পানী কমিলেও বিপদ আতৰা নাই বানাক্ৰান্তৰ

বছৰৰ প্ৰথমটো বানত যথেষ্ট ক্ষতিসাধন হ'ল দেৰগাঁৱৰ ২৫ খনৰো অধিক গাঁৱৰ ৰাইজ। সম্প্ৰতি পানী কমিছে যদিও বিপদ আতৰা নাই বানাক্ৰান্তৰ। বানে ভাঙি থৈ গ'ল ব্ৰহ্মপুত্ৰ অঞ্চলৰ শগুনপাৰা কৃষিবান্ধ।

author-image
Asomiya Pratidin
New Update
পানী কমিছে যদিও বিপদ আতৰা নাই বানাক্ৰান্তৰ

পানী কমিলেও বিপদ আতৰা নাই বানাক্ৰান্তৰ

ডিজিটেল সংবাদ, দেৰগাওঁঃ বছৰৰ প্ৰথমটো বানত যথেষ্ট ক্ষতিসাধন হ'ল দেৰগাঁৱৰ ২৫ খনৰো অধিক গাঁৱৰ ৰাইজ। সম্প্ৰতি পানী কমিছে যদিও বিপদ আতৰা নাই বানাক্ৰান্তৰ। বানে ভাঙি থৈ গ'ল ব্ৰহ্মপুত্ৰ অঞ্চলৰ শগুনপাৰা কৃষিবান্ধ। যাৰ ফলত যোগাযোগ বিচ্ছিন্ন হ'ল এটা বৃহৎ অঞ্চলৰ। যাতায়ত কৰিবলৈ ব্যাপক সমস্যাৰ সন্মুখীন ৰাইজ। 

Advertisment

ৰাইজৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি যুৱ নেতা আকাশ ফুকনে অঞ্চলবাসীৰ বাবে যোগান ধৰিছে নাও। ছাত্ৰ-ছাত্ৰীসকলে বিনামূলীয়াকৈ নাৱৰ জৰিয়তে যাতায়তৰ সুবিধা গ্ৰহণ কৰি গৈছে বিদ্যালয়লৈ। নাৱৰে বিপদসংকুল যাত্ৰা শ শ শিক্ষাৰ্থীৰ। শীঘ্ৰেই অঞ্চলটোত জনসাধাৰণৰ যাতায়তৰ একমাত্ৰ পথ তথা মথাউৰি মেৰামতি কৰি সকাহ দিয়াৰ আহ্বান জনাইছে অঞ্চলটোৰ ৰাইজে। 

দেৰগাঁও