/asomiyapratidin/media/media_files/2025/07/12/1-2025-07-12-17-45-37.jpg)
ডিজিটেল সংবাদ, শিলচৰ: প্ৰস্তাৱিত শিলচৰ চন্দনাথপুৰ- লংকা দ্বিতীয় ৰেলপথ নিৰ্মাণৰ দাবীত পুনৰ সৰৱ হৈছে বৰাক উপত্যকাৰ জনসাধাৰণ। প্ৰস্তাৱিত এই দ্বিতীয় ৰেলপথ নিৰ্মাণৰ দাবীত শনিবাৰে শিলচৰ ৰেল ষ্টেচনত শিলচৰ - লামডিং ব্ৰডগ'জ ৰূপায়ণ কমিটীয়ে ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰে।
কমিটীৰ উদ্যোগত আয়োজিত এই ধৰ্ণা কাৰ্যসূচীত কেইবাটাও সংগঠনে অংশগ্ৰহণ কৰে। শীঘ্ৰে প্ৰস্তাৱিত শিলচৰ- যুদ্ধকালীন তৎপৰতাৰে চন্দ্ৰনাথপুৰ- লংকা দ্বিতীয় ৰেলপথ নিৰ্মাণৰ কাম আৰম্ভ কৰিবই লাগিব, চাৰ্ভে কৰাৰ পিছতো কিয় আজিলৈ কাম আৰম্ভ হোৱা নাই, জবাব লাগে জবাব দিয়ক আদি শ্লোগান দি পৰিস্থিতি উত্তাল কৰে আন্দোলনকাৰী সকলে।
দৰাচলতে শিলচৰ-লামডিং ৰেল পথছোৱাত ঘনে ঘনে হৈ থকা ভূমিস্খলনৰ ফলত আজিকালি প্ৰায়ে পাহাৰীয়া ৰেল পথটো বন্ধ হৈ থাকে। ফলত বৰাক উপত্যকা সহ চুবুৰীয়া ৰাজ্য মিজোৰাম, ত্ৰিপুৰা আৰু মিজোৰামৰ হাজাৰ হাজাৰ লোক যাতায়তৰ বাবে ভীষণ সমস্যাৰ সন্মুখীন হৈছে। যাৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিকল্প হিচাপে শিলচৰ-চন্দ্ৰনাথপুৰ- লংকাৰ মাজত দ্বিতীয় ৰেলপথ নিৰ্মাণৰ বাবে সিদ্ধান্ত লৈছে।
ইতিমধ্যে যাৱতীয় জৰীপো সম্পন্ন কৰিছে ৰেল বিভাগে। কিন্তু আজিলৈ এই নতুন ৰেলপথটোৰ কাম আৰম্ভ নোহোৱাত ক্ষুদ্ধ হৈ পৰিছে বৰাকৰ জন সাধাৰণ। সেয়ে এই নতুন ৰেলপথটোৰ কাম যুদ্ধকালীনভাৱে আৰম্ভ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰ আৰু ৰেল বিভাগৰ ওচৰত দাবী জনাইছে আন্দোলনকাৰীয়ে।
আন্দোলনৰ পিচত শিলচৰ ৰেল ষ্টেচনৰ ষ্টেচন মাষ্টৰৰ জৰিয়তে ৰেলমন্ত্ৰীক উদ্দেশ্যে এখন স্মাৰকো প্ৰেৰণ কৰে আন্দোলনকাৰী সকলে। ইফালে, এই ধৰ্ণা কাৰ্যসূচীৰ বাবে আগতীয়া অনুমতি নোলোৱাৰ অভিযোগত আৰক্ষীয়ে চাৰিজন আন্দোলনকাৰীক আটক কৰি শিলচৰ থানালৈ লৈ যায়। আটক কৰা ব্যক্তি কেইজন অজয় ৰয়, সীমান্ত ভট্টাচাৰ্য, ভৱতোষ চক্ৰৱৰ্তী আৰু খাদেজা বেগম।