নগাঁও জিলাত দেশভক্তি দিৱস উদযাপন

নগাঁও জিলা প্ৰশাসনৰ সৌজন্যত আৰু জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কার্যালয়ৰ সহযোগত দেশভক্ত তৰুণৰাম ফুকন দেৱৰ পুণ্য স্মৃতি দিৱস উপলক্ষে "দেশভক্তি দিৱস-২০২৫" অনুষ্ঠিত হয় ।

author-image
Asomiya Pratidin
New Update
নগাঁও জিলাত দেশভক্তি দিৱস উদযাপন

ডিজিটেল সংবাদ, নগাঁও: আজি নগাঁও জিলা প্ৰশাসনৰ সৌজন্যত আৰু জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কার্যালয়, নগাঁৱৰ সহযোগত দেশভক্ত তৰুণৰাম ফুকন দেৱৰ পুণ্য স্মৃতি দিৱস উপলক্ষে জিলাভিত্তিত "দেশভক্তি দিৱস-২০২৫" ৰ অনুষ্ঠানটি নগাঁও শ্বহীদ ভৱনৰ প্ৰেক্ষাগৃহত আড়ম্বৰপূৰ্ণ ভাৱে অনুষ্ঠিত কৰা হয় । অসম সংগীতেৰে আৰম্ভ হোৱা উক্ত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত  জিলা আয়ুক্তৰ সৈতে সভাত উপস্থিত বিশিষ্ট ব্যক্তিসকলে দেশভক্ত তৰুণৰাম ফুকন দেৱৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুষ্পঞ্জলী অৰ্পণ কৰে । 

জিলা খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ উপ পৰিদৰ্শক পলাশী বৰায়ে সুন্দৰ উপস্থাপনেৰে আঁত ধৰা অনুষ্ঠানটিত আদৰণি ভাষণ প্ৰদান কৰি জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই অক্লান্ত দেশপ্ৰেমিক, দেশভক্ত তৰুণৰাম ফুকনদেৱৰ কৰ্মৰাজি শ্ৰদ্ধাৰে সোঁৱৰণ কৰি তেখেতৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ এখন সুস্থ সমাজ গঢ়িবলৈ উপস্থিত যুৱপ্ৰজন্মৰ প্ৰতি আহ্বান জনায় । 

চামগুৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ইন্দ্ৰজিৎ বেজবৰুৱা অনুষ্ঠানটিত নিৰ্দিষ্ট বক্তা ৰূপে উপস্থিত থাকি তেওঁৰ ভাষণত প্ৰথমেই দেশভক্ত তৰুণৰাম ফুকন দেৱৰ বংশাৱলীৰ বিষয়ে বিস্তৃত বাখ্যা দাঙি ধৰি কয় যে, এগৰাকী ব্যক্তিৰ পৰিচয় তেওঁৰ বংশৰ প্ৰতিষ্ঠাৰ উপৰিও তেওঁৰ সামাজিক প্ৰতিষ্ঠাইহে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰে। তেখেতে সেই সময়ত ফুকনদেৱে কানি নিবাৰণ, অসমৰ স্বায়ত্ব শাসন আদি বিষয়সমূহৰ ওপৰত গ্ৰহণ কৰা স্থিতিৰ বিষয়ে উল্লেখ কৰে। 

তেওঁ কয় যে, দেশভক্ত তৰুণৰাম ফুকনদেৱে তেওঁৰ জীৱন পৰিক্ৰমাত শিক্ষা গ্ৰহণৰ সময়খিনিৰ বাদ দি জীৱনৰ বাকী সময়চোৱা অসম আৰু অসমীয়া জাতিৰ হকে উৎসৰ্গা কৰিছিল। আধুনিক গুৱাহাটী নিৰ্মাণৰ ক্ষেত্ৰত ফুকনদেৱে আগবঢ়োৱা অৱদানক স্মৰণ কৰি তেখেতে উল্লেখ কৰে যে, অসমত অঞ্চলিকতাবাদৰ ভেটি সুদৃঢ় কৰাৰ বাবে ফুকনদেৱৰ প্ৰচেষ্টাত অসমৰ প্ৰথম আঞ্চলিক দল ইউনাইটেড পিপুল পাৰ্টি প্ৰতিষ্ঠা হৈছিল। 

অসুস্থ দেহাৰে গোপীনাথ বৰদলৈদেৱৰ নেতৃত্বাধীন সন্মিলিত চৰকাৰ গঠনৰ ক্ষেত্ৰতো ফুকনদেৱে গ্ৰহণ কৰা পদক্ষেপৰ কথাও তেখেতে বক্তব্যত উল্লেখ কৰে। সভাত নগাঁও জিলা মুক্তি যুঁজাৰু সন্মিলনৰ উপ সভানেত্ৰী  বিভা ফুকনে দেশভক্ত তৰুণৰাম ফুকনদেৱৰ জীৱন আৰু কৰ্মৰাজিৰ ওপৰত বক্তব্য ৰাখে।

আজি আয়োজিত দেশভক্তি দিৱসত জিলা আয়ুক্ত কাৰ্য্যালয়ৰ বিষয়া- কৰ্মচাৰীবৃন্দই এটি দেশভক্তিমূলক সমবেত সংগীত পৰিবেশন কৰাৰ লগতে জনপ্ৰিয় কণ্ঠশিল্পী ঋতুৰাণী মৌচুমীয়ে দেশপ্ৰেমমূলক সংগীত পৰিবেশন কৰে। এই অনুষ্ঠানতেই জিলা আয়ুক্ত কাৰ্যালয়ৰ জ্যেষ্ঠ জিলা প্ৰশাসনিক সহায়ক পবিত্ৰ লাডুয়ে দেশভক্তিমূলক গীত পৰিবেশন কৰাৰ উপৰিও জিলা ক্ৰীড়া বিভাগৰ সৌজন্যত আন্তঃৰাষ্ট্ৰীয় যোগ প্ৰশিক্ষক প্ৰভাত বৰাৰ নেতৃত্বত কেবাটাও যোগ ক্ৰীড়াৰ প্রদর্শন কৰা হয়। 

দেশভক্তি দিৱসৰ অনুষ্ঠানত নগাঁও পৌৰসভাৰ সভানেত্ৰী অম্বিকা মজুমদাৰ, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া  মনোজ কুমাৰ চিকাৰীয়া, জিলা উন্নয়ন আয়ুক্ত দেবযানী চৌধুৰী, ৰহা সম জিলাৰ সম আয়ুক্ত ফিলিছ ভি.এল.এইছ. হ্ৰংচাল, অতিৰিক্ত আয়ুক্ত ক্ৰমে- দেবাহুতি বৰা,  মনোৰমা মৰাং,  শৌভিক ভূঞা, নগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ ধ্ৰুৱ শৰ্মা, প্ৰয়াত মুক্তি যুঁজাৰু সোমেশ্বৰ বৰাৰ পত্নী তথা নগাঁও মুক্তি যুঁজাৰু সন্মিলনৰ উপ সভানেত্ৰী  খৰ্গেশ্বৰী বৰা, সহকাৰী আয়ুক্ত ক্ৰমে-  তেজস অগ্নিহোত্ৰী,  শিল্পীৰেখা পণ্ডিত,  জুতিকা কুমাৰী, অৰুণাভ চৌধুৰীকে ,জিলা তথ্য আৰু জনসংযোগ বিষয়া মন্দিৰা চায়েঙীয়াকে প্ৰমুখ্য কৰি জিলাখনৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকল, বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ বিষয়ববীয়াসকল, বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী, জিলা আয়ুক্ত কাৰ্যালয় আৰু জিলা তথ্য আৰু জনসংযোগ বিষয়া কাৰ্য্যালয়ৰ কৰ্মচাৰীসকল উপস্থিত থাকে।

নগাওঁ জিলা আয়ুক্ত তৰুণৰাম ফুকন