/asomiyapratidin/media/media_files/2025/08/02/ap-for-web4556-2025-08-02-09-18-11.jpg)
ডিজিটেল ডেস্ক : নন্দিনী কাশ্যপৰ গ্ৰেপ্তাৰৰ পাছতে ভ্ৰাম্যমাণ থিয়েটাৰপ্ৰেমীৰ মাজত চৰ্চা চলিছে নন্দিনীৰ বিকল্প অভিনেত্ৰী হিচাপে কাৰ লগত চুক্তিবদ্ধ হ'ব ৰাজধানী থিয়েটাৰ। কোনগৰাকী অভিনেত্ৰীক দেখা যাব ৰাজধানী থিয়েটাৰৰ মঞ্চত । ইয়াৰ মাজতে অৱশেষত ৰাজধানী থিয়েটাৰে ঘোষণা কৰিলে অভিনেত্ৰীৰ নাম ।
নন্দিনী কাশ্যপৰ বিকল্প হিচাপে ৰাজধানী থিয়েটাৰৰ মঞ্চত দেখা যাব জনপ্ৰিয় অভিনেত্ৰী দেৱাশ্ৰী দাসক । হেঙুল, সূৰ্য, বৃন্দাবন থিয়েটাৰ আদিকে ধৰি ভালেকেইখন থিয়েটাৰত অভিনয় কৰি ব্যাপক সমাদাৰ লাভ কৰা দেৱাশ্ৰী এগৰাকী প্ৰতিভাসম্পন্ন অভিনেত্ৰী।
সেই হেতুকে বৃহস্পতিবাৰে অভিনেত্ৰীগৰাকীক এবছৰৰ বাবে চুক্তিবদ্ধ কৰা হৈছে ৰাজধানী থিয়েটাৰত। উল্লেখযোগ্য যে, অভিনেত্ৰী নন্দিনী কাশ্যপৰ সৈতে চুক্তি বাতিলৰ পাছতে এই সিদ্ধান্ত গ্ৰহণ কৰে নাট্যদলটোৱে।
আনহাতে ৰাজধানী থিয়েটাৰৰ নতুন মুখ দেৱাশ্ৰী দাসৰ সৈতে ২০২৫-২৬ ৰ নাট্যবর্ষত দেখিবলৈ পোৱা যাব ৰাগ ঐনিতম, প্ৰাঞ্জনা দত্ত, জুনজুন বৰা, নয়নজ্যোতি, চম্পক শৰ্মা, পাপৰি বৰা, ভৈৰৱজ্যোতি ভূঞা, মনোজ কাশ্যপ, চাজু আহমেদ, অমিতাভ ৰাজখোৱা, ঋষভ শৰ্মা আদিকে ধৰি কেইবাগৰাকীও ন-পুৰণি অভিনেতা-অভিনেত্রীক ।