নিয়মীয়া বিদ্যুৎ যোগানৰ দাবীত বিদ্যুৎ উপসংমণ্ডল বিষয়াক ঘেৰাও

অনিয়মীয়া বিদ্যুৎ যোগান, নিম্ন ভল্টেজ, ঘণ্টা ঘণ্টা সময় ধৰি বিদ্যুৎ কৰ্তনত অতিষ্ঠ হৈ পৰিছে বৃহত্তৰ জামুগুৰিবাসী ৷

author-image
Asomiya Pratidin
New Update
HVGYVHJHHU

নিয়মীয়া বিদ্যুৎ যোগানৰ দাবীত বিদ্যুৎ উপসংমণ্ডল বিষয়াক ঘেৰাও

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ অনিয়মীয়া বিদ্যুৎ যোগান, নিম্ন ভল্টেজ, ঘণ্টা ঘণ্টা সময় ধৰি বিদ্যুৎ কৰ্তনত অতিষ্ঠ হৈ পৰিছে বৃহত্তৰ জামুগুৰিবাসী ৷ শুকুৰবাৰে অতিষ্ঠিত ৰাইজে জামুগুৰি বিদ্যুৎ উপ সংমণ্ডল বিষয়াক ঘেৰাও কৰি নিয়মীয়া বিদ্যুৎ যোগানৰ লগতে উচ্চ ভল্টেজৰ দাবী তুলি জবাবদিহি কৰে ৷ 

Advertisment

এই প্ৰতিবাদকাৰী দলটোৰ নেতৃত্ব প্ৰদান কৰে নদুৱাৰ নাগৰিক মঞ্চই ৷ নদুৱাৰ নাগৰিক মঞ্চৰ সভাপতি সম্পাদক প্ৰমুক্ষে সজাতি দলটোৱে জামুগুৰি বিদ্যুৎ  উপসংমণ্ডল বিষয়া গৰাকীক ঘেৰাও কৰি নিয়মীয়া বিদ্যুৎ যোগানৰ দাবী তুলি এখন স্মাৰকপত্ৰও প্ৰদান কৰে ৷ কেইটোপালমান বৰষুণ পৰিলেই ঘণ্টা ঘণ্টা সময় ধৰি বিদ্যুৎ কৰ্তন কৰি থোৱাটো জামুগুৰি বিদ্যুৎ উপসংমণ্ডল কাৰ্যালয়টোৰ বাবে এক স্বাভাৱিক প্ৰক্ৰিয়া বুলি মন্তব্য কৰাৰ লগতে অঞ্চলবাসী ৰাইজক বিদ্যুৎ সেৱাৰ নামত হাৰাশাস্তি নকৰিবলৈ সকিয়াই দিয়ে নদুৱাৰ নাগৰিক মঞ্চৰ সভাপতি জগত শইকীয়া আৰু সম্পাদক জগত মিণ্টু নাথে ৷

জামুগুৰিহাট জামুগুৰি বিদ্যুৎ বিভাগ