/asomiyapratidin/media/media_files/2025/06/16/peooYyVCz2Fzd1DTY4jE.jpg)
বটদ্ৰৱা থানত নগাঁৱৰ নৱনিযুক্ত জেষ্ঠ আয়ুক্ত দেৱাশীষ শৰ্মা
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ "কথাৰে নহয়, কামেৰেহে দাঙি ধৰিব, নিজৰ পৰিচয়" গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানত উপস্থিত হৈ এই মন্তব্য নগাঁৱৰ নৱ নিযুক্ত জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ।
জাতীয় সাজ পৰিধান কৰি বতিক্ৰমী ৰূপত দেখা গ'ল নগাঁও জিলা নৱনিযুক্ত জেষ্ঠ আয়ুক্ত দেৱাশীষ শৰ্মাক। বটদ্ৰৱা থানত প্ৰৱেশ কৰি জাপি বাটচৰাত সেৱা লৈ কীৰ্তনঘৰত ভকত বৈষ্ণৱৰ পৰা আশীৰ্বাদ গ্রহণ কৰে জেষ্ঠ আয়ুক্তগৰাকীয়ে।