Advertisment

নতুন বৰ্ষৰ আৰম্ভণিতে তীখাৰ চাহিদা ৮ৰ পৰা ৯ শতাংশ লৈ বৃদ্ধি...

দেশৰ উদ্যোগখণ্ডই বিশ্বৰ প্ৰেক্ষাপটত ফেৰ মৰাটো দেশবাসীৰ লগতে অৰ্থনৈতিক ক্ষেত্ৰৰ বাবে এক ভাল লগা খবৰ। এনে সময়তে দেশৰ তীখাখণ্ডৰ চাহিদা বৃদ্ধিয়ে অৰ্থনৈতিক দিশত সৃষ্টি কৰিছে আশাৰ সঞ্চাৰ।

author-image
Asomiya Pratidin
New Update
নতুন বৰ্ষৰ আৰম্ভণিতে তীখাৰ চাহিদা ৮ৰ পৰা ৯ শতাংশ লৈ বৃদ্ধি...

নতুন বৰ্ষৰ আৰম্ভণিতে তীখাৰ চাহিদা ৮ৰ পৰা ৯ শতাংশ লৈ বৃদ্ধি...

ডিজিটেল ডেস্ক : দেশৰ উদ্যোগখণ্ডই বিশ্বৰ প্ৰেক্ষাপটত ফেৰ মৰাটো দেশবাসীৰ লগতে অৰ্থনৈতিক ক্ষেত্ৰৰ বাবে এক ভাল লগা খবৰ। এনে সময়তে দেশৰ তীখাখণ্ডৰ চাহিদা বৃদ্ধিয়ে অৰ্থনৈতিক দিশত সৃষ্টি কৰিছে আশাৰ সঞ্চাৰ। ২০২৫ বৰ্ষৰ আৰম্ভণিতে দেশৰ তীখাণ্ডৰ চাহিদ ৮-৯ শতাংশ পৰ্যন্ত বৃদ্ধি হৈছে।– এই তথ্য প্ৰকাশ কৰিছে মাৰ্কেট ইনটেলিজেন্স এণ্ড এনালাইটিক্সৰ নামৰ সংস্থাটোৱে। 

Advertisment

সংস্থাটোৱে প্ৰস্তুত কৰা প্ৰতিবেদনত উল্লেখ কৰিছে যে ২০২৫ৰ বৰ্তমানলৈকে ভাৰতৰ তীখা উদ্যোগৰ ৮-৯ শতাংশ চাহিদা বৃদ্ধিয়ে অন্যান্য প্ৰধান তীখা প্ৰস্তুত কৰা উদ্যোগসমূহকো অৰ্থনৈতিকভাৱে সবল কৰিছে। ই অতিকৈ ভাল লগা খবৰ। এই ধাৰাবাহিকতা অক্ষুন্ন থাকিলে অনাগত সময়ত আৰু বেছি লাভদায়ক হ’ব ।

এই চাহিদা বৃদ্ধিৰ ফলত লাভৱান হ’ব দেশৰ অভিযান্ত্ৰিকখণ্ডৰ লগতে পেকেজিং, গৃহ নিৰ্মাণত ব্যৱহাৰ কৰা তীখা উদ্যোগ আদি।

India’s steel