/asomiyapratidin/media/media_files/2024/12/03/QNUVu81wJZxRM9otiUIA.jpg)
ডিজিটেল সংবাদ, ধুবুৰী : অসম কাৰাগাৰ সমূহৰ উপ-মহাপৰিদৰ্শক গৌতম বৰা, গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ অধীক্ষক(এটাচ) পৰিনীতা বৰাসহ এটি দলে মঙলবাৰে ধুবুৰী আৱৰ্ত ভৱনত আহি উপস্থিত হয়। আজিৰে পৰা দুদিনীয়াকৈ তদন্তৰ বাবে ধুবুৰীত আহি উপস্থিত হৈছে অসম কাৰাগাৰ সমূহৰ উপ-মহাপৰিদৰ্শক গৌতম বৰা সমন্বিতে দলটো।
অৱশ্যে ধুবুৰী জিলা কাৰাগাৰ কাণ্ডৰ সন্দৰ্ভত কোনো ধৰণৰ মন্তব্য দিয়াৰ পৰা আজি বিৰত থাকে উপ-মহা পৰিদৰ্শকগৰাকীয়ে। ইপিনে ধুবুৰী জিলা কাৰাগাৰ কৰ্তৃপক্ষৰ ফালৰ পৰা ধুবুৰী জিলা কাৰাগাৰৰ মহিলা কাৰাপ্ৰহৰী দীপশিখা ৰাজবংশীকো বিভাগীয় তদন্তৰ বাবে আজি আৰু কাইলৈ অৰ্থাৎ বুধবাৰে ধুবুৰী জিলা কাৰাগাৰত উপস্থিত থাকিবলৈ কোৱা হৈছে।
উল্লেখযোগ্য যে, ধুবুৰী জিলা কাৰাগাৰৰ অধীক্ষক প্ৰশান্ত ৰাজবংশী, কয়েদী মজিবৰ ৰহমান আৰু ধুবুৰী জিলা কাৰাগাৰৰ মহিলা কাৰাপ্ৰহৰীৰ স্বামী কৃষ্ণ বৰ্মনৰ বিৰুদ্ধে ধুবুৰী জিলা কাৰাগাৰৰে এগৰাকী মহিলা কাৰা প্ৰহৰী দীপশিখা ৰাজবংশীয়ে তেঁওক যৌন নিৰ্যাতন কৰাৰ অভিযোগ তুলিছিল। ইয়াৰ পাছতে ধুবুৰী সদৰ থানাত এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে যোৱা ২৮ নৱেম্বৰত কৃষ্ণ বৰ্মন নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰিছিল।
তৰোপৰি যোৱা পহিলা ডিচেম্বৰতো ধুবুৰী আৰক্ষীয়ে তদন্তৰ বাবে ধুবুৰী থানালৈ তদন্তৰ বাবে মাতি আনিছিল ধুবুৰী জিলা কাৰাগাৰ অধীক্ষক প্ৰশান্ত ৰাজবংশীক । ধুবুৰী আৰক্ষীয়ে উক্ত দিনা দিনজোৰা জেৰা চলোৱাৰ অন্তত সন্ধিয়া প্ৰায় ৬ বজাতহে জিলা কাৰাগাৰ অধীক্ষক প্ৰশান্ত ৰাজবংশীক ধুবুৰী থানাৰ পৰা যাবলৈ দিছিল।
সেই ক্ষেত্ৰত অসম কাৰাগাৰ সমূহৰ উপ-মহাপৰিদৰ্শক গৌতম বৰা, গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ অধীক্ষক(এটাচ) পৰিনীতা বৰাসহ তদন্তকাৰী দলটোৰ তদন্তৰ অন্ততহে প্ৰকৃত ঘটনাটো স্পষ্ট হৈ পৰিব পাৰে বুলি বহুতেই ধাৰণা কৰিছে।