ধেমাজি আৰু জোনাইত দেউৰী স্বায়ত্ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটদানৰ হাৰঃ ৭৯.২৮ আৰু ৮৩.২৬ শতাংশ...

মুঠ ৮০৯৩ গৰাকী ভোটাৰৰ বিপৰীতে ১৬ টা ভোট কেন্দ্ৰত ভোট গ্ৰহন

author-image
Asomiya Pratidin
New Update
ধেমাজি আৰু জোনাইত দেউৰী স্বায়ত্ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটদানৰ হাৰঃ ৭৯.২৮ আৰু ৮৩.২৬ শতাংশ...

দেউৰী স্বায়ত্ত্বশাসিত পৰিষদৰ নিৰ্বাচন

ডিজিটেল সংবাদ ,ধেমাজিঃ মঙ্গলবাৰে অনুষ্ঠিত হোৱা দেউৰী স্বায়ত্ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটদানৰ প্ৰক্ৰিয়া ধেমাজি আৰু জোনাইত শান্তিপূৰ্ণভাৱে হৈ যায়। মঙ্গলবাৰে পুৱা ৮ বজাৰ পৰা আৰম্ভ হোৱা ভোটদান প্ৰক্ৰিয়াত ধেমাজি সদৰ মহকুমাৰ ৪টা সমষ্টিত মুঠ ৮০৯৩ গৰাকী ভোটাৰৰ বিপৰীতে ১৬ টা ভোট কেন্দ্ৰত ভোট গ্ৰহন প্ৰক্ৰিয়া অনুষ্ঠিত হয়।

Advertisment

ইয়াৰে চিচিবৰগাঁও সমষ্টিত ২০১৭ গৰাকী ভোটাধিকাৰৰ বিপৰীতে ভোটাদানৰ হাৰ ৭৯.৩৮%, একেদৰে চিৰিপানী সমষ্টিত ২২০৮ গৰাকী বিপৰীতে ভোটদানৰ হাৰ ৭৫.০৬%, বৰদলনি সমষ্টিত ১২৬৯ গৰাকী ভোটাধিকাৰ বিপৰীতে ভোটদানৰ হাৰ ৮০.০১% আৰু গোগামুখ সমষ্টিত ১৭৯৯ গৰাকীৰ ঠাইত ভোটদানৰ হাৰ হৈছে ৮৩.০৯% ৷ সৰ্ব্বমুঠ ধেমাজি সদৰৰ চাৰিটা সমষ্টিত ভোটদানৰ হাৰ ৭৯ .২৮ শতাংশ আৰু জোনাইত সমষ্টিত ৮৩.২৬ শতাংশ ৷

অন্যহাতে জন সংযোগ বিভাগৰ পৰা জনোৱা মতে জিলাখনত শান্তিপূৰ্ণভাৱে দেউৰী স্বায়ত্ত্বশাসিত নিৰ্বাচন হৈ যোৱা বাবে ধেমাজি জিলা উপায়ুক্ত অসীম কুমাৰ ভট্টাচাৰ্যই সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰে ৷

deuri autonomous council dhemaji deuri autonomous council election22 jonai