নয়দাত বিধ্বংসী অগ্নিকাণ্ড : অট্টালিকাৰ পৰা জপিয়াই প্ৰাণ ৰক্ষাৰ চেষ্টা আবাসীৰ...

উত্তৰ প্ৰদেশৰ নয়দাত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। মঙলবাৰে দিনৰ ভাগত ১৮ নং ছেক্টৰ এলেকাত সংঘটিত হয় এই ঘটনা। 

author-image
Asomiya Pratidin
New Update
নয়দাত বিধ্বংসী অগ্নিকাণ্ড

ডিজিটেল ডেস্ক : উত্তৰ প্ৰদেশৰ নয়দাত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। মঙলবাৰে দিনৰ ভাগত ১৮ নং ছেক্টৰ এলেকাত সংঘটিত হয় এই ঘটনা। 

Advertisment

জানিব পৰা মতে উক্ত অঞ্চলটোৰে এটা অট্টলিকাত জুইৰ সূত্ৰপাত হৈ ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। লগে লগে অট্টালিকাটো জুই আৰু ধোঁৱাৰে আৱৰি ধৰে আৰু আবাসীৰ মাজত আতংকৰ সৃষ্টি হয়। ইয়াৰ পাছতে আতংকিত আবাসীসকলে প্ৰাণৰ মমতাত অট্টালিকাটোৰ খিৰিকীৰে জপিয়াই প্ৰাণ ৰক্ষাৰ চেষ্টা কৰে।

উল্লেখযোগ্য যে, এই সমগ্ৰ ঘটনাৰ দৃশ্য কেমেৰাত বন্দী হোৱাৰ পাছতে এতিয়া সামাজিক মাধ্যমত যথেষ্ট ভাইৰেল হৈ পৰিছে। ইতিমধ্যে উক্ত ঘটনাৰ পাছতে অগ্নিনিৰ্বাপক বাহিনীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ জুই নুমুৱাবলৈ চেষ্টা অৱ্যাহত ৰাখিছে। ইফালে উক্ত ঘটনাত কোনো লোক হতাহত হোৱা নাই। সৌভাগ্যক্ৰমে আবাসীসকল ৰক্ষা পৰে বুলি জানিব পৰা গৈছে।

uttar pradesh