দেওমৰনৈ কনিষ্ঠ মহাবিদ্যালয়ৰ প্ৰবক্তা মিনু দেৱীৰ বিদায় সম্বৰ্ধনা

দেওমৰনৈ কনিষ্ঠ মহাবিদ্যালয়ৰ প্ৰবক্তা মিনু দেৱীৰ বিদায় সম্বৰ্ধনা

ডিজিটেল সংবাদ, মঙলদৈঃ দৰং জিলাৰ দেওমৰনৈ কনিষ্ঠ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰবক্তা হিচাপে ১৯৯৩চনত যোগদান কৰা মিনু দেৱীয়ে চৰকাৰী নিয়ম অনুসৰি ২০২৪ চনৰ ৩১মাৰ্চ তাৰিখে আনুষ্ঠানিকভাৱে অৱসৰ গ্ৰহণ কৰে। মঙলবাৰে দেওমৰনৈ কনিষ্ঠ মহাবিদ্যালয়ৰ পৰিয়ালবৰ্গই মহাবিদ্যালয় প্ৰাঙ্গণত এক আনুষ্ঠানিক বিদায় সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰে।

দেওমৰনৈ কনিষ্ঠ মহাবিদ্যালয়ৰ প্ৰৱক্তা সীমান্ত কুমাৰ ডেকাই অনুষ্ঠানৰ আঁত ধৰে। অনুষ্ঠানটোত উপস্থিত থাকি বিদায়ী মিনু দেৱীৰ মহাবিদ্যালয়ৰ কৰ্মৰাজী ওপৰত বক্তব্য আগবঢ়ায় দেওমৰনৈ কনিষ্ঠ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ পদোৰাম ডেকা, দেওমৰনৈ স্নাতক মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ তথা দেওমৰনৈ কনিষ্ঠ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ মতিৰাম শইকীয়া, দেওমৰনৈ কনিষ্ঠ মহাবিদ্যালয় পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি তথা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক নিৰঞ্জন গোস্বামীয়ে।

লগতে বক্তব্য আগবঢ়াই দেওমৰনৈ কনিষ্ঠ মহাবিদ্যালয় পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি বিনয় কুমাৰ বৰুৱা, দেওমৰনৈ কনিষ্ঠ মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ লক্ষীকান্ত বৰুৱা,দেওমৰনৈ স্নাতক মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা অনিতা দেৱী, দেওমৰনৈ মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য নিৰঞ্জন শইকীয়াৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে।

বিদায় সভাত দেওমৰনৈ স্নাতক মহাবিদ্যালয়ৰ অধ্যাপিক অধ্যাপিকা কৰ্মচাৰী মণ্ডলী, দেওমৰনৈ আঞ্চলিক ছাত্ৰ সন্থা, দেওমৰনৈ কনিষ্ঠ মহাবিদ্যালয় আৰু দেওমৰনৈ স্নাতক মহাবিদ্যালয় ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী মঞ্চ,দেওমৰনৈ কনিষ্ঠ মহাবিদ্যালয়ৰ প্ৰৱক্তা কৰ্মচাৰী মণ্ডলী ছাত্ৰ ছাত্ৰী সকল উপস্থিত থাকে।

দেওমৰনৈ কনিষ্ঠ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰবক্তা মিনু দেৱীক বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ তৰফৰপৰা বিদায় সম্বৰ্ধনা জ্ঞাপন কৰে। দেওমৰনৈ কনিষ্ঠ মহাবিদ্যালয়ত বিদায় সম্বৰ্ধনা অনুষ্ঠান শেষ কৰি মিনু দেৱী ৰ বাসগৃহ মঙলদৈ প্ৰফুল্ল নগৰলৈ মহাবিদ্যালয়ৰ পৰিয়ালবৰ্গ, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান, ছাত্ৰ ছাত্ৰী, প্ৰাক্তন ছাত্ৰ ছাত্ৰী সকলে আদৰি আনি নিজ বাসগৃহত থৈ যায়। মিনু দেৱীৰ পৰিয়ালবৰ্গইও নিজ বাসগৃহত এক সভাৰ আয়োজন কৰে।

দেওমৰনৈ কনিষ্ঠ মহাবিদ্যালয়ৰ প্ৰবক্তা মিনু দেৱীৰ বিদায় সম্বৰ্ধনা
আটক বিপিএফ সমৰ্থকঃ হাগ্ৰামা মহিলাৰীৰ পত্নীৰে আৰক্ষীৰ তৰ্কযুদ্ধ..

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in