ডিজিটেল সংবাদ, নাহৰকটীয়া : বীৰ লাচিত সেনাৰ কৰ্মকাণ্ডৰ বিৰুদ্ধে গৰজি উঠিল নাহৰকটীয়াৰ ব্যৱসায়ীমহল । বীৰ লাচিত সেনাৰ অত্যাচাৰৰ বাবে দোকান- পোহাৰ বন্ধ কৰিলে ব্যৱসায়ীয়ে ।
বিগত এমাহ ধৰি বীৰ লাচিত সেনাৰ নাহৰকটীয়া আঞ্চলিক সমিতিয়ে অঞ্চলটোৰ সৰু বৰ প্ৰতিষ্ঠান তথা ব্যৱসায়ীসকলক বলপূৰ্বকভাৱে ব্যাপক হাৰত ধন দাবী কৰাৰ লগতে ভয় ভাবুকি প্ৰদান কৰি অহাৰ অভিযোগ উত্থাপন হৈছে। পৰিপ্ৰেক্ষিতত ব্যৱসায় চলাই নিয়াৰ ক্ষেত্ৰত শংকিত হৈ পৰিছে ব্যৱসাীয়সকল ।
শেহতীয়াকৈ দুলীয়াজানত অনুষ্ঠিত হ'ব লগা লাচিত দিৱসৰ নামত নাহৰকটীয়াত লাচিত সেনাই ব্যৱসায়ীসকলক ৫ৰ পৰা ৫০ হাজাৰ টকা পৰ্যন্ত ধন দাবী কৰাৰ উপৰিও এই ধন আদায় দিব নোৱাৰিলে লাচিত সেনাৰ ল'ৰাক ব্যৱসায় চমজাই দিবলৈ ভাবুকি প্ৰদান কৰে ।
যাৰ বাবে দেওবাৰে সমগ্ৰ নাহৰকটীয়াত ব্যৱসায়ীসকলে দোকান পোহাৰসমূহ বন্ধ ৰাখি লাচিত সেনাৰ অত্যাচাৰৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰে । ব্যৱসায়ীসকলে নাহৰকটীয়া ধৰমশালাত 'নাহৰকটীয়া চেম্বাৰ্চ অব কমাৰ্চ'ৰ সৈতে এক বৈঠকত মিলিত হৈ এতিয়াৰ পৰা নাহৰকটীয়াৰ বাহিৰত যিকোনো অনুষ্ঠান পাতিলে নাহৰকটীয়াৰ ব্যৱসায়ীসকলে কোনোধৰণৰ বৰঙণি নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে ।
বৈঠকৰ অন্তত প্ৰায় ৬ শতাধিক ব্যৱসায়ীয়ে চেম্বাৰ্চ অৱ কমাৰ্চৰ সৈতে নাহৰকটীয়া নগৰৰ মাজেদি সমদল বাহিৰ কৰি নাহৰকটীয়া আৰক্ষী থানাত উপস্থিত হৈ বীৰ লাচিত সেনাৰ অত্যাচাৰ, ভয় -ভাবুকিৰ সন্দৰ্ভত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্থানীয় আৰক্ষীৰ যোগেদি সমজিলা আয়ুক্তক প্ৰদান কৰে স্মাৰক পত্ৰ ।
ইফালে চেম্বাৰ্চ অব কমাৰ্চে ব্যৱসায়ীসকলে বন্ধ কৰি ৰখা দোকান পোহাৰসমূহ পুনৰ খুলিবলৈ অনুৰোধ জনোৱাত ব্যৱসায়ীসকলে পুনৰ দোকান পোহাৰসমূহ খুলি ব্যৱসায় আৰম্ভ কৰে ।