ডিজিটেল সংবাদ, কোকৰাঝাৰ : ৰাজ্য চৰকাৰে শীতকালীন অধিবেশনতে যদি কোচ-ৰাজবংশীসকলৰ জনজাতিকৰণৰ বিধেয়ক গৃহীত কৰি দিল্লীলৈ নপঠিয়ায়, তেন্তে ইয়াৰ প্ৰত্যুত্তৰ আগন্তুক ২০২৬ চনত বিজেপি চৰকাৰক এসেকা দিবলৈ কোচ-ৰাজবংশীসকল প্ৰস্তুত। - এইদৰে মন্তব্য কৰিছে সদৌ কোচ-ৰাজবংশী ছাত্ৰ সন্থাৰ সভাপতি ক্ষীতিশ বৰ্মনে ।
বৃহস্পতিবাৰে কোকৰাঝাৰৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সমীপৰ শিশু উদ্যান প্ৰাংগনত সদৌ কোচ-ৰাজবংশী ছাত্ৰ সন্থাৰ কোকৰাঝাৰ জিলা সমিতি(পূব)ৰ উদ্যোগত পুৱা ১১-০০ বজাৰ পৰা অনুষ্ঠিত হয় তিনিঘন্টীয়া প্ৰতিবাদী কাৰ্যসূচী। এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় সভাপতি ক্ষীতিশ বৰ্মনে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰখনে কোচ-ৰাজবংশীসকলক মাথোঁ ভোট বেংকৰ আহিলা হিচাপেহে ব্যৱহাৰ কৰি আহিছে ৷
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বঙাইগাঁৱত আহি কোচ-ৰাজবংশীসকলৰ সমস্যা সমাধান কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল ৷ কিন্তু আজিলৈকে প্ৰধানমন্ত্ৰীগৰাকীৰ কোনো সদিচ্ছা দেখা নগ’ল ৷ মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মাই আজিলৈকে কোনো পদক্ষেপ গ্ৰহণ কৰাতো দূৰৈৰ কথা, কোচ-ৰাজবংশীক লৈ পাশা খেল আৰম্ভ কৰি জনগোষ্ঠীটোক থানবান কৰি ধ্বংসৰ মুখলৈ ঠেলি দিয়াৰ পৰিকল্পনা কৰা বুলি মন্তব্য কৰে৷
কোচ-ৰাজবংশীসকলে বহু আশা কৰি কৰি বিজেপি দলক ভোটদান কৰি চৰকাৰ গঠন কৰাত সহায় কৰিছিল ৷ কিন্তু চৰকাৰখনে কোচ-ৰাজবংশীৰ জনজাতিকৰণৰ সমস্যাটো সমাধান কৰাৰ কোনো সদিচ্ছাই দেখা নগ’ল। জনজাতিকৰণৰ দাবীত শীতকালীন অধিবেশনৰ সময়ছোৱাতে দিছপুৰ ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰা হ'ব বুলি মন্তব্য কৰি অহা ৫ডিচেম্বৰত ধুবুৰীৰ পৰা শদিয়ালৈকে জনজাতিকৰণৰ দাবীত বাইক ৰেলী আৰম্ভ কৰা হ’ব বুলি মন্তব্য কৰে ক্ষীতিশ বৰ্মনে ৷
এই বাইক ৰেলীৰ মাজতে সমগ্ৰ অসমতে কোচ-ৰাজবংশীসকলৰ বুদ্ধিজীৱি, শিক্ষাবিদৰ লগত আলোচনা কৰি বিজেপি চৰকাৰে কৰা প্ৰতাৰণা, প্ৰবঞ্চনাৰ বিৰুদ্ধে জনমত গঢ়ি তোলা হ’ব। কোচ-ৰাজবংশীসকলৰ ন্যায্যপ্ৰাপ্তিৰ দাবীত গণতান্ত্ৰিক আন্দোলন কৰিছে আৰু অনাগত সময়ছোৱাত হাত সাৱটি বহি নাথাকে বুলি মন্তব্য কৰে।
লগতে কয়- ২০২৬ৰ আগত যদি কোচ-ৰাজবংশীসকলক জনজাতিকৰণ নকৰে, তেন্তে ‘বিজেপি চৰকাৰ হাটাও, কোচ-ৰাজবংশী বাচাও’ যি শ্লোগান আৰম্ভ হৈছে সেয়া জনজাতিকৰণ নোহোৱালৈকে স্তব্ধ নহয় বুলি সকীয়াই দিয়ে ক্ষীতিশ বৰ্মনে ৷ মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাক এই সমস্যা সমাধান কৰাৰ বাবে বাৰম্বাৰ অনুৰোধ কৰিছিল যদিও কোনো গুৰুত্বই নিদিলে; বৰং জনগোষ্ঠীটোক থানবান কৰাৰ বাবেহে পৰিকল্পনা কৰিছে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীকো সুস্থিৰে থাকিবলৈ দিয়া নহ’ব বুলি সঁকিয়নি দিয়ে ক্ষীতিশ বৰ্মনে ।
ইপিনে ধৰ্ণা কাৰ্যসূচীত শতাধিক পিকেটিংকাৰীয়ে হাতে- হাতে ফেষ্টুন-বেনাৰ লৈ ‘বিজেপি হাটাও,কোচ-ৰাজবংশী বাচাও’, বিজেপি চৰকাৰ হায় হায়, হিমন্তবিশ্ব শৰ্মা গ’ বেক, নৰেন্দ্ৰ মোডী গ' বেক, আমাৰ দাবী নায্য দাবী, আমাক জনজাতিকৰণৰ মৰ্যাদা দিয়ক’ ইত্যাদি শ্লোগানেৰে সদৰ চহৰৰ আকাশ -বতাহ মুখৰিত কৰি তোলে ।
ইপিনে আক্ৰাছুৰ জিলা সমিতিৰ সভাপতি বিপিন বৰ্মন আৰু সম্পাদক দীপজ্যোতি ৰায়ে কাৰ্যসূচীৰ অন্তত জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ কেবাদফীয়া দাবী সম্বলিত এক স্মাৰকপত্ৰ প্ৰেৰণ কৰে ৷