মানকাচৰৰ বিভিন্ন ব্যৱসায়ী প্ৰতিষ্ঠানৰ পৰা উদ্ধাৰ ৬ টা শিশু শ্ৰমিক

শিশু শ্ৰমিক বিৰোধী দিৱস কাৰ্যসূচীৰ লগত সংগতি ৰাখি মানকাচৰৰ বিভিন্ন প্ৰান্তত মঙলবাৰে ধুবুৰী জিলা শ্ৰম বিভাগে শিশু শ্ৰমিকৰ বিৰুদ্ধে অভিযান চলায়। এই অভিযানত জিলাখনৰ কালাপানী আৰু মানুল্ল্যাপাৰা এলেকাৰ পৰা শ্ৰম বিভাগে ৬গৰাকীকৈ শিশু শ্ৰমিক উদ্ধাৰ কৰিছে।

author-image
Asomiya Pratidin
New Update
BREAKING NEWS

ডিজিটেল সংবাদ, মানকাচৰঃ শিশু শ্ৰমিক বিৰোধী দিৱস কাৰ্যসূচীৰ লগত সংগতি ৰাখি মানকাচৰৰ বিভিন্ন প্ৰান্তত মঙলবাৰে ধুবুৰী জিলা শ্ৰম বিভাগে শিশু শ্ৰমিকৰ বিৰুদ্ধে অভিযান চলায়। এই অভিযানত জিলাখনৰ কালাপানী আৰু মানুল্ল্যাপাৰা এলেকাৰ পৰা শ্ৰম বিভাগে ৬গৰাকীকৈ শিশু শ্ৰমিক উদ্ধাৰ কৰিছে।

Advertisment

বিভিন্ন ব্যৱসায়ী প্ৰতিষ্ঠানৰ পৰা উদ্ধাৰ কৰা শিশু শ্ৰমিক কেইটাক ইতিমধ্যে জিলা প্ৰশাসনৰ হাতত চমজাই দিয়া হৈছে। যি কেইখন ব্যৱসায়ী প্ৰতিষ্ঠানৰ পৰা শিশু শ্ৰমিক কেইটা উদ্ধাৰ কৰা হৈছে সেই ব্যৱসায়ী প্ৰতিষ্ঠানৰ মালিকৰ বিৰুদ্ধে শ্ৰম বিভাগে জৰিমনা বিহাৰ লগতে আইনগত ব্যৱস্থা লবলৈ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। ইয়াৰ পূৰ্বেও যোৱা ২৭ আৰু ২৮ মে তাৰিখে জিলাখনৰ কেবাটাও স্থানৰ পৰা ১৯ গৰাকী শিশু শ্ৰমিক জিলা প্ৰশাসন আৰু শ্ৰম বিভাগে উদ্ধাৰ কৰি পৰিয়ালক গতাই দিছিল।

 লক্ষণীয় যে, আজিৰ পৰা মাহজুৰি জিলাখনৰ বিভিন্ন প্ৰান্তত ধুবুৰী জিলা শ্ৰম বিভাগৰ পৰিদৰ্শক জান্নাতুন ফিৰৌছীয়ে জিলা প্ৰশাসনৰ সহযোগত শিশু শ্ৰমিক বিৰোধী অভিযান অব্যাহত ৰাখিব। কোনো ব্যৱসায়ী প্ৰতিষ্ঠানৰ মালিকে যাতে ১৮ বছৰৰ তলৰ শিশুক শ্ৰমিক হিচাপে নিয়োজিত নকৰে তাৰ বাবে শ্ৰম বিভাগৰ জিলা পৰিদৰ্শক গৰাকীয়ে জিলাখনৰ ব্যৱসায়ী সকলক আহ্বান জনাইছে। তদুপৰি ইতিমধ্যে যিসকল ব্যৱসায়ী প্ৰতিষ্ঠানৰ পৰা পূৰ্বে শিশু শ্ৰমিক উদ্ধাৰ হৈছিল সেই সকল ব্যৱসায়ী প্ৰতিষ্ঠানত দ্বিতীয় বাৰৰ বাবে শিশু শ্ৰমিক ব্যৱহাৰ কৰিলে শ্ৰম বিভাগে কঠোৰ ব্যৱস্থা লব বুলিও ব্যৱসায়ী সকলক এক প্ৰকাৰে সকিয়নি প্ৰদান কৰা হৈছে। 

মন কৰিবলগীয়া যে, জিলা প্ৰশাসন আৰু শ্ৰম বিভাগে বাৰে বাৰে জিলাখনত এনে শিশু শ্ৰমিক বিৰোধী অভিযান চলাই ব্যৱসায়ী প্ৰতিষ্ঠানৰ মালিকক জৰিমনা প্ৰদান কৰাৰ পাছতো জিলাখনৰ একাংশ ব্যৱসায়ী এতিয়াও চৰকাৰী আইনক বুঢ়া আঙুল দেখুৱাই শিশু শ্ৰমিক ব্যৱহাৰ কৰা কাৰ্যক লৈ সচেতন মহলতো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

মানকাচৰ