'খিলঞ্জীয়া অসমীয়াৰ কাষলৈ বিজেপিৰ বাহিৰে বেলেগৰ কাষ চাপিবলৈ সাহস নাই'

jayanta malla baruah
jayanta malla baruah

ডিজিটেল সংবাদ শিৱসাগৰঃ 'শিৱসাগৰ জিলাৰ তিনিওটা পৰিষদীয় সমষ্টিত বিজেপি - অগপৰ মিত্ৰজোঁটেই জয়ী হ'ব। এইবাৰ দেউৰী ৰাইজে অসমৰ ২২ টা সমষ্টিৰ ২২ টাতে জয়ী কৰাব বিজেপি অগপ মিত্ৰজোঁটক।' দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনী প্ৰচাৰ চলি থকাৰ সময়তে আজি শিৱসাগৰত উপস্থিত হৈ এই মন্তব্য কৰে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই।

তেওঁ কয়, আজিৰ তাৰিখত যি নিৰ্বাচনেই নহওঁক কিয় , অসমৰ খিলঞ্জীয়া মানুহৰ ওচৰত বিজেপি অগপ মিত্ৰদলৰ বাহিৰে আন কোনো দল যাব পৰা পৰিৱেশ নাই।

ইয়াৰ উপৰিও কংগ্ৰেছৰ ভাৰত জোড়া যাত্ৰাক সমালোচনা কৰি তেওঁ কয়, যেতিয়া অসমত মিঞা মিউজিয়াম নিৰ্মাণ হয়, তেতিয়া কংগ্ৰেছে ,এ আই ইউ ডি এফে সমৰ্থন জনাই। খিলঞ্জীয়াৰ ওচৰত যোৱাৰ সাহস নাই। কংগ্ৰেছ আৰু কংগ্ৰেছৰ লগত থকা দলসমূহে সেয়ে বৰ্তমান খিলঞ্জীয়া মানুহৰ ওচৰত থিয় দিব নোৱাৰে। মিঞা অধ্যুষিত এলেকাতহে সেয়ে ঘূৰি ফুৰিছে। লোকসভা নিৰ্বাচনতো এনে পৰিৱেশেই দেখিবলৈ পাব। মিঞা অধ্যুষিত এলেকাতে ঘূৰি ফুৰিব।

স্বাধীনতাৰ ৭৫ বছৰে কংগ্ৰেছে ভাৰত জোড়ো কৰিব নোৱাৰিলে। কাক জোড়ো কৰিবলৈ আহিছে নাজানো। যদি মিঞাক জোড়ো কৰিবলৈ অসমত আহিছে কৰি থাকক, আগৰে পৰা জোড়িয়েই আছে।

এ আই ইউ ডি এফ আৰু বিজেপিৰ গোপন মিত্ৰতা চলি থকা বুলি কংগ্ৰেছ বিধায়কে উত্থাপন কৰা অভিযোগ সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ জয়ন্ত মল্ল বৰুৱাৰ। কংগ্ৰেছৰ ঔৰসতে এই আই ইউ ডি এফৰ জন্ম। গতিকে কংগ্ৰেছৰ লগত মিত্ৰতা নকৰি কাৰ লগত কৰিব। কংগ্ৰেছ এই আই ইউ ডি এফ একেটা মুদ্ৰাৰে ইপিঠি সিপিঠি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in