/asomiyapratidin/media/media_files/2025/07/05/320-2025-07-05-15-42-40.jpg)
ডিজিটেল সংবাদ, ওদালগুৰি : সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছু (অৰবিন্দ গোট)ৱে বিভিন্ন বিষয় সন্দৰ্ভত শনিবাৰে ওদালগুৰি প্ৰেছ ক্লাৱত এখন সংবাদমেল সম্বোধন কৰে। সংবাদমেলত উপস্থিত থাকি সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি অৰবিন্দ দাসে কয়, "যোৱা ৩০ জুন তাৰিখে গুৱাহাটীত অটল বিহাৰী বাজপেয়ী ভৱনত ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াক আক্ৰাছুৰ ভালেকেইটা গোটৰ সভাপতি-সাধাৰণ সম্পাদকক লগ কৰিছোঁ।
কোচ ৰাজবংশী জনগোষ্ঠীৰ বিভিন্ন সমস্যাৰ বিষয়ে সভাত আলোচনা কৰিছোঁ যদিও সেই আলোচনা মই সন্তুষ্ট নহয়। জনজাতিকৰণ, পৃথক কমতাপুৰ ৰাজ্য গঠন সন্দৰ্ভত অসম চৰকাৰে ভাৰত চৰকাৰক অতি শীঘ্ৰে ত্ৰিপাক্ষিক আলোচনাৰ কৰি দিবলৈ অনুৰোধ জনাইছোঁ।
কোচ ৰাজবংশীসকলৰ প্ৰতিবেদন দাখিল কৰিছে নে বুলি বিজেপি সভাপতি জনক সোধাত তেওঁ কৈছে প্ৰতিবেদন এতিয়ালৈ পঠিওৱা হোৱা নাই আৰু পঠিয়াম বুলি জানিবলৈ দিয়ে। এয়া অতি দুৰ্ভাগ্যজনক হিচাপে গণ্য কৰিছো। লগতে কমতাপুৰ স্বায়িত্ত শাসিত পৰিষদ আৰু কোচ ৰাজবংশী উন্নয়নৰ পৰিষদ নিৰ্বাচন শীঘ্ৰে অনুষ্ঠিত কৰিবলৈ দাবী জনাইছোঁ।
তেওঁ আৰু কয়- অচিৰেই নিৰ্বাচিত অনুষ্ঠিত নকৰিলে আগন্তুক দিনত আন্দোলন কাৰ্য্যসূচী কৰিম। বিটিচি নিৰ্বাচনৰ প্ৰাকমূহুৰ্ত কিছুদিন আগত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ওদালগুৰি জিলাৰ বিভিন্ন সমস্যাৰ সম্পৰ্কে সমাধানৰ বিষয়ে আহিছে আমি আদৰণি জনাইছোঁ। কিন্তু বিটিচি কোচ ৰাজবংশীসকলৰ ৰাজনৈতিক সমস্যা ভূমি অধিকাৰ সমস্যা অতি শীঘ্ৰে সমাধান কৰিবলৈ আহ্বান জনালোঁ।
২০২৬ চনৰ বিধানসভা নিৰ্বাচনত পূৰ্ৱে যদি ভূমিপুত্ৰ কোচ-ৰাজবংশীৰ জনজাতিকৰণ, পৃথক কমতাপুৰ ৰাজ্য সমস্যা সমাধান নকৰে, তেন্তে বিজেপি ইউপিপিএল চৰকাৰক কোচ ৰাজবংশী অধ্যুষিত অঞ্চলত আক্ৰাছুই অৰ্ধ উলংগ প্ৰতিবাদ কৰাৰ লগতে বিভিন্ন কাৰ্যসূচী হাতত ল'ম। এনে কাৰ্যসূচীৰ দ্বাৰা শান্তি বিঘ্নিত হ'লে তাৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ জগৰীয়া হব।"
লগতে তেওঁ কয় যে, "আমি ৰাজনৈতিক অধিকাৰৰ পৰা বঞ্চিত হৈছো। আমাৰ জনজাতিকৰণ, পৃথক ৰাজ্যৰ সমস্যা সমাধান নোহোৱাটো দুৰ্ভাগ্যজনক। আমাক চৰকাৰে ভোটবেংক হিচাপে ব্যৱহাৰ কৰিছে।
আমাৰ ইতিহাস আছে, গতিকে আমাৰ সমস্যা সমাধান কৰক। বিটিআৰ নিৰ্বাচনত বিজেপি-ইউপিপিএলৰ বিৰুদ্ধে ভূমিকা লম। দীৰ্ঘদিন ধৰি আমাৰ আন্দোলন চলি আহিছে। অহা ২৯ জুলাইত আক্ৰাছু আটাইকেইটা গোট একত্ৰিতকৰণ হ'ব।
তাত আমি সংকল্প ল'ম। আমাৰ দাবী পূৰণ নহ'লে বিজেপি হটাও আক্ৰাছু বচাও অভিযান আমি হাতত ল'ম।
সংবাদমেলখনত আক্ৰাছুৰ যুটীয়া সাধাৰণ সম্পাদক ভবেন ৰাজবংশীয়ে উপস্থিত থাকি কয়, "বৰ্তমানৰ বিটিচিৰ ইউপিপিএল চৰকাৰক লৈ আমি সন্তুষ্ট নহয়।
চৰকাৰখনে বিটিআৰৰ বিভিন্ন প্ৰান্তত কোচ ৰাজবংশী লোকক উচ্ছেদৰ জাননী দিছে। এয়া আমি মানি নলওঁ। বিটিআৰৰ চৰকাৰত ওদালগুৰিৰ নিলোৎ স্বৰ্গীয়াৰী আৰু দিগন্ত বৰুৱা নামৰ দুজন কাৰ্যবাহী সদস্য আছে। তেওঁলোকে কোচ-ৰাজবংশীক বেয়া পায়। নিলোৎ স্বৰ্গীয়াৰীয়ে টকা প্ৰলোভনেৰে আক্ৰাছু কৰ্মীক ইউপিপিএলত যোগদান কৰাৰ অভিযোগ আছে।
আগন্তুক দিনত এনে কাম কৰিলে আমি তেখেতৰ ঘৰ ঘেৰাও কৰিবলৈ বাধ্য হ'ম। বিজেপি সভাপতি দিলীপ শইকীয়া, মুখ্যমন্ত্ৰীক আহ্বান জনাও যে আগন্তুক বিটিআৰ নিৰ্বাচনত দিগন্ত বৰুৱাক টিকট দিব নালাগে।।" আগন্তুক বিটিআৰ আৰু বিধানসভা নিৰ্বাচনৰ পূৰ্ৱে কোচ ৰাজবংশীসকলৰ দাবী পূৰণ কৰাৰ বাবে আহ্বান জনাই সম্পাদকগৰাকীয়ে।
আজিৰ সংবাদমেলখনত সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি অৰবিন্দ দাস, আক্ৰাছুৰ যুটীয়া সাধাৰণ সম্পাদক ভবেন ৰাজবংশী, সদৌ কোচ ৰাজবংশী কেন্দ্ৰীয় মহিলা সমিতিৰ যুটীয়া সম্পাদিকা দিপাঞ্জলী বিশ্বাস, ওদালগুৰি জিলা আক্ৰাছুৰ সভাপতি চন্দন ৰাজবংশী, ওদালগুৰি জিলা আক্ৰাছুৰ সাধাৰণ সম্পাদক কামাখ্যা বৰ্মণ, চিৰাং জিলা আক্ৰাছুৰ সাংগঠনিক সম্পাদক মনোজ বৰ্মন, দৰং জিলা কোচ ৰাজবংশী মহিলা সমিতি সুজয়া ৰাজবংশী উপস্থিত থাকে।