/asomiyapratidin/media/media_files/2025/03/13/EEJplTQiZb9RRwax6JOi.jpg)
দেশভক্ত তৰুণৰাম ফুকন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন
ডিজিটেল সংবাদ শিলচৰ : বৰাক উপত্যকাৰ একমাত্ৰ অসমীয়া মাধ্যমৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় দেশভক্ত তৰুণৰাম ফুকন উচ্চতৰ মাধ্যমিক বিদ্যালয়ে এইবছৰ ৫০ বছৰত ভৰি দিছে। সোণালী জয়ন্তী বৰ্ষত ভৰি দিয়া উপলক্ষে বিদ্যালয়খনে ২০২৪ চনৰ পৰা এবছৰীয়াকৈ পালন কৰি আহিছে বিভিন্ন অনুষ্ঠান।
/asomiyapratidin/media/media_files/2025/03/13/FyNAdT7oFoK7QSMYurq3.jpg)
সেই অনুসৰি অহা ১৮ আৰু ১৯ মাৰ্চত দুদিনীয়া কাৰ্যসূচীৰে পালন কৰিব এই সোণালী জয়ন্তী বৰ্ষ। এই উপলক্ষে বৃহস্পতিবাৰে শিলচৰত এক বিশাল সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। শোভাযাত্ৰাত ছাত্ৰ-ছাত্ৰীসকলৰ লগতে অসমীয়া, বাঙালি , ডিমাচা, নেপালী, কোচ ৰাজবংশী আদি বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলে তেওঁলোকৰ স্বকীয় পোছাক পিন্ধি বাৰেৰহনীয়া শোভাযাত্ৰাত অংশগ্ৰহণ কৰে।
/asomiyapratidin/media/media_files/2025/03/13/S24lLBCdIW4Qa117Xuwd.jpg)
আনহাতে, বিহু নৃত্য পৰিবেশন কৰি একাংশ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়ে শোভাযাত্ৰাৰ সৌষ্ঠৱ দুগুণ বৃদ্ধি কৰে। সামৰণি অনুষ্ঠানৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে স্কুলৰ অধ্যক্ষ সুপৰ্ণ সিনহাই। লগতে মন্ত্ৰী কৌশিক ৰায়সহ শিলচৰ আৰু উদাৰবন্দৰ বিধায়ক ক্ৰমে দিপায়ন চক্ৰৱৰ্তী আৰু মিহিৰ কান্তি সোমৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকিব।