আজি অনুষ্ঠিত হ'ব দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন

আজি অনুষ্ঠিত হ'ব দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন

ডিজিটেল ডেস্ক : আজি অনুষ্ঠিত হ'ব দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন । মুঠ ২২টা সমষ্টিৰ বাবে অনুষ্ঠিত হ'ব লগীয়া এই নিৰ্বাচনৰ ভোটদানৰ বাবে পুৱাৰে পৰাই ভোটগ্ৰহণ কেন্দ্ৰ সমূহত দেখা গৈছে ৰাইজৰ ভিৰ । এই সমষ্টি সমূহৰ ভিতৰত আছে শিৱসাগৰৰ ৩ টা, ডিব্ৰুগড়ৰ ১ টা, যোৰহাটৰ ১ টা, তিনিচুকীয়াৰ ৩ টা আৰু বিশ্বনাথৰ ১ টা সমষ্টি ।

পুৱা ৮ বজাৰ পৰা আৰম্ভ হোৱা এই ভোটগ্ৰহণ প্ৰক্ৰিয়াত পৰিলক্ষিত হৈছে কঠোৰ নিৰাপত্তা ব্যৱস্থা ।

উল্লেখ্য যে, সোমবাৰৰ পৰাই এই নিৰ্বাচন সন্দৰ্ভত বৃদ্ধি পাইছিল ব্যস্ততা । নিৰ্বাচনী বিষয়া সকলেও ভোটদান পৰ্বৰ এদিন পূৰ্বৰে পৰাই ব্যস্ত হৈ পৰিছিল বিভিন্ন দিশ তদাৰক কৰ‍াত ।

তথ্য অনুসৰি, শিৱসাগৰৰ কটিয়ৰী সমষ্টিত ভোটদান পৰ্বৰ প্ৰথম ঘন্টাতেই সম্পন্ন হৈছে প্ৰায় ১৫ শতাংশ ভোটদান পৰ্ব । তেনেস্থলত বিয়লি ৪ বজালৈ ‍অনুষ্ঠিত হ'ব লগীয়া এই ভোটদান পৰ্বত ১০০ শতাংশ ভোটদান আশা কৰা হৈছে ৰাইজৰ পৰা ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in