/asomiyapratidin/media/media_files/2024/12/05/Qt6xgmZ9ivIF0K0g647y.jpg)
ডিজিটেল ডেস্ক : জল্পনা- কল্পনাৰ অন্ত পেলাই আজি মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব বিজেপি নেতা দেৱেন্দ্ৰ ফাড়নবিছে। বৃহস্পতিবাৰে মুম্বাইৰ আজাদ ময়দানত অনুষ্ঠিত হ’ব শপতগ্ৰহণ অনুষ্ঠান। মুখ্যমন্ত্ৰী হিচাপে ফাড়নবিছক শপত আৰু গোপনীয় ৰক্ষাৰ বাক্য পাঠ কৰোৱাব ৰাজ্যপাল চি পি ৰাধাকৃষ্ণনে।
আজি বিয়লি ৫-৩০ বজাত আজাদ ময়দানত অনুষ্ঠিত হ’ব নতুন মুখ্যমন্ত্ৰীগৰাকীৰ শপতগ্ৰহণ পৰ্ব। এই পৰ্বত উপস্থিত থাকিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি বিজেপিশাসিত কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰীসকল।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
/asomiyapratidin/media/member_avatars/a-/AFdZucrahs0cQJtCvPJgez1pmKf-b8DYLM8QcmdGGzcV=s96-c.jpeg )
 Follow Us
 Follow Us