/asomiyapratidin/media/media_files/2025/09/02/aggggggggggggg-2025-09-02-19-55-30.jpg)
ডিজিটেল সংবাদ,বেবেজীয়াঃ মঙলবাৰে নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ হাতীচোং মৌজাৰ মেধিচুক সমূহীয়া ভৱনত কৈৱৰ্ত মহিলা সভাৰ নগাঁও জিলা সমিতিৰ এখন সাধাৰণ সভা অনুষ্ঠিত হয়। সভাত সভাপতিত্ব কৰে কৈৱৰ্ত মহিলা সভা অসমৰ উপদেষ্টা ৰিতিকা হাজৰিকাই।
সমাজকৰ্মী উন্টিৰাম দাসে আঁতধৰা সভাখনিত কৈৱৰ্ত মহিলা সভাৰ নগাঁও জিলা সমিতিৰ সভানেত্ৰী প্ৰণতি দাসে ভাষণত উঠি অহা প্ৰজন্মৰ মাদক দ্ৰব্যৰ প্ৰতি আসক্তি ৰোধ কৰাত ভূমিকা গ্ৰহণ কৰিবলৈ উপস্থিত মহিলা সকললৈ আহ্বান জনায়। লগতে তেওঁ মহিলাসকলক স্বাৱলম্বী হৈ আগুৱাই যাবলৈ উৎসাহ যোগায় । লগতে সতী ৰাধিকাৰ নামেৰে এখন বিশ্ববিদ্যালয় প্ৰতিষ্ঠাৰ পোষকতা কৰি চৰকাৰলৈ আহ্বান জনায়।
এই সভাখনত সম্পাদিকা জিন্টি দাস, প্ৰাক্তন আছু নেতা তথা সমাজকৰ্মী অভিজিত দাস আৰু সমাজসেৱী উদ্যোগী মহিলা পাপৰি বৰুৱাই মহিলা সবলীকৰণ আৰু মহিলাৰ সাংবিধানিক সুবিধা প্ৰদানৰ পোষকতা কৰে।
কুঁজীদাহ কমাৰচুক আৰু মেধিচুকৰ দুই শতাধিক মহিলাই অংশগ্ৰহণ কৰা সভাখনিত অকণি মেধি দাসক সভানেত্ৰী, বীণু মেধিক কাৰ্যকৰী সভানেত্ৰী, কৰবীতা দাসক সম্পাদিকা, মামণি দাসক উপ-সভানেত্ৰী, সীতাৰাণী দাসক কোষাধ্যক্ষ, ৰুণু দাসক প্ৰচাৰ সম্পাদিকা হিচাপে লৈ হাতীচোং কমাৰচুক-মেধিচুক আঞ্চলিক কৈৱৰ্ত মহিলা সভা গঠন কৰা হয়। মঙলবাৰৰ সভাখনিত কৈৱৰ্ত মহিলা সভাৰ নগাঁও জিলা সমিতিৰ সম্পাদিকা বন্তি হাজৰিকা, সহ-সম্পাদিকা বিবি দাস, সমাজকৰ্মী প্ৰশান্ত দাসকে ধৰি অঞ্চলৰ মহিলাসকল উপস্থিত থাকে।