় সেনাৰ আক্রমণত ধ্বংস হৈছিল পাকিস্তানৰ গুৰুত্বপূৰ্ণ এয়াৰফিল্ড। ভাৰতৰ এই আক্রমণত ৩টা ম’ষ্ট ৱাণ্টেড সন্ত্রাসবাদী নিধন হৈছিল। নিহত সন্ত্ৰাসবাদী কেইটা হৈছে,ইউছুফ আজহাৰ, আব্দুল মালিক ৰোফ আৰু মুদাচ্চিৰ আহমেদ।
ইফালে পাকিস্তানী সেনাই যুদ্ধবিৰতি উলংঘন কৰিলেই কঠোৰ হ’ব ভাৰতীয় সেনা। ইতিমধ্যে সেনাৰ কমাণ্ডাৰক প্রত্যুত্তৰৰ পূৰ্ণ কৰ্তৃত্ব দিয়া হৈছে। ভাৰতৰ অখণ্ডতাৰ প্রতি অহা ভাবুকিক কঠোৰ হাতেৰে প্রতিহত কৰিব বুলিও সংবাদমেলত স্পষ্টভাৱে উল্লেখ কৰে। আনহাতে, নিৰ্দিষ্ট লক্ষ্যত আঘাত সানিব পৰাকৈ সম্পূৰ্ণ সাজু হৈ আছে ভাৰতীয় নৌ সেনা। প্রয়োজনত কৰাচীতো আক্রমণ কৰিব পৰাকৈ সষ্টম হৈ আছে নৌ সেনা।