পাছ-ফেইল প্ৰথা পুনৰ প্ৰৱৰ্তনৰ দাবী অল ইণ্ডিয়া ছেভ এড্যুকেশ্যন অসম সমিতিৰ...

চৰকাৰী বিদ্যালয়ত ১ম শ্ৰেণীৰ পৰা ৮ম শ্ৰেণীলৈকে পূৰ্বৰ দৰে প্ৰতিটো শ্ৰেণীত বছৰেকীয়া পৰীক্ষা আৰু পাছ-ফেইল প্ৰথা পুনৰ প্ৰৱৰ্তনৰ দাবী
all india save education committee
all india save education committee

ডিজিটেল ডেস্কঃ যোৱা ৭ অক্টোবৰত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত গ্ৰহন কৰা ৰাজ্যৰ চৰকাৰী বিদ্যালয়ত পঞ্চম আৰু অষ্টম শ্ৰেণীত বছৰেকীয়া পৰীক্ষা আৰু পাছ-ফেইল প্ৰথা পুনৰ প্ৰৱৰ্তনৰ সিদ্ধান্তৰ বিষয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অল ইণ্ডিয়া ছেভ এড্যুকেশ্যন সমিতিয়ে। অসম ৰাজ্যিক সমিতিৰ সভাপতি অধ্যাপক ত্ৰিদিব গগৈ আৰু সম্পাদক অধ্যাপক প্ৰদীপ মহাপাত্ৰই এক বিবৃতি যোগে কয় যে, "২০০৪ চনৰ পৰা প্ৰৱৰ্তিত সৰ্বশিক্ষা আঁচনি অনুসৰি চৰকাৰী বিদ্যালয়সমূহত প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে পাছ-ফেইল প্ৰথা উঠাই দি অটোমেটিক প্ৰমোচন ব্যৱস্থা প্ৰৱৰ্তন কৰা হয়।

প্ৰধানকৈ ইয়াৰ পৰিণাম হিচাপে চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ মানৰ চূড়ান্ত অৱনতি ঘটে। শিক্ষান্ত পৰীক্ষাৰ ফলাফল অভাৱনীয় ৰূপে বেয়াৰ পিনে গতি কৰে। ফলত এনে অৱস্থাত ন্যূনতম সামৰ্থ থকা সকলো অভিভাৱকে তেওঁলোকৰ সন্তানক পাছ-ফেইল থকা ব্যক্তিগত বিদ্যালয়সমূহলৈ লৈ যোৱাৰ পথ গ্ৰহন কৰাত চৰকাৰী বিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হ্ৰাস পাবলৈ ধৰে। আৰু ইয়াক অজুহাত হিচাপে লৈয়ে আজি চৰকাৰে একত্ৰীকৰণৰ নামত চৰকাৰী বিদ্যালয়সমূহ বন্ধ কৰি আছে।

অল ইণ্ডিয়া ছেভ এড্যুকেশ্যন সমিতিৰ পক্ষৰ পৰা আৰম্ভনিৰ পৰাই শিক্ষাৰ মান উন্নয়নৰ বাবে প্ৰথম আৰু প্ৰধান অপৰিহাৰ্য বিষয় হিচাপে বিবেচনা কৰি প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে পাছ-ফেইল প্ৰথা পুনৰ প্ৰৱৰ্তনৰ দাবী জনাই আহিছো।

ৰাজ্য চৰকাৰে পঞ্চম আৰু অষ্টম শ্ৰেণীত বছৰেকীয়া পৰীক্ষা আৰু পাছ-ফেল প্ৰথা পুনৰ প্ৰৱৰ্তনৰ সিদ্ধান্তৰ মাজেৰে চৰকাৰী বিদ্যালয়ৰ প্ৰাথমিক আৰু মাধ্যমিক স্তৰত পাছ-ফেইল প্ৰথা প্ৰৱৰ্তনৰ বাবে আমাৰ দাবীৰ ন্যায্যতাকেই স্বীকাৰ কৰিলে।

কিন্তু আমাৰ সুনিশ্চিত অভিমত এয়ে যে, মাথোন পঞ্চম শ্ৰেণী আৰু অষ্টম শ্ৰেণীত পাছ-ফেইল প্ৰথা প্ৰৱৰ্তনৰ দ্বাৰা শিক্ষাৰ মান উন্নয়নৰ ইপ্সিত ফল পোৱা নাযাব। বৰং ইয়াৰ দ্বাৰা চৰকাৰী বিদ্যালয়ত ড্ৰপ-আউট ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বৃদ্ধিহে পাব।

কিয়নো আগতে বিনা বাধাই নৱম শ্ৰেণীলৈ উত্তীৰ্ণ হ'ব পৰা ছাত্ৰজন প্ৰথম শ্ৰেণীৰ পৰা চতুৰ্থ শ্ৰেণীলৈ একো নিশিকাকৈ পঞ্চম শ্ৰেণীৰ পৰীক্ষাত অৱধাৰিতভাৱে ফেইল কৰি শিক্ষা জীৱন তাতেই সমাপ্ত কৰিবলৈ বাধ্য হ'ব।

সেয়েহে, চৰকাৰে চৰকাৰী বিদ্যালয়ত পৰীক্ষা আৰু পাছ-ফেইলৰ প্ৰয়োজনীতাক উপলব্ধি আৰু স্বীকাৰ কৰিছে যেতিয়া, তেনে ক্ষেত্ৰত এই প্ৰয়োজনীয়তাৰ পূৰ্ণ স্বীকৃতি হিচাপে চৰকাৰী বিদ্যালয়ত প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে পূৰ্বৰ দৰে প্ৰতিটো শ্ৰেণীত বছৰেকীয়া পৰীক্ষা আৰু পাছ-ফেল প্ৰথা পুনৰ প্ৰৱৰ্তনৰ বাবে অল ইণ্ডিয়া ছেভ এডুকেচন অসম সমিতিয়ে চৰকাৰৰ ওচৰত দাবী জনাও।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in