বঢ়মপুৰ উপ জিলাৰ সদৰ কাৰ্যালয় সমষ্টিৰ কেন্দ্ৰস্থলত স্থাপন কৰাৰ দাবী, ননৈ শ'লমাৰি বজাৰত সজাগতা সভা...

বঢ়মপুৰ উপ জিলাৰ সদৰ কাৰ্যালয় সমষ্টিৰ কেন্দ্ৰস্থলত স্থাপন কৰাৰ দাবী, ননৈ শ'লমাৰি বজাৰত সজাগতা সভা...
Published on
Updated on

ডিজিটেল সংবাদ, উৰিয়াগাঁওঃ বঢ়মপুৰ উপজিলাৰ সদৰ কাৰ্যালয় বঢ়মপুৰ সমষ্টিৰ কেন্দ্ৰস্থলত স্থাপন কৰাৰ দাবীত আজি ননৈ নাগৰিক সভাই নগাঁও জিলাৰ ননৈ স্থিত শ'লমাৰি সাপ্তাহিক বজাৰত সজাগতা সভা অনুষ্ঠিত কৰে । উল্লেখযোগ্য যে যোৱা বছৰ ১২ ছেপ্টেম্বৰত অসমৰ ৰাজ্যপালৰ কাৰ্যালয়ৰ পৰা জাৰি কৰা এক চৰকাৰী নিৰ্দেশনাত উপজিলা সমূহৰ সদৰ কাৰ্যালয় সমষ্টিৰ কেন্দ্ৰস্থলত স্থাপন কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে জিলা আয়ুক্ত গৰাকীক এইক্ষেত্ৰত চুড়ান্ত সিদ্ধান্ত গ্ৰহণৰ দ্বায়িত্ব অৰ্পণ কৰা হৈছে কিন্তু এনে নিৰ্দেশনাক বৃদ্ধাংগুষ্ঠ দেখুৱাই বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে সমষ্টিৰ একাষৰীয়া আৰু প্ৰতি বছৰে বানৰ কবলত পৰা কামপুৰত উপজিলাৰ সদৰ কাৰ্যালয় স্থাপন কৰাৰ যোজা কৰাক লৈ বঢ়মপুৰ সমষ্টিৰ বিভিন্ন ঠাইৰপৰা নাগৰিক সভা সমূহে সজাগতা সভা অনুষ্ঠিত কৰি আহিছে আৰু তাৰেই অংশ হিচাপে আজি ননৈৰ শ'লমাৰি বজাৰত, চাপানলা বজাৰত আৰু বিষলি চলচলিত সজাগতা সভা অনুষ্ঠিত কৰা হয়।

দেওবাৰৰ সভাত নগাঁও নাগৰিক সভাৰ সম্পাদক বিৰিঞ্চি বৰা, উপসভাপতি দুলাল বৰা, নাট্যকৰ্মী বিপ্লৱ জ্যোতি ভূঞা, বীৰ লাচিত সেনা নগাঁও জিলাৰ সচিব পংকজ ভুঞা, বামুণী নাগৰিক সভাৰ সম্পাদক অজয় পাটৰ, এন এছ ইউ আইৰ ৰুপম বৰা, সচেতন যুৱক শশাংক বৰা, বয়োজেষ্ঠ সচেতন নাগৰিক পূৰ্ণকান্ত বৰা, আব্দুৰ ৰহমানে বক্তব্য ৰাখে। স্মৰ্তব্য যে বীৰ লাচিত সেনাৰ নগাঁও জিলাৰ সচিব পংকজ জ্যোতি ভুঞাই বিধায়ক গৰাকীৰ হঠকাৰী সিদ্ধান্তৰ বিৰোধিতা কৰাৰ লগতে চৰকাৰৰ বিভিন্ন ভুল নীতি আৰু দমনমূলক আচৰণৰ বিৰোধিতা কৰি বঢ়মপুৰ সমষ্টিৰ কেন্দ্ৰস্থলত উপজিলাৰ সদৰ কাৰ্যালয় স্থাপন কৰাৰ দাবীলৈ নিচৰ্ত সমৰ্থন আগবঢ়ায়।

স্মৰ্তব্য যে যোৱা ৮ আগষ্ট ২০২৪ তাৰিখে ননৈ নাগৰিক সভাই জিলা আয়ুক্ত গৰাকীক স্মাৰক পত্ৰ প্ৰদান কৰি সাক্ষাত কৰোতে জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে নাগৰিক সভাৰ প্ৰতিনিধি সকলক সকলোৰে সুবিধাজনক ঠাই সমষ্টিৰ মধ্যস্থলত স্থাপন কৰা হ'ব বুলি আশ্বাস প্ৰদান কৰাক লৈ তেওঁলোক আশ্বস্ত হব পৰা নাই আৰু বিধায়ক গৰাকীক এনে হঠকাৰী সিদ্ধান্ত পৰিহাৰ কৰিবলৈ আহ্বান জনাইছে।সভাই লগতে কয় যে বিধায়ক গৰাকীয়ে সমষ্টিবাসীৰ স্বাৰ্থৰ পৰিপন্থী এনে সিদ্ধান্ত বাহাল ৰাখিলে সভাই পৰবৰ্তী দিনত ব্যাপক গণতান্ত্ৰিক প্ৰতিবাদ গঢ়ি তুলিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in