/asomiyapratidin/media/media_files/2024/11/29/CmkflQe5iHQNbjUbq4UO.jpg)
ডিজিটেল ডেস্ক : মানুহে নিজৰ চখ পূৰণৰ বাবে কোটি কোটি টকা খৰচ কৰাতো নতুন কথা নহয় ! প্ৰায় সংখ্যক ভাৰতীয় লোকে এখন বিয়াৰ নামতে খৰচ কৰে গোটেই জীৱনটোত অৰ্জন কৰা অধিকাংশ টকা। আনবোৰ অনুষ্ঠানৰ তুলনাত বিবাহ অনুষ্ঠানত ব্যয় কৰে সৰ্বাধিক ধন। সমীক্ষাতো প্ৰকাশ পাইছে এই তথ্য। বিশ্বৰ আনবোৰ দেশৰ তুলনাত ভাৰতৰ লোকে বিবাহ কাৰ্য সম্পন্ন কৰোতে কৰ্মজীৱনত আয় কৰা মুঠ ধনৰ এক তৃতীয়াংশ ধন ব্যয় কৰে।
শেহতীয়াকৈ গুজৰাটৰ এখন বিয়াত দেখা পোৱা গ'ল বিবাহৰ নামত কৰা চৰম বিলাসীতা। এই বিয়াখনৰ বাবে অনা হৈছিল ৬২খন হেলিকপ্টাৰ আৰু ৩০০ ৰো অধিক বিলাসী বাহন।
সেই হেলিকপ্টাৰ বাহনেৰে গ'ল বৰযাত্ৰী। উল্লেখযোগ্য যে এই বাহনসমূহ এটা ইভেণ্ট মেনেজণ্ট প্ৰতিষ্ঠানৰ জৰিয়তে ভাড়াত অনা হৈছিল। দিল্লী, মুম্বাই, জয়পুৰ আদিৰ দৰে আগশাৰীৰ মহানগৰৰ পৰা ভাড়াত অনা গাড়ীবোৰৰ ভিতৰত আছিল ৰেঞ্জ ৰ’ভাৰ, মাৰ্ছেডিজ, বেণ্টলি, জাগুৱাৰ, লেম্বৰঘিনি আদিৰ দৰে বিলাসী বাহন। ইয়াৰ বাবদ কেইবাশ কোটি টকা ব্যয় কৰিলে দৰাপক্ষই।
ইফালে ইভেণ্ট মেনেজমেণ্টৰ এগৰাকী কৰ্মকৰ্তাই জনোৱা অনুসৰি এই সমূহ বাহন আৰু হেলিকপ্টাৰৰ বাবে ডেৰ বছৰ পূৰ্বে বুক কৰিব লগা হৈছিল। তেওঁ লগতে জানিবলৈ দিয়ে যে বৰ্তমান এই ধৰণৰ বিলাসীতা চৰম পৰ্যায় অতিক্ৰম কৰিছে। টকা লৈ এতিয়া কোনেও চিন্তা নকৰে, লাগে মাথোঁ বিয়াৰ নামত এনে বিলাসী কাৰবাৰ। গুজৰাটৰ এই বিয়াখনে এতিয়া দেশজুৰি চৰ্চা লাভ কৰিছে।