Advertisment

সিন্দে আউট, দেৱেন্দ্ৰ ফাডনাভিছ ইন!

বুধবাৰে মহাৰাষ্ট্ৰৰ থানেত সংবাদ মাধ্যমক সম্বোধন কৰি তেওঁ স্পষ্টকৈ কয় যে মুখ্যমন্ত্ৰী পদৰ বাবে তেওঁৰ কোনো আকাংক্ষা নাই। ইফালে বিজেপিয়ে ৰাজ্যখনৰ বাঘজৰী দেৱেন্দ্ৰ ফাডনাভিছৰ হাতত অৰ্পণ কৰিব পাৰে বুলি ধাৰণা কৰা হৈছে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ  মুখ্যমন্ত্ৰীৰ পদ সন্দৰ্ভত চলি থকা জল্পনা-কল্পনাৰ অন্ত পেলালে মহাৰাষ্ট্ৰৰ ভাৰপ্ৰাপ্ত মুখ্যমন্ত্ৰী একনাথ সিন্দেয়ে। বুধবাৰে মহাৰাষ্ট্ৰৰ থানেত সংবাদ মাধ্যমক সম্বোধন কৰি তেওঁ স্পষ্টকৈ কয় যে মুখ্যমন্ত্ৰী পদৰ বাবে তেওঁৰ কোনো আকাংক্ষা নাই। 

Advertisment

ইফালে বিজেপিয়ে ৰাজ্যখনৰ বাঘজৰী দেৱেন্দ্ৰ ফাডনাভিছৰ হাতত অৰ্পণ কৰিব পাৰে বুলি ধাৰণা কৰা হৈছে। এই সন্দৰ্ভত সিন্দেয়ে কয় যে, বিজেপিৰ মুখ্যমন্ত্ৰী যিয়েই নহওঁক তেওঁক মই সমৰ্থন কৰা লগতে মুখ্যমন্ত্ৰী পদ সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ সিদ্ধান্তকো মই মানি ল'ম। 

তেওঁ লগতে কয় যে, কালি মই প্ৰধানমন্ত্ৰী মোডীৰ সৈতে কথা পাতিছিলোঁ। মই মোডী জীক কৈছো, মোৰ কাৰণে আপোনাৰ চৰকাৰ গঠনত কোনো সমস্যা নহয়। আপুনি আপোনাৰ সিদ্ধান্ত লওঁক। আপোনাৰ সিদ্ধান্ত আমাৰ বাবে চূড়ান্ত। 

ইফালে সিন্দেৰ এই স্পষ্টীকৰণৰ পাছত মহাৰাষ্ট্ৰৰ বিজেপিৰ মুৰব্বী চন্দ্ৰশেখৰ বাৱানকুলে একনাথ সিন্দেক ‘বৃহৎ হৃদয়ৰ’ নেতা বুলি অভিহিত কৰে। তেওঁ কয় যে সিন্দেয়ে মহাযুতিক শক্তিশালী কৰি তুলিলে। তেওঁ কয়, মই তেওঁৰ প্ৰতি মোৰ কৃতজ্ঞতা প্ৰকাশ কৰিছো। 

সদ্যহতে শিৱসেনাৰ নেতা তথা মুখ্যমন্ত্ৰী একনাথ সিন্দেৰ পৰৱৰ্তী ভূমিকা তথা তেওঁৰ বিকল্প কি হ’ব তাকে লৈ সৰ্বত্ৰে চৰ্চা চলিছে। সিন্দেক কেন্দ্রত মন্ত্রীত্ব প্ৰদান কৰা হ’ব বুলিও ৰাজনৈতিক মহলত আলোচনা চলিছে ৷ উল্লেখ কৰা প্ৰয়োজন যে, একনাথ সিন্দেক কেন্দ্ৰত মন্ত্ৰীত্ব প্ৰদান কৰিব লাগে বুলি মন্তব্য কৰিছে RPI-A নেতা ৰামদাস আথাৱালে।

দেৱেন্দ্ৰ ফাডনাভিছ