হোজাই জিলা প্ৰশাসনৰ উদ্যোগত দেশভক্তি দিৱস উদযাপন...

হোজাই জিলা প্ৰশাসনৰ উদ্যোগত দেশভক্তি দিৱস উদযাপন...

author-image
Asomiya Pratidin
New Update
হোজাই জিলা প্ৰশাসনৰ উদ্যোগত দেশভক্তি দিৱস উদযাপন...

ডিজিটেল সংবাদ, হোজাই: হোজাই জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত শংকৰদেৱ নগৰৰ আয়ুক্ত কাৰ্যালয়ৰ সভাগৃহত "দেশভক্তি দিৱস" উৎযাপন। উল্লেখ্য যে, দেশভক্ত তৰুণৰাম ফুকনৰ ৮৫ সংখ্যক মৃত্যু তিথি দিনটো দেওবাৰে এনেদৰে 'দেশভক্তি দিৱস' হিচাবে উদযাপন কৰা হয়।

Advertisment

উক্ত অনুষ্ঠানৰ প্ৰথম কাৰ্য্যসূচী অনুসৰি তৰুণৰাম ফুকনৰ প্ৰতিচ্ছবিৰ তলত বন্তি প্ৰজ্বলন, মাল্য অৰ্পন কৰা হয়। উক্ত অনুষ্ঠানত হোজাই জিলাৰ কেইবাজনো অতিৰিক্ত আয়ুক্ত, চৰকাৰী বিষয়া সহ জিলাৰ কেইবাজনো সমাজকৰ্মী ও জিলাখনৰ কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

উক্ত অনুষ্ঠানতেই তৰুণ ৰাম ফুকণৰ জীৱনৰ কৰ্মৰাজী সন্দৰ্ভত বিশিষ্ট ব্যক্তিসকলে তেওঁলোকৰ বহুমুলীয়া ভাষণ প্ৰদান কৰা পৰিলক্ষিত হয়। উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি জিলাখনৰ বিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীৰ মাজত অনুষ্ঠিত কৰা তৰুণৰাম ফুকন দেৱৰ জীৱনৰাজীৰ ওপৰত অনুষ্ঠিত কৰা ৰচনা প্ৰতিযোগিতাৰ বিজয়ী শিক্ষাৰ্থীসকলৰ মাজত বঁটা প্ৰদান কৰা হয়।

Also Read: পেৰিছৰ পৰা আহিল ভাল খবৰ...

hojai TARUN RAM PHUKAN