/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/ec63bf7e-53e6-4db8-bae0-b8d1eb17a51c/BEBEJIYA_9.jpg)
BEBEJIYA
ডিজিটেল সংবাদ বেবেজীয়াঃ সাহিত্যৰথী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই নিজৰ জন্মস্থান চিনাক্ত কৰি ব্ৰহ্মপুত্ৰৰ দাঁতিকাষৰীয়া হাবিবৰঙাবাৰীৰ মৰনৈপাৰ আহতগুৰি চাপৰিত সজাই থৈ যোৱা গৰখীয়া দৌলঘৰটো আজিও পৰিতক্ত্য অৱস্থাত আছে ৷ সেই দৌল ঘৰটি ৰাজ্য চৰকাৰে ঐতিহ্যক্ষেত্ৰ হিচাপে সংৰক্ষণ কৰিব লাগে ৷
আজি মৰিগাঁও জিলাৰ হাবিবৰঙাবাৰী শঙ্কৰদেৱ শিশু নিকেতনত অনুষ্ঠিত হোৱা সাহিত্যৰথী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ ১৫৯ বছৰীয়া জন্মজয়ন্তী মুকলি সভাত এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে মৰনৈপাৰ আঁহতগুৰি চাপৰি বেজবৰুৱা জন্মস্থান সমিতিৰ মুখ্য উপদেষ্টা ভাৰত চন্দ্ৰ নাথৰ ৷ লগতে ভাষণ প্ৰসঙ্গত তেখেতে উল্লেখ কৰে যে, মৰনৈপাৰ আহঁতগুৰি চাপৰিত থকা বিশালকাৰ আঁহতগছ জোপাৰ ভিতৰত আজিও দৌলঘৰটো লুকাই আছে ৷
যিটো দৌল ঘৰৰ কথা বেজবৰুৱা দেৱৰ খুৰাক তথা বাঁহী কাকতৰ সম্পাদক মাধৱ চন্দ্ৰ বেজবৰুৱাই পদ্মনাথ গোঁহাই বৰুৱাই সম্পাদনা কৰা ১৯২৫ চনত প্ৰকাশিত “ জীৱন সংগ্ৰহ ” গ্ৰন্থত প্ৰকাশ কৰিছিল ৷ গতিকে সেই দৌল ঘৰটো ৰাজ্য চৰকাৰে ঐতিহ্যক্ষেত্ৰ হিচাপে সংৰক্ষণ কৰিব লাগে বুলি আহ্বান জনাই ৷
হাবিবৰঙাবাৰী নিকেতনত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা জন্মজয়ন্তীৰ কাৰ্যসূচী অনুসৰি ৰসৰাজ বেজবৰুৱাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে বিশিষ্ট সমাজসেৱক ধীৰেন চন্দ্ৰ নাথে ৷ বিশিষ্ট সমাজসেৱক বাবুল বৰাৰ সঞ্চালনাত অনুষ্ঠিত হোৱা মুকলি সভাখনিত উপস্থিত থাকি ভাষণ প্ৰদান কৰে বেজবৰুৱা জন্মস্থান সমিতিৰ সভাপতি অনিল ভুঞাই ৷
তুলন চন্দ্ৰ নাথে আঁত ধৰা এই জন্মজয়ন্তীৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰী সকলৰ মাজত মুকলি কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ লগতে এটি গীতমাতৰ অনুষ্ঠানো অনুষ্ঠিত হয় ।