স্বয়ম্ভু সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীক মাজুলীৰ সমাজ জীৱনৰ পৰা বহিষ্কাৰৰ হুংকাৰ...

author-image
Asomiya Pratidin
New Update
স্বয়ম্ভু সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীক মাজুলীৰ সমাজ জীৱনৰ পৰা বহিষ্কাৰৰ হুংকাৰ...

janardan dev goswami

ডিজিটেল ডেস্কঃ বিতৰ্কিত কথাবতৰাৰে সংবাদ শিৰোনাম দখল কৰি অহা সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীক মাজুলীত সামজাকিভাৱে বৰ্জনৰ হুংকাৰ। পূৰ্বৰে পৰা মাজুলীত খ্ৰীষ্টান ধৰ্মৰ আগ্ৰাসনৰ বিৰুদ্ধে মাত মাতি অহাৰ লগতে গীৰ্জা ভাঙাৰ হুংকাৰ দিয়া সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীয়ে শেহতীয়াকৈ মাজুলীত দুৰ্গা পূজা অনুষ্ঠিত কৰাৰ পোষকতা কৰিছিল।

Advertisment

সত্ৰাধিকাৰগৰাকীৰ এই মন্তব্যৰ পিছতে সামাজিক মাধ্যমত বিতৰ্কৰ সূচনা হৈছিল যদিও সেই বিতৰ্কৰ আঁতধৰি তেওঁ পুনৰ শংকৰদেৱ সম্পৰ্কে কৰিছিল আপত্তিজনক মন্তব্য। যাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে মাজুলীতো সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া।

ফলশ্ৰুতিত বিতৰ্কিত সত্ৰাধিকাৰগৰাকীৰ বিৰুদ্ধে মাজুলীৰ পৰাগ কলিতা নামৰ এজন যুৱকে আৰক্ষীৰ ওচৰত গোচৰ দাখিল কৰে। কেৱল সেয়াই নহয় মাজুলীৰ সত্ৰিয়া সমাজেও সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীৰ বিতৰ্কিত বক্তব্যত মৰ্মাহত হোৱাৰ লগতে সংবাদ মাধ্যমৰ জৰিয়তে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

মাজুলীৰ বিভিন্ন দল সংগঠনৰ লগতে বিশিষ্ট ব্যক্তিয়ে এই বিতৰ্কিত সত্ৰাধিকাৰজনক সমালোচনাৰ লক্ষ্য কৰি লৈছে। তাৰ মাজতে মাজুলীত আজি অনুষ্ঠিত হোৱা এখন সভাত জনাৰ্দন দেৱ গোস্বামীক ৰাজহুৱাকৈ ক্ষমা খুজিবলৈ দাবী উত্থাপন কৰে। অন্যথা তেওঁক সামাজিক ভাৱে বৰ্জনৰো হুংকাৰ দিয়ে।

অসম সত্ৰ মহাসভাৰ কাৰ্যকৰী সভাপতি তথা গড়মূৰ সৰু সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী হৰিদেৱ গোস্বামীৰ সভাপতিত্বত আজি অনুষ্ঠিত হোৱা এখন ৰাজহুৱা সভাত মাজুলীৰ বিভিন্ন দল, সংগঠনৰ প্ৰতিনিধি উপস্থিত থকাৰ লগতে মাজুলীৰ সত্ৰসমূহৰ প্ৰতিনিধি আৰু বভিন্ন গাঁৱৰ লোক উপস্থিত থাকে। এই সভাতেই দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰগৰাকীয়ে মন্তব্য কৰে যে, জনাৰ্দন দেৱ গোস্বামী কোনো সত্ৰৰে সত্ৰাধিকাৰ নহয়। কেৱল চৰকাৰৰ পৰা সাহায্য আৰু সুবিধা লাভৰ বাবেই নিজকে সত্ৰাধিকাৰ হিচাপে জাহিৰ কৰি থাকে বুলিও স্পষ্ট কৰি দিয়ে।

ইফালে জনাৰ্দন দেৱ গোস্বামীয়ে হিন্দু মহাসংঘৰ সভাপতি হিচাপে তথা তৃতীয় শক্তিৰ পৃষ্ঠপোষকাতাতে এনে উদ্ভত আৰু বিতৰ্কিত মন্তব্য কৰিবলৈ সাহস কৰিছে বুলিও সভাত উপস্থিত একাংশ লোকে প্ৰকাশ কৰে। সভাত মাজুলীৰ সম্প্ৰিতী আৰু একতাৰ এনাজৰী শিথিল কৰাৰ বাবে জনাৰ্দন দেৱ গোস্বামীয়ে চেষ্টা অব্যাহত ৰখাৰ প্ৰসংগ উল্লেখৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱকো অপমান কৰিবলৈ দুঃসাহস কৰাৰ কাৰ্যক গৰিহণা দিয়ে।

ইফালে এই সভাতেই জনাৰ্দনন দেৱ গোস্বামীক আগন্তুক ২৪ ঘণ্টাৰ ভিতৰত ক্ষমা খুজিবলৈও দাবী জনাইছে। অন্যথা অসম সত্ৰ মহাসভাই আইনৰ জৰিয়তে ব্যৱস্থা গ্ৰহণ কৰিব বুলিও স্পষ্টকৈ প্ৰকাশ কৰাৰ লগতে সভাই তেওঁক আগন্তুক সময়ত এনে বিতৰ্কিত মন্তব্য নকৰিবলৈও সকিয়নি প্ৰদান কৰিছে।

এই সভাতেই মাজুলীৰ সত্ৰ আৰু গ্ৰাম্য সমাজৰ পৰা জনাৰ্দন দেৱ গোস্বামীক বৰ্জন কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰি চামগুৰি সত্ৰৰ উদ্যোগত অনুষ্ঠিত হ'বলগীয়া অংকীয়া ভাওনা সমাৰোহৰ সকলো বিষয়বাবৰ পৰা জনাৰ্দন দেৱ গোস্বামীক অব্যাহতি দিয়া হ'ব বুলিও ঘোষণা কৰে অংকীয়া ভাওনা উদযাপন সমিতিৰ সভাপতি তাৰা মহন্তই।

janardan dev goswami majuli