দীৰ্ঘ দিনীয়া আইনী যুঁজৰ অৱসান ঘটাই ধ্বংসস্তূপত পৰিনত গগণচুম্বী টুইন টাৱাৰ…

দীৰ্ঘ দিনীয়া আইনী যুঁজৰ অৱসান ঘটাই ধ্বংসস্তূপত পৰিনত গগণচুম্বী টুইন টাৱাৰ…

author-image
asomiyapratidin
New Update
দীৰ্ঘ দিনীয়া আইনী যুঁজৰ অৱসান ঘটাই ধ্বংসস্তূপত পৰিনত গগণচুম্বী টুইন টাৱাৰ…

ডিজিটেল ডেস্কঃ অৱশেষত আইনী যুঁজৰ ওচৰত হাৰ মানিলে গগণচুম্বী টুইন টাৱাৰে।মহামান্য আদালতৰ ৰায়দানত পোহৰলৈ আহিল টুইন টাৱাৰ অবৈধভাৱে নিৰ্মাণ কৰা হৈছিল।সেয়ে দক্ষিণ আফ্ৰিকা আৰু ভাৰতৰ বিশেষজ্ঞৰ পৰিকল্পনা মতেই ধ্বংস কৰি দিয়া হ'ল ২৯ মহলাযুক্ত কেয়ান আৰু ৩২ মহলাযুক্ত এপেক্স নামৰ টুইন টাৱাৰটো।

Advertisment

 উল্লেখ্য যে, কুটুবমিনাৰতকৈ প্ৰায় ১০০মিটাৰ ওখ গাঠঁনিবোৰ সৰি পৰিছিল মাটিলৈ। ধ্বংসৰ আগমূহুৰ্তত প্ৰশাসনে ২-১৫ৰ পৰা ২-৪৫বজালৈ বন্ধ কৰি দিছিল এক্সপ্ৰেছৱে।চহৰখনৰ এটা অংশ ড্ৰোণৰ বাবে ন' ফ্লাই জ'ন কৰি দিয়া হৈছিল। প্ৰায় ১৭ কোটি টকা ব্যয়ৰে ধ্বংস কৰা হয় টুইন টাৱাৰটো। বিশাল অট্টালিকাটোৰ ধ্বংসস্তূপ পৰ্বত সদৃশ হৈ পৰি আছে ওচৰে-পাজৰে।

টুইন টাৱাৰ নিৰ্মাণৰ বাবে ২০০৫ চনত নিউ ওখলা উন্নয়ন কতৃপক্ষই পোনপ্ৰথমে পৰিকল্পনা কৰিছিল।পৰ্যায় ক্ৰমে ২০০৯চনত কেয়ান আৰু এপেক্স নামেৰে নিৰ্মাণ কৰা হৈছিল টুইন টাৱাৰ। তাৰ পাছতে যেন টুইন টাৱাৰলৈ নামি অমানিশা। ২০১২ চনৰ মাজভাগত এমাৰ্ল্ডৰ বাসিন্দাসকলে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ওচৰত টাৱাৰ দুটাৰ বিৰুদ্ধে গোচৰ ৰজু কৰিছিল।ফলত ২০১৪ চনত এলাহাবাদ উচ্চ ন্যায়ালয়ে আৱাসীসকলৰ সপক্ষে ৰায় দিয়ে। তাৰ পৰিপ্ৰেক্ষিতত বিষয়টো উচ্চতম ন্যায়ালয়ে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ৰায়ক আদৰণি জনাইছিল। শেষত ২৮ আগষ্ট দেওবাৰে মাত্ৰ ৯ ছেকেণ্ডৰ ভিতৰতে ধূলিৰ ধুমুহা সৃষ্টি কৰি ধ্বংসস্তূপত পৰিনত গগণচুম্বী টুইন টাৱাৰ।

twin tower noyda india