দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনঃ মুখ্যমন্ত্ৰীয়ে উন্মোচন কৰিলে সংকল্প পত্ৰ...

author-image
Asomiya Pratidin
New Update
দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনঃ মুখ্যমন্ত্ৰীয়ে উন্মোচন কৰিলে সংকল্প পত্ৰ...

assam bjp

ডিজিটেল ডেস্কঃ অহা ৮ নৱেম্বৰত অনুষ্ঠিত হ'ব দেউৰী স্বায়ত্ত পৰিষদৰ পৰিষদীয় নিৰ্বাচন। ইতিমধ্যে স্বায়ত্ত শাসিত পৰিষদখনৰ নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজনৈতিক দলসমূহ নামি পৰিছে প্ৰচাৰত। স্বাভাৱিকতে এই প্ৰচাৰত বিজেপি আছে আগত।

Advertisment

আজি দেউৰী স্বায়ত্ত পৰিষদখনৰ নিৰ্বাচনক কেন্দ্ৰ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উন্মোচন কৰিলে সংল্প পত্ৰ। ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত এই সংকল্প পত্ৰ উন্মোচন কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে, ৪ খন পৰিষদীয় সমষ্টিত অগপ প্ৰাৰ্থীক সমৰ্থন কৰিব বিজেপিয়ে।

তেওঁ উজনি আৰু উত্তৰ অসমত থকা দেউৰী স্বায়ত্ত পৰিষদৰ সমষ্টিসমূহ বিজেপি মিত্ৰজোঁটৰ দখলত ৰখাৰ লক্ষ্য লোৱা বুলি উল্লেখ কৰি কয় যে, দেউৰী জনগোষ্ঠী অসমৰ ভোটাতৰা সদৃশ। দেউৰী জনগোষ্ঠীৰ লগতে অসমৰ আটাইকেইটা জনগোষ্ঠীৰ উন্নয়নৰ বাবে বিজেপিয়ে কাম কৰিছে।

তেওঁ কয়, অসমৰ জনজাতীয় লোকসকলৰ মূল সমস্যা হৈছে ভূমিৰ সমস্যা। সেয়েহে অসম চৰকাৰে জনজাতীয় পৰিয়ালৰ বাবে ভূমি নীতি সংশোধন কৰিছে। তেওঁ প্ৰতিগৰাকী মূল ব্যক্তিৰ বিপৰীতে ৫০ বিঘা মাটি আৱণ্টন দিয়াৰ ব্যৱস্থা কৰাৰ কথাও ঘোষণা কৰে।

সংকল্প পত্ৰখনত বিজেপিয়ে দেউৰী জনগোষ্ঠীয় লোকসকলক জনজাতীয় প্রমাণ পত্র দিয়াৰ ব্যৱস্থা লোৱা হৈছে। দেউৰী জনগোষ্ঠীৰ মহিলাৰ বয়নজাতীয় সামগ্রী ক্রয় কৰাৰো প্ৰতিশ্ৰুতি দিয়া হৈছে।

সংকল্প পত্ৰত স্বায়ত্ত শাসিত পৰিষদৰ অন্তৰ্গত বিদ্যালয়ৰ উন্নয়ন, পৰিষদৰ অন্তৰ্গত এলেকাৰ নদীত দলং নিৰ্মাণৰো সংকল্পৰ কথা কোৱা হৈছে। আনহাতে অসম চৰকাৰৰ অৰুণোদয় আঁচনিত নতুনকৈ ৭ লাখ মহিলাক অন্তৰ্ভুক্ত কৰাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এই ক্ষেত্ৰত দেউৰী মহিলাক অগ্ৰাধিকাৰ দিয়া হ'ব বুলিও কৈছে।

সংকল্প পত্ৰত পৰিষদীয় এলেকাত পানী যোগান, পৰিষদখনলৈ পুঁজি প্ৰদাণৰ পৰিমাণ বৃদ্ধি কৰাকে ধৰি বিভিন্ন প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছে।

assam bjp Deori Autonomous Council elections