ঋণৰ বিপৰীতে বেংকত জমা ধনৰ পৰিমাণ বৃদ্ধি...

শেহতীয়াকৈ ভাৰতীয় বেংকসমূহত জমা ধনৰ পৰিমাণ বৃদ্ধি পাইছে। দেশত ঋণ লোৱা মানুহৰ সংখ্যা বৃদ্ধি হোৱাৰ অনুপাতে জমা ধনৰ পৰিমাণ বৃদ্ধি হোৱা এই প্ৰক্ৰিয়া অৰ্থনৈতিক ক্ষেত্ৰখনৰ বাবে শুভ লক্ষণ বুলি মন্তব্য কৰিছে বিশ্লেষকসকলে।

author-image
Asomiya Pratidin
New Update
o9o9

ডিজিটেল ডেস্কঃ শেহতীয়াকৈ ভাৰতীয় বেংকসমূহত জমা ধনৰ পৰিমাণ বৃদ্ধি পাইছে। দেশত ঋণ লোৱা মানুহৰ সংখ্যা বৃদ্ধি হোৱাৰ অনুপাতে জমা ধনৰ পৰিমাণ বৃদ্ধি হোৱা এই প্ৰক্ৰিয়া অৰ্থনৈতিক ক্ষেত্ৰখনৰ বাবে শুভ লক্ষণ বুলি মন্তব্য কৰিছে বিশ্লেষকসকলে।

Advertisment

উল্লেখ কৰা প্ৰয়োজন যে, শেহতীয়াকৈ কলকাতা ৰিজাৰ্ভ বেংকে সদৰি কৰিছে এই তথ্য। আৰ বি আইৰ তথ্য অনুসৰি ২০২৩ চনৰ নৱেম্বৰৰ পৰা ২০২৪ চনৰ ভিতৰত ভাৰতীয় বেংকসমূহৰ ৰাজহুৱা জমা ধন ১০.৭% বৃদ্ধি পাইছে, যিটো ঋণ বৃদ্ধিৰ সৈতে মিল আছে। 

উল্লেখ কৰা প্ৰয়োজন যে, ২৯ নৱেম্বৰত সমাপ্ত হোৱা পষেকটোত ঋণৰ বৃদ্ধি বছৰৰ পিছত বছৰ ধৰি ১০.৬৪ শতাংশলৈ হ্ৰাস পাইছে, যিটো জমা ধনৰ সৈতে প্ৰায় সংগতি ৰাখি বৃদ্ধি পাইছে, একে সময়ছোৱাত ১০.৭২ শতাংশ লৈ বৃদ্ধি পাইছে জমা ধনৰ সংখ্যা।

তথ্য অনুসৰি ২৯ নৱেম্বৰত সমাপ্ত হোৱা পষেকটোত বাকী থকা জমা ধনৰ পৰিমাণ ২২০.১৭ ট্ৰিলিয়ন টকা হোৱাৰ বিপৰীতে বাকী থকা ঋণৰ পৰিমাণ ১৭৫.০৯ ট্ৰিলিয়ন টকা। বিগত পষেকত (১৫ নৱেম্বৰ) বাকী থকা জমা ধনৰ পৰিমাণ ২১৮.৫৫ ট্ৰিলিয়ন টকা হোৱাৰ বিপৰীতে বাকী থকা ঋণৰ পৰিমাণ আছিল ১৭৩.৬২ ট্ৰিলিয়ন টকা। ঋণ প্ৰদান আৰু জমা সংগ্ৰহ দুয়োটাতে প্ৰতিবেদন পষেকত হ্ৰাস পাইছে।
বিশ্ববেংক