উৎকোচ লওঁতেই হাতে-লোটে ধৰা পৰিল উপ অধীক্ষকসহ এজন

বিশ্বনাথত আৰক্ষীৰ দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰণ বিভাগৰ অভিযান। অভিযানত জালত পৰিল বিশ্বনাথ জিলা আবকাৰী বিভাগৰ উপ অধীক্ষক মৰ্মেশ্বৰ দাস । মৰ্মেশ্বৰক উৎকোচ লোৱাৰ ক্ষেত্ৰত সহযোগ কৰা একেটা কাৰ্যালয়ৰ কনিষ্টবল অভিজিত বৰুৱাকো কৰিলে আটক। 

author-image
Asomiya Pratidin
New Update
দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰণ শাখাৰ জালত পৰিল দুজন

দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰণ শাখাৰ জালত পৰিল দুজন

ডিজিটেল সংবাদ, বিশ্বনাথঃ বিশ্বনাথত আৰক্ষীৰ দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰণ বিভাগৰ অভিযান। অভিযানত জালত পৰিল বিশ্বনাথ জিলা আবকাৰী বিভাগৰ উপ অধীক্ষক মৰ্মেশ্বৰ দাস। মৰ্মেশ্বৰক উৎকোচ লোৱাৰ ক্ষেত্ৰত সহযোগ কৰা একেটা কাৰ্যালয়ৰ কনিষ্টবল অভিজিত বৰুৱাকো কৰিলে আটক। 

Advertisment

দিগন্ত বৰা নামৰ এজন ব্যক্তিৰ পত্নীৰ নামত এখন ৱাইন বাৰৰ অনুজ্ঞাপত্ৰ অনুমতিৰ লাভ কৰাৰ পিছত বাৰখন খোলাৰ বাবত বিচাৰিছিল ১ লাখ টকা। পিছত ৫০ হাজাৰ টকাত মান্তি হৈছিল উপ অধীক্ষকগৰাকী। শুকুৰবাৰে এই ধন কাৰ্যালয়তে লোৱাৰ সময়তে হাতে লোটে ধৰা পৰে মৰ্মেশ্বৰ দাস আৰু অভিজিত বৰুৱা। ইতিমধ্যে ধৃত দুয়োজনকে সোধা-পোছা অব্যাহত ৰখাৰ লগতে আবকাৰী বিভাগৰ কাৰ্যালয়তে তদন্ত চলাই আছে আৰক্ষীৰ দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰণ বিভাগৰ দলে।

উল্লেখযোগ্য যে, অভিযোগকাৰী দিগন্ত বৰাৰ পূৰ্বৰ পৰাই আছে আন এখন ৱাইন বাৰ। অভিযোগ অনুসৰি ইয়াৰ পূৰ্বেও বহুবাৰ আবকাৰী বিভাগৰ উপ অধীক্ষক মৰ্মেশ্বৰ দাসে ধন দাবীৰ লগতে সুৰা বিচাৰি হাৰাশাস্তি কৰি আহিছিল অভিযোগকাৰী দিগন্ত বৰাক। কিন্তু এইবাৰ পুনৰ উৎকোচ বিচৰাত উপায়ন্তৰ হৈ আৰক্ষীৰ দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰণ বিভাগৰ সৈতে যোগাযোগ কৰিছিল দিগন্ত বৰাই।

আবকাৰী বিভাগ বিশ্বনাথ